ETV Bharat / bharat

Vegetarian women: নিৰামিষভোজী মহিলাসকলৰ নিতম্বৰ হাড় ভঙাৰ সম্ভাৱনা অধিক

author img

By

Published : Aug 11, 2022, 8:58 PM IST

আপুনি নিৰামিষভোজী নেকি ? যদি হয় তেন্তে সাৱধান ৷ কিয়নো ২৬ হাজাৰতকৈও অধিক মহিলাৰ স্বাস্থ্য আৰু খাদ্যৰ ৰেকৰ্ড বিশ্লেষণ কৰি এই তথ্য পোৱা গৈছে যে, প্ৰায় ২২ বছৰৰ ভিতৰত নিয়মিতভাৱে মাংস খোৱাসকলতকৈ নিৰামিষভোজী মহিলাসকলৰ নিতম্বৰ হাড় ভঙাৰ সম্ভাৱনা অধিক থাকে(Fracture hips in later life) ৷

vegetarian-women-more-likely-to-fracture-hips-in-later-life
আপুনি জানেনে নিৰামিষভোজী মহিলাসকলৰ নিতম্বৰ হাড় ভঙাৰ সম্ভাৱনা অধিক

আপুনি নিৰামিষভোজী নেকি ? যদি হয় তেন্তে সাৱধান ! কিয়নো ২৬ হাজাৰতকৈও অধিক মহিলাৰ স্বাস্থ্য আৰু খাদ্যৰ ৰেকৰ্ড বিশ্লেষণ কৰি এই তথ্য পোৱা গৈছে যে, প্ৰায় ২২ বছৰৰ ভিতৰত নিয়মিতভাৱে মাংস খোৱাসকলতকৈ নিৰামিষভোজী(Women who are vegetarian) মহিলাসকলৰ নিতম্বৰ হাড় ভঙাৰ সম্ভাৱনা অধিক(Fracture hips in later life) ৷

অধিক বিপদৰ কাৰণ স্পষ্টকৈ উল্লেখ কৰা হোৱা নাই যদিও গৱেষকসকলে সন্দেহ প্ৰকাশ কৰিছে যে, কিছুমান নিৰামিষভোজী লোকে হাড় আৰু পেশীৰ সুস্বাস্থ্যৰ বাবে পৰ্যাপ্ত পুষ্টিকৰ উপাদান নাপাব পাৰে, বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত নিতম্বৰ অংশ ভঙা বা পৰি যোৱাৰ সম্ভাৱনা অধিক থাকে ৷

গৱেষকসকলে নিৰামিষভোজীসকলক খাদ্য ত্যাগ নকৰিবলৈ আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিবলৈ উপদেশ কিন্তু আপুনি যদি আমিষ খাদ্য যেনে মাছ, মাংস,কণী আদি গ্ৰহণ নকৰে তেনে স্থানত আপুনি অধিক পুস্তিকৰ খাদ্য গ্ৰহণ কৰাতো খুবেই প্ৰয়োজনীয় ৷ তেতিয়াহে আপুনি এনেধৰণৰ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব ৷

উল্লেখ্য যে, যিসকলে আমিষ নাখায়, তেওঁলোকে প্ৰায়ে এটা প্রশ্নৰ সন্মুখীন হ'বলগীয়া হয় ৷ তেওঁলোকে শৰীৰত প্রটিনৰ প্ৰয়োজনীয়তা কেনেদৰে পূৰণ কৰে ৷ কাৰণ প্রটিনে শৰীৰৰ শাৰীৰবৃত্তীয় প্রক্রিয়াবোৰৰ বাবে অত্যাৱশ্যক শক্তি সৰবৰাহ কৰে আৰু আমাৰ দৈনন্দিন খাদ্যাভ্যাসৰ এটা গুৰুত্বপূর্ণ অংশ । সৰুৰে পৰাই জীৱ বিজ্ঞানৰ দ্বাৰা আমাক শিকোৱা হয় যে কণী, মাছ, মাংস প্রভৃতি আমিষ খাদ্যত প্রটিন থাকে যিয়ে আমাৰ শৰীৰত প্ৰয়োজনীয় শক্তি বা এনার্জি যোগান ধৰে । তেনে স্থলত নিৰামিষভোজীসকলে নিৰামিষ খাদ্যৰ দ্বাৰা অধিক প্ৰ'টিন গ্ৰহণ কৰাতো খুবেই প্ৰয়োজনীয় ৷

আমিষ খাদ্যতকৈ নিৰামিষ খাদ্যক প্ৰায়ে স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় আৰু ই ডায়েবেটিছ, মেদবহুলতা, হৃদৰোগ আৰু কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে । কিন্তু বিএমচি মেডিচিনত প্ৰকাশিত এক গৱেষণাই কয় যে, যিকোনো লোকেই নহওক কিয়, সুষম খাদ্যৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে বুলি বাতৰি কাকত গাৰ্ডিয়ানত(The Guardian) এক তথ্য প্ৰকাশ পাইছে (BMC Medicine highlights)।

ইফালে, গৱেষণা আলোচনী মেৰিয়াম-ৱেবষ্টাৰত কোৱা হৈছে যে, সম্ভৱতঃ নিৰামিষভোজীসকলৰ কোনোবা নহয় কোনোবা কাৰণত, আৰু সম্ভাৱনাময়ভাৱে জৰুৰী পুষ্টিকৰ উপাদান কম পৰিমাণে গ্ৰহণ কৰাৰ বাবে, হাড় দুৰ্বল আৰু পেশীৰ ভৰ কম হয় আৰু সেই দুয়োটা বস্তুৱেই মানুহক নিতম্বৰ হাড়ভঙাৰ প্ৰতি প্ৰৱণতা সৃষ্টি কৰে ।

জৰুৰী পুষ্টিকৰ উপাদান কম পৰিমাণে গ্ৰহণ কৰাৰ বাবে প্ৰায় ৯০ শতাংশ নিতম্বৰ ভঙা বা পতনৰ লক্ষণ বয়সস্থ লোকৰ ক্ষেত্ৰত বেছিকৈ দেখিবলৈ পোৱা যায়, য'ত হাড় অধিক দুৰ্বল হোৱাৰ আশংকা থাকে । গৱেষকসকলে সন্দেহ কৰিছে যে, মাংসভোজীসকলতকৈ নিৰামিষভোজীসকলৰ ওজন কম হোৱাৰ সম্ভাৱনা থাকে, আৰু হাড় আৰু পেশী দুৰ্বল হোৱাৰ বাহিৰেও চৰ্বি কম হ'ব পাৰে, যিয়ে মানুহ শাৰিৰীকভাৱে দুৰ্বল কৰি তুলিব পাৰে বুলি গাৰ্ডিয়ানত প্ৰকাশ পাইছে ।

এই তথ্যৰ প্ৰতি লক্ষ্য ৰাখি ৱেবষ্টাৰে কয় যে, নিৰামিষভোজীসকলে হাড়ৰ স্বাস্থ্যৰ বাবে, আৰু তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন লাভ কৰাটো নিশ্চিত কৰিবলৈ, বাদাম, মাহজাতীয় শস্য আৰু বীন আদি খাদ্যৰ জৰিয়তে, আইৰণ আৰু বি১২ যোগ কৰা শক্তিশালী শস্যজাতীয় খাদ্য খোৱাৰ কথা চিন্তা কৰিব পাৰে ।

আহক জানো কেইবিধমান প্ৰ'টিনযক্ত খাদ্যৰ বিষয়ে যিয়ে আপোনাৰ শৰীৰত প্ৰচুৰ পৰিমাণৰ প্ৰ'টিনৰ যোগান ধৰাই নহয় বৰঞ্চ এই খাদ্যই আপোনাক বিভিন্ন হাড়ৰ সমস্যাৰ পৰা হাত সৰাতো সহায় কৰিব ৷

বিন

ছয়াবিনত পূৰ্ণ মাত্রাযত প্র'টিন থাকে । ইয়াৰ উপৰি ৰাজমাহ জাতীয় বিনবোৰো প্র'টিনৰ দুর্দান্ত উৎস । প্রকৃতাৰ্থত, সকলো ধৰণৰ বিন সর্বভাৰতীয় খাদ্যৰেই একোটা অংশ আৰু স্থানীয় যিকোনো বজাৰত সহজে উপলব্ধ ।

ডালি

প্রত্যেক ভাৰতীয় ৰন্ধনশালীতে ডালি এটা অবিচ্ছেদ্য অংগ । সকলো প্ৰকাৰৰ ডালিতেই প্র'টিন থাকে বুলি মত প্ৰকাশ কৰে বিশেষজ্ঞসকলে । বিশেষকৈ মুছুৰ ডালিত প্ৰ'টিনৰ মাত্রা অধিক । তদুপৰি, মগু, ৰহৰ ডালিত আৱশ্যক মাত্ৰাত প্র'টিন থাকে ।

বাদাম

আলমন্দ, কাজু, পিস্তা, আখৰোটতো থাকে বিশেষ সমৃদ্ধ প্র'টিন । বাদামত থকা ফচফৰাছ, ছেলেনিয়াম , মেগনেছিয়াম, কেলছিয়াম শৰীৰৰ বাবে উপকাৰী । নিৰামিষভোজীসকলে যদি নিত্য ডায়েটত কম পৰিমাণে হ'লেও বাদাম ৰাখে তেন্তে তেওঁলোকে প্র'টিনৰ নাটনিক লৈ আৰু দুশ্চিন্তাত ভুগিব নালাগে ।

অ'টছ

স্বাস্থ্য সচেতন সকলক প্ৰায়ে অ'টছৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায় । কিন্তু অ'টছত পুষ্টিৰ লগতে থকা প্র'টিন শৰীৰৰ বাবে বিশেষ উপকাৰী । সেয়ে আমিষ খাদ্য গ্ৰহণ নকৰা লোকসকলৰ ডায়েটত নিয়মিত অ'টছ ৰখা অত্যন্ত জৰুৰী ।

লগতে পঢ়ক : Blood Pressure Control: পটাছিয়াম সমৃদ্ধ আহাৰে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰিব পাৰে, অধ্য়য়নত প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.