ETV Bharat / bharat

বান্দিপোৰাত আক্ৰমণৰ বলি হ'ল প্ৰতিষেধক প্ৰদানকাৰী দল

author img

By

Published : Jun 17, 2021, 10:31 PM IST

প্ৰতিষেধক প্ৰদান কৰিবলৈ গৈ কাশ্মীৰৰ বান্দিপোৰাত আক্ৰমণৰ বলি হ'ল প্ৰতিষেধ প্ৰদানৰ দল ৷ বৃহস্পতিবাৰে উত্তৰ কাশ্মীৰৰ বান্দিপোৰা জিলাৰ ফাৰ-ফুং গাঁৱৰ এটা পৰিয়ালক প্ৰতিষেধক প্ৰদানৰ বাবে উপস্থিত হোৱাৰ লগে লগে প্ৰতিষেধক গ্ৰহণৰ বাবে অমান্তি হোৱাৰ লগতে স্বাস্থ্যকৰ্মীৰ দলটোক উপৰ্যুপৰি আক্ৰমণ কৰে ৷

Vaccination Team Faces Attack In  Bandipora Village : Video Goes Viral
বান্দিপোৰাত আক্ৰমণৰ বলি হ'ল প্ৰতিষেধক প্ৰদানকাৰী দল

নেশ্যনেল ডেস্ক, 17 জুন : প্ৰতিষেধক প্ৰদান কৰিবলৈ গৈ কাশ্মীৰৰ বান্দিপোৰাত আক্ৰমণৰ বলি হ'ল প্ৰতিষেধক প্ৰদানকাৰীৰ দল ৷ ঘটনা অনুসৰি, স্বাস্থ্যকৰ্মীৰ এটা দলে উত্তৰ কাশ্মীৰৰ বান্দিপোৰা জিলাৰ ফাৰ-ফুং গাঁৱৰ এটা পৰিয়ালক প্ৰতিষেধক প্ৰদানৰ বাবে উপস্থিত হোৱাৰ লগে লগে প্ৰতিষেধক গ্ৰহণৰ বাবে অমান্তি হোৱাৰ লগতে স্বাস্থ্যকৰ্মীৰ দলটোক উপৰ্যুপৰি আক্ৰমণ কৰে ৷ সম্প্ৰতি সমগ্ৰ ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷

ঘটনাস্থলীত উপস্থিত হোৱা এগৰাকী বিষয়াই ইটিভি ভাৰতক জনোৱা মতে, পৰিয়ালটোৱে অপ্ৰচাৰৰ বশৱৰ্তী হৈ এই কাণ্ড সংঘটিত কৰিছে ৷ স্বাস্থ্যকৰ্মীৰ দলটোৱে পৰিয়ালটোক প্ৰতিষেধক প্ৰদানৰ বাবে চেষ্টা কৰিছিল যদিও পৰিয়ালৰ সদস্যসকলে অমান্তি হৈ কয় যে, স্বাস্থ্য বিভাগে নিজৰ মুনাফা লাভৰ বাবে এই কাৰ্যসূচী হাতত লৈছে ৷

ইফালে, একেসময়তে জিলা উপায়ুক্ত ড৹ ওৱেচিচ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ নিৰ্দেশ প্ৰেৰণ কৰিছে ৷ সম্প্ৰতি বান্দিপোৰা আৰক্ষীয়ে ঘটনাৰ লগত জড়িত তনবীৰ আহমদ খান নামৰ এজন লোকক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: RedFoxtrotৰ চাইবাৰ অনুপ্ৰৱেশৰ জৰিয়তে চীনা সেনাৰ টাৰ্গেটত ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.