ETV Bharat / bharat

অদ্ভূত : ডিঙিত বৃশ্চিক ওলোমাই হোলী উদযাপন

author img

By

Published : Mar 20, 2022, 1:02 PM IST

আপুনি কেনেদৰে হোলী উদযাপন কৰি ভালপায় ? ৰঙৰ সৈতে খেলি নে আন কোনো ধৰণে ? ভাৰতৰে এখন ৰাজ্যত হোলী খেলৰ আজৱ পৰম্পৰাৰ কথা পোহৰলৈ আহিছে ৷ শুনিলে আচৰিত হৈ পৰিব আপুনিও ৷ সবিশেষ জানিবলৈ চাওক এই প্ৰতিবেদন ৷

Villagers hang scorpions around their necks at a temple in UP
ডিঙিত বৃশ্চিক ৰাখি পূজা-অৰ্চনা

নেশ্যনেল ডেস্ক, 20 মাৰ্চ : Incredible India অৰ্থাৎ অতুলনীয় ভাৰত ৷ ভাৰতৰ ভিন্ন স্থান ভেদে ভিন্ন নীতি-নিয়ম ৷ ভিন্ন ধৰ্মীয় পৰম্পৰাও ৷ উত্তৰ প্ৰদেশত সংঘটিত হৈছে তেনে এক ঘটনা ৷ পৰম্পৰা অনুসৰি, হোলীকা দাহনৰ পিছত গাঁৱখনৰ বাসিন্দাসকলে ঢোলক আদি বজাই গীত-নৃত্য কৰিবলৈ ধৰে ৷

এনে কৰাৰ ফলত গাঁতত সোমাই থকা বৃশ্চিকসমূহ ওলাই আহে আৰু গাঁওবাসীয়ে সেইসমূহ ডিঙিত মেৰিয়াই (Villagers hang scorpions around their necks) লয় ৷ আশ্চৰ্যজনক কথা এয়ে যে, এই বৃশ্চিকসমূহে কোনো লোককে ক্ষতি নকৰে ৷ যাৰ বাবে এই পৰম্পৰা শতিকাজুৰি চলি আহিছে ৷ বৃশ্চিকসমূহৰ সৈতে গাঁওবাসীয়ে ধুমধামেৰে হোলী উদযাপন কৰে ৷

হোলী উদযাপনে সকলোৰে মাজত সম্প্ৰীতি আৰু ঐক্যৰ বান্ধ মজবুত কৰাৰ লগতে আনন্দৰ বাৰ্তা কঢ়িয়ায় ৷ কিন্তু উত্তৰ প্ৰদেশৰ সৌথনা গাঁৱৰ তাখা এলেকাৰ পেঞ্চন বাবাৰ মন্দিৰ (Pension Baba Temple Etawah) ত সংঘটিত এনে আজৱ ঘটনাই দৃষ্টি আকৰ্ষণ কৰিছে প্ৰত্যেকৰে ৷

গাঁওবাসীয়ে বহুবাৰ প্ৰশাসনক অযোধ্যাৰ ৰাম মন্দিৰৰ আৰ্হিত পেঞ্চন বাবা মন্দিৰ নিৰ্মাণ কৰাৰ বাবে দাবী উত্থাপন কৰিছিল ৷ গাঁওবাসীৰ মতে, সমগ্ৰ দেশতে বহুতো মন্দিৰ নিৰ্মাণ কৰা হৈছে ৷ কিন্তু চৰকাৰে গ্ৰাম্য অঞ্চলত থকা মন্দিৰবোৰৰ পুনৰ নিৰ্মাণ আৰু নিৰ্মাণৰ বাবে কোনো আঁচনি আজিলৈকে গ্ৰহণ কৰা নাই ৷

লগতে চাওক: লালুৰ বাবে বিষাদেৰে ভৰা হ'ল ৰঙৰ উৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.