ETV Bharat / bharat

Disaster in Uttarakhand : ধাৰাসাৰ বৰষুণত বিধ্বস্ত পথ; গৰ্ভৱতী মহিলাক কান্ধত তুলি নিলে চিকিৎসালয়লৈ

author img

By

Published : Aug 18, 2023, 4:45 PM IST

বৰ্তমান উত্তৰাখণ্ড প্ৰকৃতিৰ তাণ্ডৱৰ সন্মুখীন হৈ আছে । ধাৰাসাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ দৰে ঘটনাৰ পিছত উত্তৰাখণ্ডৰ স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত হৈছে । পৰ্বতবোৰত এক দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে । যাৰ বাবে উত্তৰাখণ্ডৰ লোকসকলে প্ৰতিদিনে সংগ্ৰাম কৰি আছে । চামোলি জিলাত বিধ্বস্ত পথৰ বাবে গাঁওবাসীয়ে এগৰাকী গৰ্ভৱতী মহিলাক কান্ধত তুলি লৈ বিপজ্জনক পথ অতিক্ৰম কৰি চিকিৎসালয়লৈ লৈ যায় ।

Disaster in Uttarakhand
Disaster in Uttarakhand

নিউজ ডেস্ক, ১৮ আগষ্ট : ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱত এতিয়া বিভীষিকাময় পৰিস্থিতি উত্তৰাখণ্ডত । প্ৰকৃতিৰ ধ্বংসলীলাৰ সন্মুখত সকলোৱে অসহায় অনুভৱ কৰিছে । সকলোতে কেৱল ধ্বংসৰ দৃশ্য । চামোলি জিলাৰ থাৰালীৰ পৰা প্ৰকৃতিৰ এনে কিছু ছবি প্ৰকাশ পাইছে । দুৰ্যোগৰ ফলত জিলাখনত পথবোৰ বিধ্বস্ত হৈ পৰিছে । যাৰ বাবে এতিয়া গাঁওবাসীয়ে বিপজ্জনকভাৱে পথবোৰ অতিক্ৰম কৰিবলগা হৈছে ।

উল্লেখ্য, ১৩ আগষ্টত ব্ৰহ্মতালৰ ওপৰৰ অঞ্চলৰ কোনোবা ঠাইত ডাৱৰ বিস্ফোৰণৰ ফলত নদ-নলা পানীৰে উপচি পৰে । দেৱাল ৱান পথটোৰ ১০০ মিটাৰৰো অধিক পানীৰ তীব্ৰ সোঁতত সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে । এই পথটো নিশ্চিহ্ন হোৱাৰ পিছত গাঁওবাসী আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হয় । পথটো ছিগি যোৱাৰ পিছত প্ৰশাসনে তৎপৰতা প্ৰদৰ্শন কৰে আৰু জিলা উপায়ুক্ত থাৰালী ৰবীন্দ্ৰ জুৱাথাৰ নেতৃত্বত জিলা দুৰ্যোগ উদ্ধাৰকাৰী দলে লোহাৰ খুঁটা স্থাপন কৰি গাঁওবাসীৰ চলাচলৰ বাবে বিকল্প ব্যৱস্থা কৰি দিয়ে, যাতে ৱানৰ দৰে আন গাঁওবোৰত খাদ্য সংকটৰ উদ্ভৱ নহয় ।

কেৱল সেয়াই নহয়, উক্ত ঠাইখনৰ আন এটা শিহৰণকাৰী ভিডিঅ' পোহৰলৈ আহিছে । তাত দেখা গৈছে যে কিছু লোকে এগৰাকী গৰ্ভৱতী মহিলাক এই লোহাৰ খুঁটাটোৰ সহায়ত ৰাস্তাৰ সিটো মূৰলৈ লৈ গৈছে । ৱানৰ জিলা পঞ্চায়ত সদস্য আৰু লাতু ধাম মন্দিৰ সমিতিৰ সভাপতি কৃষ্ণ বিষ্টে কয় যে গাঁওবাসীয়ে নিজৰ জীৱনো বিপদাপন্ন কৰি মহিলাগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় ।

এনে ছবি আৰু ভিডিঅ'বোৰ প্ৰত্যক্ষ কৰাৰ পিছত অনুমান কৰিব পাৰি যে প্ৰকৃতিৰ ধ্বংসলীলাৰ সন্মুখত অঞ্চলটোৰ লোকসকল কেনেদৰে অসহায় হৈ পৰিছে । আনহাতে, তেওঁলোকে দৈনন্দিন কামৰ বাবে কেনেদৰে সংগ্ৰাম কৰি আছে সেয়াও সহজে অনুমেয় ।

লগতে পঢ়ক :NIA raid : NIAৰ অভিযানৰ মাজতে জম্মু-কাশ্মীৰত গ্ৰেপ্তাৰ দুই সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.