নতুন দিল্লী,11 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে ৰাজধানী নতুন দিল্লীৰ তাপমাত্ৰা অতি নিম্নগামী হৈছে ৷ ডাঠ কুঁৱলীৰ আৱৰণেৰে ঢাকি ধৰিছে পৰিৱেশ ৷ যাৰ ফলত পথচাৰী তথা যাত্ৰীসকলৰ ওপৰতো অহা-যোৱা কৰাত সৃষ্টি হৈছে বহু অসুবিধাৰ ৷ কেৱল দিল্লীয়ে নহয়, বতৰ বিজ্ঞানে জাৰি কৰা তথ্য অনুসৰি উত্তৰ ভাৰতৰ বহু অংশতেই বতৰৰ তাৰতম্য ঘটা পৰিলক্ষিত হৈছে ৷ উত্তৰ প্ৰদেশৰ বহু ঠাইত ডাঠ কুঁৱলীৰ আৱৰণে ঢাকি ধৰাৰ ফলত উত্তৰ-পূৱৰ লগত যাতায়াত ব্যাহত হৈ পৰিছে ৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, বতৰ বিজ্ঞান বিভাগ আদিয়ে জাৰি কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে অধিক নিম্নগামী হয় দিল্লীৰ তাপমাত্ৰা ৷
দিল্লী বিমান বন্দৰতো বতৰৰ এই তাৰতম্যৰ প্ৰভাৱ পৰিলক্ষিত হৈছে ৷ কিন্তু দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই জাৰি কৰা এক বিবৃতি অনুসৰি, সকলো বিমানেই বৰ্তমান স্বাভাৱিক গতিত পৰিচালিত হৈ আছে ৷ বিমান সম্পৰ্কীয় অধিক তথ্যৰ বাবে সংশ্লিষ্ট বিমান বিভাগৰ নম্বৰৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক : 11বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ