ETV Bharat / bharat

দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা জনালে উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৱে

নৱবৰ্ষত ভৰি দিয়াৰ আগ মুহুৰ্তত দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৱে ৷ 2021 বৰ্ষটোৱে সকলোৰে মাজত সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰি তুলিব বুলিও আশা ব্যক্ত কৰে উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে ৷

Vice President greets nation on eve of New Year 2021
দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা জনালে উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৱে
author img

By

Published : Dec 31, 2020, 8:28 PM IST

নিউজ ডেস্ক, 31 ডিচেম্বৰ : ভাৰতৰ উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৱে বৃহস্পতিবাৰে দেশবাসীক 2021 নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ নৱবৰ্ষত ভৰি দিয়াৰ আগ মূহুৰ্তত দেশৰ সকলো নাগৰিকক ভেকংয়া নাইডুৱে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি কয় যে, " আগলৈ আগুৱাই যাবলৈ নতুন বছৰটো আমাৰ বাবে এক সুযোগ স্বৰূপ ৷ নতুন বছৰে আমাৰ মাজৰ বন্ধুত্ব আৰু সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰি তোলক ৷ আমি বিদায়ী বছৰটোত মহামাৰীৰে যুঁজি জীৱনত বহু শিক্ষা লাভ কৰিছো ৷ সেয়ে নতুন বছৰটোৱে আমাৰ মাজত নতুন আশাৰ বতৰা কঢ়িয়াই আনক ৷ "

তদুপৰি উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে, " আমি আশা কৰিছো যে, আমি দৃঢ়তা, আত্মবিশ্বাস, একতা আৰু সহমৰ্মিতাৰ জৰিয়তে প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰিম। বিগত বৰ্ষৰ তুলনাত 2021এ অধিক স্বাস্থ্যকৰ, সুখী আৰু সামঞ্জস্যপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব "

লগতে পঢ়ক: 2020 বৰ্ষত নাছাই বন্দী কৰা পৃথিৱী পৃষ্ঠৰ শ্ৰেষ্ঠ আলোকচিত্ৰসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.