ETV Bharat / bharat

বিবাহৰ পাঁচ মাহৰ পিছত পত্নীক কৰিলে কুমাৰীত্ব পৰীক্ষা - বিবাহৰ পাঁচ মাহৰ পিছত কুমাৰীত্ব পৰীক্ষা

দেশৰ কিছু প্ৰান্তত এতিয়াও বিবাহৰ পিছত কুমাৰীত্ব পৰীক্ষাৰ কুপ্ৰথা প্ৰচলিত হৈ আছে ৷ এইবাৰ এক অনুৰূপ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ ভিলাৱাৰাৰ খাপ অঞ্চলত ৷ বিবাহৰ পাঁচ মাহৰ পিছতো এগৰাকী মহিলাৰ কুমাৰীত্ব পৰীক্ষা কৰোৱালে নিজ স্বামী আৰু শহুৰেকে (Virginity test of bride) ৷

Virginity test of bride
Virginity test of bride
author img

By

Published : Sep 6, 2022, 9:12 PM IST

নেশ্যনেল ডেস্ক, 6 ছেপ্টেম্বৰ: জীৱশ্ৰেষ্ঠ মানুহৰ চৰম বিড়ম্বনা ৷ মানুহৰূপী সাজ পিন্ধি উদঙাই দিলে দানৱৰ স্বৰূপ ৷ একবিংশ শতিকাৰ আধুনিক যুগতো একাংশ লোকৰ সলনি হোৱা নাই আওপুৰণি চিন্তাধাৰা ৷ উন্নয়নৰ শিখৰত দেশ যিমানেই আগবাঢ়িছে সিমানেই একাংশ লোকৰ মানসিকতা সংকীৰ্ণ হৈ অহা পৰিলক্ষিত হৈছে ৷

এগৰাকী নাৰীৰ সন্মানক কেনেদৰে ভৰিৰে মোহাৰি পেলাব পাৰে এইচাম লোকে ! সামাজিক কু-প্ৰথাৰ বাবেই এসময়ত নিজৰ সতীত্বৰ প্ৰমাণ দিবলৈ সীতাই অগ্নিপৰীক্ষা দিব লগা হৈছিল ৷ দেশৰ কিছু প্ৰান্তত এতিয়াও বিবাহৰ পিছত কুমাৰীত্ব পৰীক্ষাৰ কু-প্ৰথা প্ৰচলিত হৈ আছে ৷ এতিয়াও এনে কিছু অঞ্চল আছে য’ত বিয়াৰ পূৰ্বে এগৰাকী নাৰীয়ে নিজৰ কুমাৰীত্বৰ প্ৰমাণ দিব লাগে ৷ এইবাৰ এক অনুৰূপ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ ভিলাৱাৰাৰ (Bhilwada in Rajasthan) খাপ অঞ্চলত ৷ এই ঘটনা শুনিলে আপোনাৰো চকু কঁপালত উঠিব ৷ বিবাহৰ পাঁচ মাহৰ পিছতো এগৰাকী মহিলাৰ কুমাৰীত্ব পৰীক্ষা কৰোৱালে নিজ স্বামী আৰু শহুৰেকে (Virginity test of bride)৷

ঘটনা অনুসৰি সুভাষ নগৰৰ এগৰাকী মহিলাই যোৱা 5 মাহৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল ৷ তাৰ পিছতেই স্বামীৰ পৰিয়ালে তেওঁক কুমাৰীত্ব পৰীক্ষা কৰিবলৈ জোৰ জবৰদস্তি কৰিছিল ৷ মহিলাগৰাকীয়ে এই কথাত মান্তি নোহোৱাত মহিলাগৰাকীক মানসিকভাৱে অশান্তি কৰিছিল স্বামীয়ে ৷

উপায়হীন হৈ মহিলাগৰাকীয়ে তেওঁৰ কুমাৰীত্ব পৰীক্ষা কৰে ৷ এই পৰীক্ষাৰ ফলাফলত ওলাই পৰে যে মহিলাগৰাকীক বিবাহৰ পূৰ্বে নিকটৱৰ্তী এগৰাকী যুৱকে ধৰ্ষণ কৰিছিল ৷ এই ধৰ্ষণকাণ্ড সন্দৰ্ভত মহিলাগৰাকীয়ে সুভাষ নগৰৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷

স্বামী আৰু স্বামীৰ পৰিয়ালে এই কথা গম পোৱাৰ পিছতে এখন খাপ পঞ্চায়তৰ আহ্বান জনায় ৷ এই পঞ্চায়তত মহিলাগৰাকীৰ বিৰুদ্ধে নীতি অনুসৰি 10 লাখ টকা জৰিমনা আৰোপ কৰা হয় ৷ কিন্তু ইমান মোটা অংকৰ ধন পৰিশোধ কৰিবলৈ অপাৰগ হৈছিল মহিলাগৰাকী ৷

ফলত মহিলাগৰাকীয়ে পৰিয়ালৰ লোকৰ লগত লগ হৈ পঞ্চায়তৰ লগতে স্বামী আৰু স্বামী পৰিয়ালৰ বিৰুদ্ধে বাগোৰ আৰক্ষী থানাত গোচৰ গোচৰ ৰুজু কৰিছিল ৷ এই গোচৰৰ ভিত্তিত চিঅ' মণ্ডল আৰু তদন্তকাৰী বিষয়া সুৰেন্দ্ৰ কুমাৰে ঘটনাৰ সন্দৰ্ভত অনুসন্ধান কৰি গাওঁ পঞ্চায়ত আৰু স্বামীৰ পৰিয়ালৰ ওপৰত তদন্ত আৰম্ভ কৰে ৷ এই অনুসন্ধানত ওলাই পৰে যে বিবাহিত মহিলাগৰাকীয়ক এই ঘটনাৰ বাবে স্বামীৰ গৃহত আশ্ৰয় দিয়া হোৱা নাই ৷ তেওঁক যোৱা পাঁচ মাহ ধৰি জৰিমনাৰ ধনৰ বাবে অত্যাচাৰ কৰা হৈছে ।

লগতে পঢ়ক: মৰ্গত মাতৃৰ মৃতদেহ: চিকিৎসালয়ৰ পৰা সন্ধানহীন দুই শিশু সন্তান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.