নেশ্যনেল ডেস্ক, 22 জানুৱাৰী : উত্তৰাখণ্ডৰ স্পেচিয়েল টাস্ক ফ'ৰ্চে (Uttarakhand Special Task Force) লাভ কৰিছে এক বৃহৎ সফলতা । উত্তৰাখণ্ড এছটিএফে উধম সিং নগৰ জিলাৰ কেলাখেদাৰ পৰা পাঠানকোট বিস্ফোৰণৰ অভিযুক্ত সুখপ্ৰীত ওৰফে সুখীক (Pathankot blast accused Sukhpreet alias Sukkhi) আশ্ৰয় দিয়া চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে ।
শেহতীয়া লুধিয়ানা বিস্ফোৰণৰ ঘটনাৰে সৈতেও তেওঁলোক জড়িত বুলি ধাৰণা কৰা হৈছে। পলাতক সন্ত্ৰাসবাদী সুখপ্ৰীত ওৰফে সুখী (absconding terrorists Sukhpreet alias Sukkhi) আৰু উধম সিং নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা চাৰিজন অভিযুক্ত কানাডিয়ান আৰ্শ (Khalistan Tiger Force KTF) ৰ সৈতে জড়িত ।
জানিব পৰা মতে, অভিযুক্ত এই লোকসকল হোৱাটছএপ কলিঙৰ জৰিয়তে যোগাযোগত আছিল ।
লগতে পঢ়ক : ইণ্ডিয়া গেটত স্থাপন কৰা হ’ব নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি