বন্দীপোৰা,২০ ডিচেম্বৰ: শনিবাৰে জম্মু-কাশ্মীৰৰ বন্দীপোৰা এলেকাত দুখনকৈ বাহন বৰফত পোত যোৱাৰ পিছত বাহন দুখন উদ্ধাৰৰ বাবে উপস্থিত হয় সেনাৰ জোৱান ৷ সেনা জোৱানসকলে যাত্ৰীসকলক সুকলমে উদ্ধাৰ কৰে ৷ বন্দীপোৰাৰ পৰা গুৰেজ অভিমুখে যাত্ৰা কৰা বাহন দুখনক ৰাজদান এলেকাত হিমবাহে আগুৰি ধৰে ৷ যাত্ৰীসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ কথা জানিবলৈ দিয়ে জম্মু-কাশ্মীৰৰ দুৰ্যোগ প্ৰশমন বিভাগে ৷
বিগত ১২ ডিচেম্বৰত বছৰৰ প্ৰথমটো তুষাৰপাতৰ পিছত কাশ্মীৰক এখনি শুভ্ৰ চাদৰেৰে ঢাকি থোৱাৰ দৰে দেখা গৈছে ৷ ইয়াকে কেন্দ্ৰ কৰি স্থানীয় লোকৰ লগতে পৰ্যটকৰ মাজত আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক : পথ নিৰ্মাণকাৰী মহিলা শ্ৰমিকক শাৰিৰীকভাৱে প্ৰহাৰ শিক্ষকৰ