ETV Bharat / bharat

‘ভোকেল ফৰ লোকেল’ দেশৰ স্বাধীনতা সংগ্ৰামী সকলৰ বাবে শ্ৰেষ্ঠ শ্ৰদ্ধাঞ্জলি: মোদী

author img

By

Published : Mar 12, 2021, 11:59 AM IST

Updated : Mar 12, 2021, 1:14 PM IST

শুকুৰবাৰে আহমেদাবাদত ‘আজাদী কা অমৃত’ মহোৎসৱৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ মহোৎসৱ খনিৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘ভেকোল ফৰ লোকেল’ হ’ল জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে অন্যান্য স্বাধীনতা সংগ্ৰামী সকলৰ বাবে শ্ৰেষ্ঠ শ্ৰদ্ধাঞ্জলি হ’ব ৷

'Vocal for Local' wonderful tribute to Mahatma Gandhi, freedom fighters: PM Modi
‘ভেকোল ফৰ লোকেল’ দেশৰ স্বাধীনতা সংগ্ৰামী সকলৰ বাবে শ্ৰেষ্ঠ শ্ৰদ্ধাঞ্জলি: মোদী

নিউজ ডেস্ক, 12 মাৰ্চ: শুকুৰবাৰে আহমেদাবাদত ‘আজাদী কা অমৃত’ মহোৎসৱৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ মহোৎসৱ খনিৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘ভোকেল ফৰ লোকেল’ হ’ল জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে অন্যান্য স্বাধীনতা সংগ্ৰামী সকলৰ বাবে শ্ৰেষ্ঠ শ্ৰদ্ধাঞ্জলি হ’ব ৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, "আজি সৱৰমতী আশ্ৰমৰ পৰা #AmritMahotsav শুভাৰম্ভণি কৰা হৈছে, য’ত পৰা দাণ্ডী যাত্ৰা আৰম্ভ হ’ব ৷ ভাৰতৰ জনগণৰ মাজত গৌৰৱ আৰু স্বাৱলম্বীতা সৃষ্টিৰ ক্ষেত্ৰত এই যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷ ‘ভেকোল ফৰ লোকেল’ বাপুৰ লগতে অন্য স্বাধীনতা সংগ্ৰামী সকলৰ বাবেও শ্ৰেষ্ঠ শ্ৰদ্ধাঞ্জলি হ’ব ৷ যিকোনো স্থানীয় সামগ্ৰী ক্ৰয় কৰি #VocalForLocal নামেৰে সামাজিক মাধ্যমত ছবি শ্বেয়াৰ কৰক ৷ সৱৰমতী আশ্ৰমৰ মগন নিবাসত এটি যঁতৰ স্থাপন কৰা হ’ব ৷ তেও প্ৰতিটো টুইটত উল্লেখ কৰা অনুসৰি এতিয়াৰে পৰা আত্মনিৰ্ভৰশীলতাৰে ঘূৰিব এই যঁতৰটো আৰু ই জনসাধাৰণৰ আন্দোলনৰ এক প্ৰভাৱক হিচাপে থিয় দিব ৷"

উল্লেখ্য যে, ভাৰতৰ স্বাধীনতাৰ 75 সংখ্য়ক বাৰ্ষিকী হিচাপে এই ‘আজাদী কা অমৃত’ মহোৎসৱৰ শুভাৰম্ভ কৰিছে ভাৰত চৰকাৰে ৷ এই মহোৎসৱৰ লগত সংগতি ৰাখি সৱৰমতী আশ্ৰমৰ পৰা এক পদযাত্ৰাও আৰম্ভ কৰা হ’ব ৷

লগতে পঢ়ক-বিশ্ব বৃক্ক দিৱস: বৃক্কৰ স্বস্থ্য সন্দৰ্ভত কিছু কথা...

Last Updated : Mar 12, 2021, 1:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.