ETV Bharat / bharat

Godhra Train Burning Case : অতি গুৰুতৰ ঘটনা; গোধৰা গোচৰত ৩ অভিযুক্তৰ জামিন নাকচ ছুপ্ৰিম কোৰ্টৰ - Supreme Court on Godhra train burning case

উচ্চতম ন্যায়ালয়ে গোধৰা ৰে'ল জ্বলোৱা ঘটনাৰ তিনিজন অভিযুক্তৰ জামিন নাকচ কৰিছে । লগতে ইয়াক এটা অতি গুৰুতৰ ঘটনা হিচাপে ধৰি ইয়াক এক বিচ্ছিন্ন গোচৰ নহয় বুলি কয় । আবেদনকাৰীসকলৰ বিৰুদ্ধে যাত্ৰীসকলক আঘাত কৰা, ডবাত শিল নিক্ষেপ কৰা আৰু যাত্ৰীসকলৰ পৰা অলংকাৰ লুণ্ঠন কৰাৰো অভিযোগ আছিল ।

Godhra Train Burning Case
Godhra Train Burning Case
author img

By

Published : Aug 14, 2023, 2:28 PM IST

নিউজ ডেস্ক, ১৪ আগষ্ট : উচ্চতম ন্যায়ালয়ে সোমবাৰে কয় যে, গোধৰা ৰে'ল জ্বলোৱা ঘটনাটো এটা অতি গুৰুতৰ ঘটনা আৰু এক বিচ্ছিন্ন ঘটনা বুলি ধৰিব নোৱাকি । আনহাতে, তিনিজন অভিযুক্তৰ জামিন নাকচ কৰি কয় যে, এই ঘটনাত যাত্ৰীসকলক আঘাত কৰা হৈছিল, ডবাত শিল নিক্ষেপ আৰু যাত্ৰীসকলৰ পৰা অলংকাৰ লুট কৰা হৈছিল ।

উল্লেখ্য যে, ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গোধৰাত ৰে'লখনৰ এছ-৬ ডবাটো জ্বলাই দিয়াৰ ফলত ৫৯ জন লোক নিহত হয় । যাৰ ফলত ৰাজ্যখনৰ বহু ঠাইত সংঘৰ্ষৰ আৰম্ভ হয় ।

আবেদনকাৰীসকলক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়েয়ে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠৰ সন্মুখত যুক্তি দৰ্শায় যে দুজন অভিযুক্তই শিলাবৰ্ষণৰ অভিযোগৰ সন্মুখীন হৈছে আৰু তৃতীয়জন অলংকাৰ চুৰি কৰাৰ অভিযোগত অভিযুক্ত । কিন্তু অলংকাৰবোৰ উদ্ধাৰ কৰিব পৰা হোৱা নাই ।

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু অধিবক্তা স্বাতী ঘিলদিয়ালে শীৰ্ষ আদালতৰ সন্মুখত গুজৰাট চৰকাৰক প্ৰতিনিধিত্ব কৰে । গুজৰাট চৰকাৰে কয় যে, অভিযুক্তসকল কেৱল শিল নিক্ষেপকাৰী নহয়, তেওঁলোকে যাত্ৰীসকলক আঘাত কৰিছিল আৰু তেওঁলোকৰ অলংকাৰ লুট কৰিছিল । ৰাজ্য চৰকাৰে কয় যে, প্ৰতিজন অভিযুক্তৰ সৈতে এটা নিৰ্দিষ্ট ভূমিকা জড়িত হৈ আছে । বিচাৰপীঠ তথা ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰয়ো উল্লেখ কৰে যে, শাস্তি বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে কৰা আবেদন স্থগিত হৈ আছে ।

হেগড়েয়ে কয় যে, লুট কৰা সোণৰ অলংকাৰ উদ্ধাৰ হোৱা নাই আৰু দোষীসকল ১৭ বছৰতকৈও অধিক সময় ধৰি কাৰাগাৰত জিম্মাত আছে । কিন্তু মেহতাই এই যুক্তিবোৰ খণ্ডন কৰে । আনহাতে, মুখ্য ন্যায়াধীশে কয়, "ঘটনাটো এটা অতি গুৰুতৰ ঘটনা... এইটো এটা বিচ্ছিন্ন ঘটনা নহয়...।"

মেহতাই কয় যে এজন অভিযুক্তক মুখ্য ষড়যন্ত্ৰকাৰী হিচাপে দোষী সাব্যস্ত কৰা হৈছিল, যিয়ে ৰে'লখনৰ ডবা জ্বলোৱা কাৰ্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল । বিচাৰপীঠে কয় যে, ন্যায়ালয়ে এখন উপযুক্ত বিচাৰপীঠৰ সন্মুখত এই আপীল তালিকাভুক্ত কৰিব । কিয়নো এই বিষয়টোৰ ওপৰত শুনানি ল'ব লাগিব আৰু ইয়াক অনিৰ্দিষ্ট কালৰ বাবে পেলাই ৰাখিব নোৱাৰি ।

আনহাতে, বিচাৰপীঠে অভিযুক্তৰ নিৰ্দিষ্ট ভূমিকা সন্দৰ্ভত কয়, "এই পৰ্যায়ত আমি এই ব্যক্তিসকলক জামিনত মুক্তি দিবলৈ ইচ্ছুক নহয় । ই তেওঁলোকৰ আপীলৰ অধিকাৰক প্ৰভাৱিত নকৰিব ।"

শীৰ্ষ আদালতে কয় যে ন্যায়ালয়ে এখন বিচাৰপীঠ গঠন কৰিব । তাৰ পিছত কয় যে নিৰ্দেশনাৰ বাবে উক্ত বিচাৰপীঠৰ সন্মুখত দাখিল কৰাৰ স্বাধীনতা থাকিব আৰু বিচাৰপীঠে সকলো প্ৰক্ৰিয়াগত নিৰ্দেশনা জাৰি কৰিব পাৰে ।

এই তিনিজন অভিযুক্ত, চৌকত ইউছুফ ইছমাইল মোহন ওৰফে বিবিনো, চিদ্দিক ওৰফে মাতুংগা আব্দুল্লাহ বদম শ্বেখ আৰু বিলাল আব্দুল্লাহ ইছমাইল বদম ঘাঞ্চিয়ে জামিন বিচাৰি শীৰ্ষ আদালতত আবেদন কৰিছিল ।

ইয়াৰ পূৰ্বে এপ্ৰিলত শীৰ্ষ আদালতে আঠজন দোষীক জামিনৰ বাবে আবেদন কৰাৰ অনুমতি দিছিল । গোচৰটোত তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল । আদালতে তেতিয়া উল্লেখ কৰিছিল যে, তেওঁলোক প্ৰায় ১৭-১৮ বছৰ ধৰি কাৰাগাৰত আছিল আৰু তেওঁলোকৰ আপীলৰ শুনানিৰ বাব সময় লাগিব । অৱশ্যে আদালতে গোচৰটোত আন চাৰিজনক একে ধৰণৰ সকাহ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে, যিসকলক মৃত্যুদণ্ড প্ৰদান কৰিছিল ।

আনহাতে, ৰাজ্য চৰকাৰে আদালতৰ সন্মুখত যুক্তি দিয়ে যে এয়া হৈছে আটাইতকৈ বিৰল ঘটনা, য'ত মহিলা আৰু শিশুসহ ৫৯ জন লোকক জীৱন্তে জ্বলাই দিয়া হৈছিল ।

লগতে পঢ়ক :Kapil Sibal slams BJP: ফৌজাদাৰী আইন বাতিলৰ যোগেদি বিজেপিয়ে দেশত প্ৰতিষ্ঠা কৰিব বিচাৰিছে একনায়কত্ববাদ; ছিবাল

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.