নেশ্যনেল ডেস্ক, ১৪ মে': যোৱা ৭ মে'ৰ পৰাই দেশৰ ভিন্ন ৰাজ্যত ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে যদিও ত্ৰিপুৰাত টীকাকৰণ অভিযান আৰম্ভ হোৱা নাছিল । অৱশেষত বৃহস্পতিবাৰৰ পৰা ত্ৰিপুৰাত আৰম্ভ হ'ল ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ লোকৰ টীকাকৰণ প্ৰক্ৰিয়া । ত্ৰিপুৰাত পূৰ্বে ক'ভিশ্বিল্ড প্ৰতিষেধক প্ৰদান কৰা হৈছিল যদিও এইবাৰ ক'ভিশ্বিল্ডৰ পৰিৱৰ্তে ভাৰত বায়'টেকে প্ৰস্তুত কৰা কোভেক্সিন প্ৰতিষেধক ক্ৰয় কৰিছে ত্ৰিপুৰা চৰকাৰে ।
বৃহস্পতিবাৰে পুৱাৰে পৰা টীকাকৰণ কেন্দ্ৰৰ বাহিৰত দীঘলীয়া শাৰী দেখা গৈছে । মহামাৰীৰ পৰা ৰক্ষা পাবলৈ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহিল যুৱক-যুৱতীসকল । ৰাজ্যখনত টীকাকৰণ অভিযান প্ৰথমে আগৰতলা পৌৰ নিগম অঞ্চলত আৰম্ভ হৈছিল । কিয়নো এই স্থানত ক'ভিডৰ সংক্ৰমণ আটাইতকৈ বেছি । পশ্চিম ত্ৰিপুৰা জিলাৰ মুখ্য চিকিৎসা বিষয়া দেৱাশিস দাসে কয় যে, মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে চৰকাৰে টীকাকৰণ অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে ।
পূৰ্বৰ ৪৫ বছৰৰ উৰ্ধৰ লোকৰ টীকাকৰণ প্ৰক্ৰিয়াৰ দৰে এইবাৰো স্বাস্থ্য বিভাগে সুচাৰুৰূপে টীকাকৰণ অভিযান চলাই নিবলৈ সক্ষম হ'ব বুলি আশা ব্যক্ত কৰে । আগৰতলা পৌৰ নিগমৰ ৬ টা কেন্দ্ৰত প্ৰতিষেধক প্ৰদান কৰা হৈছে আৰু ইয়াত পূৰ্ব-পঞ্জীভুক্ত ২২০ টাৰো অধিক পালি প্ৰদান কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনত মহমাৰীৰ নতুন সংক্ৰমণৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ যুৱক-যুৱতীসকলৰ বাবে প্ৰতিষেধকৰ ব্যৱস্থা ।
ইয়াৰ পূৰ্বে শিক্ষা মন্ত্ৰী ৰতন লাল নাথে কৈছিল যে, ত্ৰিপুৰাই কোভাক্সিনৰ ১৫,১৫০টা পালি লাভ কৰিছে । ১৮-৪৪ বছৰ বয়সৰ লোকসকলৰ টীকাকৰণ অভিযান বৃহস্পতিবাৰৰ পৰা কৰাৰ কথাও তেওঁ পূৰ্বেই জানিবলৈ দিছিল । আনহাতে, ৰিক্সাচালক, অটো চালক, সাংবাদিক, উচ্চ ন্যায়ালয়ৰ কৰ্মচাৰী, শক্তি বিভাগ, বেংক আৰু এয়াৰ ট্ৰেফিক নিয়ন্ত্ৰকৰ কৰ্মচাৰীসকলক তেওঁলোকে কৰা গুৰুত্বপূৰ্ণ কৰ্তব্যৰ প্ৰতি লক্ষ্য ৰাখি টীকাকৰণৰ ক্ষেত্ৰত তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছিল ।
মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ অধ্যক্ষতাত অনুষ্ঠিত এক জৰুৰী বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰিছিল শিক্ষা মন্ত্ৰীগৰাকীয়ে । ত্ৰিপুৰাই লাভ কৰা প্ৰতিষেধক সন্দৰ্ভত তেওঁ কয় যে, ত্ৰিপুৰাই এতিয়ালৈকে ১৪,৬৮,২৮০টা পালি লাভ কৰিছে আৰু ইয়াৰ ভিতৰত, ইতিমধ্যে ১৪,২১,২৮০টা পালি প্ৰদান কৰা হৈছে । উল্লেখ্য যে, ত্ৰিপুৰাত যোৱা ২৪ ঘণ্টাত ৪৮০ জন লোক নতুনকৈ মহামাৰীত আক্ৰান্ত হৈছে আৰু দুজন লোকৰ মৃত্যু হৈছে ।
লগতে পঢ়ক:মিজোৰামত এটা দিনত ১৪৪ জন কৰ'ণাত আক্ৰান্ত