ETV Bharat / bharat

Uttarakhand Tragedy : উত্তৰাখণ্ডৰ ভয়াৱহ ঘটনাত এতিয়াও সন্ধানহীন ২০ মৃতদেহ; অব্যাহত আছে অনুসন্ধান অভিযান

author img

By

Published : Aug 7, 2023, 5:47 PM IST

নেৰানেপেৰা বৰষুণ আৰু নদীৰ তীব্ৰ সোঁতে উদ্ধাৰ অভিযানত বাধা প্ৰদান কৰিছে । ধ্বংসাৱশেষৰ তলত পোত গৈ থকা সন্ধানহীন মৃতদেহবোৰ বিচাৰি উলিওৱাৰ চেষ্টা কৰা হৈছে ।

Uttarakhand Tragedy
Uttarakhand Tragedy

নিউজ ডেস্ক, ৭ আগষ্ট : উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগত গৌৰীকুণ্ড দুৰ্ঘটনাৰ কেইদিনমান পিছতো মন্দাকিনী নদীৰ তীব্ৰ সোঁতত উটি যোৱা ২০ জন সন্ধানহীন লোকৰ কোনো সন্ধান জানিব পৰা হোৱা নাই । সন্ধানহীন ২০ টা মৃতদেহ বিচাৰি উলিওৱাৰ চেষ্টা এতিয়াও চলি আছে । এছডিআৰএফ, এনডিআৰএফ, ডিডিআৰএফ, আৰক্ষী, আইটিবিপি, গৃহৰক্ষী আৰু প্ৰান্তীয় ৰক্ষক দলৰ (পিআৰডি) পৰা নিয়োজিত স্বেচ্ছাসেৱকৰ দলসমূহে সন্ধানহীন ২০ টা মৃতদেহৰ সন্ধান চলাই আছে । ইয়াৰ উপৰি উদ্ধাৰ অভিযান চলাবলৈ কেদাৰনাথ যাত্ৰা ব্যৱস্থাপনা বাহিনীৰ জোৱানসকলকো নিয়োজিত কৰা হৈছে ।

আনহাতে, নেৰানেপেৰা বৰষুণ আৰু নদীৰ তীব্ৰ সোঁতে উদ্ধাৰ অভিযানত বাধা প্ৰদান কৰিছে । উদ্ধাৰকাৰী দলসমূহে আশা কৰিছে যে হয়তো সন্ধানহীন মৃতদেহবোৰ ধ্বংসাৱশেষৰ তলত পোত গৈ থকা অৱস্থাত পোৱা যাব । উল্লেখ্য যে এই দুৰ্ঘটনটো ৩ আগষ্টৰ নিশা প্ৰায় ১১ বজাত সংঘটিত হৈছিল । এই কৰুণ ঘটনাটো সংঘটিত হোৱাৰ দ্বিতীয়দিনা ২৩ টা মৃতদেহৰ ভিতৰত তিনিটা নদীৰ পৰা উদ্ধাৰ কৰা হৈছিল । ৪ আগষ্টত এই মৃতদেহ তিনিটা উদ্ধাৰ কৰা হৈছিল । শুকুৰবাৰে উদ্ধাৰ হোৱা মৃতদেহ তিনিটা নেপালী সম্প্ৰদায়ৰ লোক আছিল ।

বৰ্তমান বাকী থকা ২০ টা মৃতদেহৰ সন্ধান চলি আছে । মন্দাকিনী আৰু অলকানন্দা নদীত এই অনুসন্ধান চলোৱা হৈছে । দুয়োখন নদীৰ শক্তিশালী সোঁতে উদ্ধাৰকাৰী দলৰ সদস্যসকলৰ বাবে এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । আনহাতে, চলি থকা উদ্ধাৰ অভিযান সন্দৰ্ভত জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া (ৰুদ্ৰপ্ৰয়াগ) নন্দন সিং ৰাজৱাৰে কয়, "উদ্ধাৰকাৰী দলৰ সদস্যসকলে বাকী ২০ টা মৃতদেহৰ সন্ধান উলিয়াবলৈ নিৰন্তৰ অনুসন্ধান অভিযান চলাই আহিছে । মন্দাকিনী আৰু অলকানন্দা দুয়োখন নদীতে উদ্ধাৰ অভিযান চলোৱা হৈছে ।" সন্ধানহীন ২০ টা মৃতদেহৰ ভিতৰত চাৰিজন স্থানীয়, দুজন উত্তৰ প্ৰদেশ আৰু আগ্ৰাৰ আৰু ১৪ জন লোক নেপালৰ বাসিন্দা ।

উল্লেখ্য যে ৩ আগষ্টৰ নিশা প্ৰায় ১১ বজাত পৰ্বতৰ শীৰ্ষৰ পৰা শিল খহি পৰি তিনিখন দোকানত খুন্দা মাৰিছিল । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত এই তিনিখন দোকানৰ ভিতৰত কমেও ২৩ জন লোক আছিল । যাৰফলত এই ২৩ জন লোক নদীত পৰি যায় আৰু তেওঁলোকক তীব্ৰ সোঁতে উটুৱাই লৈ যায় ।

লগতে পঢ়ক :Giridih Bus Accident : গিৰিডিহৰ দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ বীমা আছিল স্কুটাৰৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.