ETV Bharat / bharat

মণিপুৰৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত হিংসাত্মক ঘটনা: গুলীয়াই হত্যা এজনক

author img

By

Published : Mar 5, 2022, 3:45 PM IST

Updated : Mar 5, 2022, 4:34 PM IST

শনিবাৰে, মণিপুৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহন আৰম্ভ হয় ৷ দ্বিতীয় পৰ্যায়ৰ এই নিৰ্বাচনত ব্যাপকভাৱে হিংসাত্মক ঘটনা সংঘটিত হৈছে (violence mars second phase of manipur election) ৷ ইতিমধ্যে এজন লোকক নিৰ্বাচনী হিংসাৰ ঘটনাত গুলীয়াই হত্যা কৰা হৈছে ( one shot dead in second phase of manipur election) ৷

violence-mars-second-phase-of-manipur-election-one-shot-dead
মণিপুৰৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত হিংসাত্মক ঘটনা: গুলীয়াই হত্যা এজনক

ইম্ফল, ৫ মাৰ্চ : শনিবাৰে মণিপুৰত ২২ টা সমষ্টিৰ বাবে অনুস্থিত হোৱা বিধান সভা নিৰ্বাচনত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয় (violnce mars second phase of manipur election) । শনিবাৰে পুৱাই কিছু সশস্ত্ৰ উগ্ৰপন্থীয়ে ৱাংজিং টেন্থা বিধান সভাসমষ্টিৰ অন্তৰ্গত ৱাংজিং ৱাংখেই অঞ্চলত এল অমুবা সিং নামৰ এজন লোকক গুলীয়াই হত্যা কৰে (one shot dead in second phase of manipur election) । পুলিচৰ সূত্ৰই দাবী কৰা মতে, অমুবাৰ পেটত তিনিজাই গুলী কৰা হয় ।

ঘটনাৰ পাছতেই যদিও অমুবাক ইম্ফলৰ ৰাঝ মেডিচিতি হাস্পাতাললৈ লৈ যোৱা হয়, চিকিৎসালয়তে তেওঁক মৃত বুলি ঘোষণা কৰা হয় । আন এক অনুৰূপ ঘটনাত শুকুৰবাৰে মাজনিশা কিছু অজ্ঞাত লোকে ৱাংজিং টেন্থা বিধান সভাসমষ্টিত ৰাকেশ নাওৰেম নামৰ এজন লোকৰ ঘৰ জ্বলাই দিয়ে (Election violence in manipur) ।

উল্লেখ্য যে, মণিপুৰ বিধানসভা নিৰ্বাচনৰ শনিবাৰে দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহন আৰম্ভ হয় ৷ ছয়খন জিলাৰ মুঠ ২২ টা সমষ্টিত পুৱা ৭ বজাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ । মণিপুৰৰ মুঠ 60 টা বিধানসভা সমষ্টিৰ ভিতৰত ৩৮ টা বিধানসভা সমষ্টিত বিগত 28 ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ।

প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ আছিল 78.30 শতাংশ । লক্ষ্যণীয়ভাৱে এইবেলিৰ মণিপুৰ বিধানসভা নিৰ্বাচনত গেৰুৱা দল বিজেপিয়ে এককভাৱে নিৰ্বাচনী যুঁজত নামি 60 খন আসনতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷

লগতে পঢ়ক : Manipur election 2022 : মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ'ক্ৰাম ইববি সিঙে সাব্যস্ত কৰিলে ভোটাধিকাৰ

Last Updated : Mar 5, 2022, 4:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.