ETV Bharat / bharat

বিজয় দিৱস; ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক বিজয়ৰ স্মৃতি - Mukti Bahini of Bangladesh

Vijay Diwas : ১৬ ডিচেম্বৰত সমগ্ৰ ভাৰত আৰু বাংলাদেশত পালন কৰা বিজয় দিৱস ভাৰতীয় সেনাৰ সাহসিকতা আৰু পৰাক্ৰম প্ৰদৰ্শনৰ এক প্ৰমাণ হিচাপে থিয় হৈ আছে । যাৰ ফলত ১৯৭১ চনৰ ১৬ ডিচেম্বৰৰ গুৰুত্বপূৰ্ণ মুহূৰ্তত ৯৩,০০০ পাকিস্তানী সৈন্যৰ নেতৃত্ব দিয়া পাকিস্তানৰ জেনেৰেল আমিৰ আব্দুল্লা খান নিয়াজীয়ে ভাৰতীয় সেনা আৰু বাংলাদেশৰ মুক্তি বাহিনীৰ যুটীয়া বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰে ।

Vijay Diwas celebration
বিজয় দিৱস; ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক বিজয়ৰ স্মৃতি
author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 11:56 AM IST

নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : প্ৰতিবছৰে ১৬ ডিচেম্বৰত পালন কৰা বিজয় দিৱসৰ যথেষ্ট গুৰুত্ব আছে । কিয়নো এই দিৱসে ১৯৭১ চনৰ যুদ্ধত পাকিস্তানৰ ওপৰত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বিজয় চিহ্নিত কৰে । ইয়াৰ ফলতেই বাংলাদেশৰ জন্ম হয় । আনহাতে, এই দিনটো দেশৰ সুৰক্ষাৰ বাবে চূড়ান্ত ত্যাগ কৰা সৈনিকসকলক সন্মান জনোৱাৰ বাবে উৎসৰ্গিত এটা দিন ।

ইতিহাস

বিজয় দিৱসৰ ঐতিহাসিক প্ৰেক্ষাপট ১৯৭১ চনৰ ৩ ডিচেম্বৰত আৰম্ভ হোৱা ১৩ দিনীয়া সংঘৰ্ষত নিহিত আছে । যাৰ ফলত ভাৰতে বিজয়লাভ কৰে আৰু এসময়ত পূব পাকিস্তান হিচাপে থকা বাংলাদেশ গঠন হয় ।

পটভূমি

ভাৰতৰ পৰা বিভাজনৰ পিছত পাকিস্তান ভৌগোলিকভাৱে পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানত বিভক্ত হৈছিল । পিছলৈ এই পূব পাকিস্তান বৰ্তমানৰ বাংলাদেশ হৈ পৰে । ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক উত্তেজনাৰ ফলত আঞ্চলিক ভাষিক আৰু সাংস্কৃতিক বৈষম্যৰ ফলত এক বিভক্ত ৰাষ্ট্ৰৰ সৃষ্টি হয় । ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধ এক টাৰ্ণিং পইণ্ট আছিল, যাৰ ফলত ১৯৭১ চনৰ ১৬ ডিচেম্বৰত পাকিস্তানী সেনাই ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু তাৰ পিছত বাংলাদেশ গঠন কৰে ।

ভাৰতৰ কূটনীতি

ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে যুদ্ধৰ সময়ত ব্যতিক্ৰমী কূটনীতি প্ৰদৰ্শন কৰিছিল । যাৰ ফলত পাকিস্তান প্ৰতিষ্ঠা হোৱাৰ ২৫ বছৰৰ ভিতৰত বাংলাদেশৰ সৃষ্টি হৈছিল । ২০২৩ চনত এই যুদ্ধৰ ৫২ সংখ্যক বাৰ্ষিকীত যুদ্ধত ইন্দিৰা গান্ধী আৰু সেনা প্ৰধান জেনেৰেল ছেম মানেকশ্বৰ নেতৃত্বত ভাৰতৰ বিজয়ৰ সাক্ষ্য বহন কৰি আছে ।

পশ্চিম আৰু পূব পাকিস্তান

পূব পাকিস্তানৰ প্ৰতি পশ্চিম পাকিস্তানৰ দমনমূলক নীতিৰ ফলত এই সংঘৰ্ষৰ উদ্ভৱ হয় । যাৰ ফলত ব্যাপক মানৱীয় ক্ষতি হয় আৰু পৰৱৰ্তী সময়ত ১০ মিলিয়নতকৈও অধিক শৰণাৰ্থীয়ে ভাৰতলৈ পলায়ন কৰে । সকলো কূটনৈতিক বিকল্প শেষ হোৱাত, ১৯৭১ চনৰ ৩ ডিচেম্বৰত ভাৰতীয় বিমান ঘাটিসমূহত পাকিস্তানী বিমান আক্ৰমণৰ লগে লগে ভাৰতে সামৰিক পদক্ষেপত লিপ্ত হয় । ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে মাত্ৰ ১৪ দিনৰ ভিতৰত পাকিস্তানী সেনাক পৰাস্ত কৰি এক উজ্জ্বল ৰণনীতি সম্পাদন কৰে ।

ভাৰতৰ ওচৰত পাকিস্তানৰ আত্মসমৰ্পণ

১৯৭১ চনৰ ১৬ ডিচেম্বৰত প্ৰায় ৯৩,০০০ পাকিস্তানী সৈন্যই ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰে । যাৰ ফলত বাংলাদেশৰ আত্মপ্ৰকাশ ঘটে । এই ঐতিহাসিক ঘটনাটোৱে যুদ্ধৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এইটো চিহ্নিত কৰিছিল যে ইমান বৃহৎ সংখ্যক সৈন্যই পৰাজয় স্বীকাৰ কৰিছিল । আনহাতে, এই আত্মসমৰ্পণৰ সময়ত পাকিস্তানে তেওঁলোকৰ নৌসেনা আৰু বায়ুসেনাৰ এক গুৰুত্বপূৰ্ণ অংশ হেৰুৱাইছিল ।

দুয়ো পক্ষৰে মানৱীয় ক্ষতি

ভাৰতীয় সেনাই পশ্চিম দিশত ১৫,০০০ বৰ্গকিলোমিটাৰ পাকিস্তানী ভূখণ্ড দখল কৰে, যাৰ ফলত পাকিস্তানত য়াহিয়া খান প্ৰশাসনৰ পতন হয় আৰু জুলফিকাৰ আলী ভুট্টোক ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিয়া হয় । এই যুদ্ধই দুয়ো পক্ষকে প্ৰভাৱ পেলাইছিল । যুদ্ধৰ ফলত ২,৯০৮ জন ভাৰতীয় সেনা নিহত হয় আৰু ১,২০০-ৰো অধিক আহত হয় । এইসকল শ্বহীদ সেনানীক ভাৰতে যথোপযুক্ত সন্মান পিৰদৰ্শন কৰে । ইয়াৰে ভিতৰত চাৰিগৰাকীক পৰমবীৰ চক্ৰ, ৭৬ গৰাকীক মহাবীৰ চক্ৰ আৰু ৫১৩ গৰাকীক বীৰ চক্ৰকে ধৰি অসংখ্য বিষয়া আৰু সেনাক বীৰত্ব বঁটাৰে সন্মানিত কৰা হয় ।

যুদ্ধৰ ফলাফলৰ আঁৰৰ মুখ্য ব্যক্তিসকল

ইন্দিৰা গান্ধী : ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে পাকিস্তানক দুটুকুৰা কৰি বাংলাদেশ প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

আৰ এন কাও : ভাৰতৰ বাহ্যিক চোৰাংচোৱা সংস্থা ৰ'ৰ মুৰব্বী আৰ এন কাৱে যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু 'বাংলাদেশৰ স্থপতিবিদ' উপাধি লাভ কৰিছিল ।

মুজিবুৰ ৰহমান : শ্বেখ মুজিবুৰ ৰহমান বাংলাদেশ মুক্তি আন্দোলনৰ আঁৰৰ এক গুৰুত্বপূৰ্ণ ব্যক্তি আৰু পূব পাকিস্তান মুছলিম ছাত্ৰ লীগৰ প্ৰতিষ্ঠাপক যুটীয়া সম্পাদক আছিল ।

য়াহিয়া খান : পাকিস্তানৰ ৰাষ্ট্ৰপতি য়াহিয়া খানৰ কাৰ্যকলাপে গৃহযুদ্ধৰ সৃষ্টি কৰিছিল আৰু তাৰ পৰা গৈ অৱশেষত বাংলাদেশৰ সৃষ্টি হৈছিল । তেওঁৰ পৰাজয়ৰ ফলস্বৰূপে তেওঁ পদত্যাগ কৰে ।

১৯৭১ চনৰ যুদ্ধৰ সময়ত সেনা প্ৰধান চেম মানেকশ্ব : চেম মানেকশ্বয়ে ভাৰতৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু ফিল্ড মাৰ্শ্বেল পদবী লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় সেনা বিষয়া হৈছিল । তেওঁক যুদ্ধত ভাৰতৰ বিজয়ৰ স্থপতি হিচাপে ব্যাপকভাৱে স্বীকৃতি দিয়া হয় । 'চেম বাহাদুৰ' শীৰ্ষক তেওঁৰ জীৱন ভিত্তিক এখন চলচ্চিত্ৰ চিত্ৰায়ন কৰা হৈছে । ছবিখনত বিকি কৌশলে মানেকশ্বৰ চৰিত্ৰত অভিনয় কৰিছে আৰু শেহতীয়াভাৱে মুক্তিলাভ কৰিছে ।

১৯৭১ চনৰ যুদ্ধত যুঁজ দিয়া সৈনিকসকলৰ সাহস, ত্যাগ আৰু পৰাক্ৰমক সন্মান জনাই দেশে বিজয় দিৱসক স্মৰণৰ দিন হিচাপে পালন কৰে । এই বিজয়ে কেৱল বাংলাদেশৰ স্বাধীনতা প্ৰতিষ্ঠা কৰাই নহয়, বিশ্বজুৰি ভাৰতৰ স্থিতিও দৃঢ় কৰি তোলে ।

লগতে পঢ়ক :ফেব্ৰুৱাৰীত অসম বিধানসভাত উত্থাপন কৰা হ’ব বহুবিবাহ বিৰোধী বিধেয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.