নেশ্যনেল ডেস্ক,২৬ নৱেম্বৰ : শেহতীয়াকৈ দিল্লীৰ মন্ত্ৰী তথা আম আদমি পাৰ্টীৰ নেতা সত্যেন্দ্ৰ জৈনৰ কেইটামান ভিডিঅ' ভাইৰেল হৈ পৰিছে (Satyendar jain viral video)। কাৰাগাৰৰ ভিতৰত নেতাগৰাকীয়ে কেনেদৰে বিলাসী জীৱন কটাইছে তাক লৈ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । বিজেপিয়ে নেতাগৰাকীৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি আম আদমি চৰকাৰক বিভিন্ন ধৰণে সমালোচনা কৰিছে ।
ইয়াৰ মাজতে শনিবাৰে পুনৰ মন্ত্ৰীগৰাকীৰ আন এটা ভিডিঅ' শ্বেয়াৰ কৰিছে বিৰোধী বিজেপিয়ে । নেতাগৰাকীয়ে কাৰাগাৰৰ কোষৰ ভিতৰত তিহাৰ কাৰাগাৰৰ এগৰাকী অধীক্ষকক সাক্ষাৎ কৰা এই নতুন ভিডিঅ'টো পোহৰলৈ আহিছে (Jail superintendent meet Satyendar jain in jail)।
আম আদমী পাৰ্টিৰ নেতাজনে কাৰাগাৰৰ অধীক্ষকক সাক্ষাৎ কৰাৰ কথিত ভিডিঅ'টো বিজেপিৰ কেইজনমান নেতাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে (BJP shares video of Satyendar jain)। দিল্লী বিজেপিৰ মিডিয়া চেলৰ মুৰব্বী হৰিশ খুৰানাই টুইটযোগে ভিডিঅ'টো শ্বেয়াৰ কৰিছে । তাত তেওঁ লিখিছে সৎ মন্ত্ৰী জৈনৰ এইটো নতুন ভিডিঅ' । কাৰাগাৰ অধীক্ষকে নিশা ৮ বজাত মন্ত্ৰীগৰাকীক কাৰাগাৰৰ কোষত সাক্ষাৎ কৰিছে ।
ইফালে বিগত সপ্তাহত বিজেপিয়ে আন এটা ভিডিঅ'টো মুকলি কৰিছিল । য'ত কাৰাগাৰৰ কয়েদী তথা দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনে মালিচ লৈ থকা দেখা গৈছে (Satyendar Jain getting massage in jail)। নেতাজনক বিচনাত শুই থকা অৱস্থাত দৰ্শনাৰ্থীৰ সৈতে কথা পতাও দেখা গৈছিল ভিডিঅ'টোত ।
অৱশ্যে মন্ত্ৰী সত্যেন্দ্ৰ জৈনে এই ভিডিঅ'বোৰ ভাইৰেল হোৱাৰ লগে লগে সংবাদ মাধ্যমৰ ওচৰত ভিডিঅ'বোৰ লিক কৰাৰ অভিযোগত EDৰ বিৰুদ্ধে অৱমাননাৰ প্ৰক্ৰিয়া বিচাৰি আবেদন দাখিল কৰিছিল । লগতে আদালতক তেওঁৰ কাৰাগাৰৰ কোষটোৰ ভিডিঅ' লিক হোৱা বন্ধ কৰিবলৈ আহ্বান জনাইছে ।
অৱশ্যে আম আদমি পাৰ্টীয়ে সমগ্ৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । আপে অভিযোগ কৰা মতে বিজেপিয়ে দিল্লীৰ ৪ ডিচেম্বৰৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ ভাবমূৰ্তি কলুষিত কৰিবলৈ চেষ্টা কৰি আছে (AAP slams BJP)। মালিচ লোৱাৰ ভিডিঅ' সন্দৰ্ভত আপে কৈছে যে জৈনে কাৰাগাৰত ফিজিঅ'থেৰাপী গ্ৰহণ কৰি আছে ।
উল্লেখ্য যে কাৰাগাৰত মন্ত্ৰীগৰাকীৰ নিজৰ প্ৰভাৱ ব্যৱহাৰ কৰাৰ অভিযোগত ইতিমধ্যে ১৪ নৱেম্বৰত দিল্লী চৰকাৰৰ মুখ্য সচিব নৰেশ কুমাৰে তাৎক্ষণিকভাৱে ৭ নম্বৰ কাৰাগাৰৰ অধীক্ষক অজিত কুমাৰক নিলম্বন কৰাৰ নিৰ্দেশ জাৰি কৰিছে । যোৱা মাহত, EDয়ে অভিযোগ কৰিছিল যে জৈনে কাৰাগাৰত থাকোতেও নিজৰ প্ৰভাৱৰ অপব্যৱহাৰ কৰি আছে আৰু কাৰাগাৰৰ নিয়ম উলংঘা কৰি সুবিধা উপভোগ কৰিছে । এইটোও অভিযোগ উত্থাপন হৈছে যে জৈনৰ গোচৰৰ সৈতে সম্পৰ্ক থকা লোকসকলক কাৰাগাৰলৈ লৈ যোৱা হয় । উক্ত ভিডিঅ' ইডিয়ে আদালতত দাখিল কৰিছিল ।