ETV Bharat / bharat

Uttarkashi avalanche : এতিয়ালৈ ১৯ গৰাকী পৰ্বতাৰোহীৰ মৃতদেহ উদ্ধাৰ - Rescue operations in Uttarkashi avalanche

উত্তৰাখণ্ডত পুনৰ মৰ্মান্তিক ঘটনা । উত্তৰকাশী জিলাত সংঘটিত ভয়ংকৰ ভূমিস্খলনত ৪৪ জনীয়া এটা পৰ্বতাৰোহীৰ দল আৱদ্ধ (Uttarkashi avalanche)। পৰ্বতাৰোহী দলটোৰ ১৯ গৰাকীৰ মৃতদেহ উদ্ধাৰ । এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে ।

Uttarakhand avalanche
এতিয়ালৈ ১৯ গৰাকী পৰ্বতাৰোহীৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Oct 7, 2022, 10:24 AM IST

নেশ্যনেল ডেস্ক,৭ অক্টোবৰ : উত্তৰাখণ্ডত পুনৰ ভয়ংকৰ হিমস্খলনৰ ঘটনা (Avalanche in Uttarakhand)। মঙলবাৰে পুৱা ৰাজ্যখনৰ উত্তৰকাশী জিলাৰ দ্ৰৌপদীৰ দণ্ডা-২ শৃংগত সংঘটিত হিমস্খলনত এতিয়ালৈ ১৯ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে (19 bodies recovered from Avalanche area)। জানিব পৰা মতে শুকুৰবাৰে হেলিকপ্টাৰৰ দ্বাৰা মৃতদেহবোৰ মাতলি হেলিপেডলৈ অনাৰ চেষ্টা কৰা হ'ব । এই হিমস্খলনৰ পাছতে মুঠ ৩০ টা উদ্ধাৰকাৰী দল সেই স্থানত মোতায়েন কৰা হৈছে । উত্তৰাখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰে এই কথা প্ৰকাশ কৰিছে ।

হিমস্খলনত মৃত্যু হোৱা ১৯ গৰাকী লোকৰ ভিতৰত দুগৰাকী প্ৰশিক্ষক আৰু বাকীসকল এটা পৰ্বতাৰোহী প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থী বুলি জানিব পৰা গৈছে । উচ্চ হিমালয় অঞ্চলত প্ৰশিক্ষণৰ বাবে ওলাই যোৱা পৰ্বতাৰোহী প্ৰতিষ্ঠানটোৰ ৪৪ জনীয়া পৰ্বতাৰোহীৰ এটা দল মঙলবাৰে পুৱা দ্ৰৌপদীৰ দণ্ডা ২ পৰ্বত শৃংগৰ ওচৰত সংঘটিত হিমস্খলনৰ ফলত আৱদ্ধ হৈ পৰিছিল । পৰ্বতাৰোহণ ইতিহাসৰ এয়া আটাইতকৈ দুখ লগা আৰু ভয়ংকৰ ঘটনা হিচাপে পৰিগণিত হৈছে ।

ঘটনাৰ পাছতে বায়ু সেনাৰ হেলিকপ্টাৰৰ জৰিয়তে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছিল । এতিয়াও এই উদ্ধাৰ অভিযান অব্যাহত আছে (Rescue operations in Uttarkashi avalanche) ।জম্মু-কাশ্মীৰৰ হাই অল্টিটিউড ৱাৰফেয়াৰ স্কুলৰ (HAWS) গুলমাৰ্গৰ সৈনিকসকলে হিমস্খলনত আৱদ্ধ পৰ্বতাৰোহীসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে । ভাৰতীয় সেনা, আইটিবিপি, এছডিআৰএফ আৰু জিলা প্ৰশাসনৰ লোকসকলো উদ্ধাৰ অভিযানত জড়িত হৈ আছে ।

লগতে পঢ়ক :কেলিফৰ্ণিয়াত হত্যা এটা শিখ পৰিয়ালক: দীৰ্ঘদিনীয়া বিবাদৰ পৰিণতিতে পৰিয়ালটোক হত্যাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.