ETV Bharat / bharat

AI to Cyber Crime Control: চাইবাৰ কমিক্সৰ কাল্পনিক চৰিত্ৰৰ জৰিয়তে দেশত প্ৰথমবাৰৰ বাবে চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ চেষ্টা - উত্তৰাখণ্ড চাইবাৰ কমিক্স

উত্তৰাখণ্ডত চাইবাৰ অপৰাধ ৰোধ কৰিবলৈ আৰক্ষীয়ে আৰম্ভ কৰিবলৈ ওলাইছে ‘উত্তৰাখণ্ড চাইবাৰ কমিক্স’ । ইয়াৰ জৰিয়তে জনসাধাৰণক চাইবাৰ অপৰাধৰ বিষয়ে সজাগ কৰা হ’ব । ইয়াৰ সমান্তৰালকৈ চাইবাৰ পুলিচেও ছ’চিয়েল মিডিয়াৰ জৰিয়তে ইয়াৰ জোৰদাৰ প্ৰচাৰ চলাইছে । ইয়াৰ লগে লগে উত্তৰাখণ্ড দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে যিয়ে এআই ব্যৱহাৰ কৰি আছে ।

AI to Cyber Crime Control
চাইবাৰ কমিক্সৰ কাল্পনিক চৰিত্ৰৰ জৰিয়তে দেশত প্ৰথমবাৰৰ বাবে চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ চেষ্টা
author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 10:59 PM IST

নিউজ ডেস্ক, ২৯ আগষ্ট: উত্তৰাখণ্ড আৰক্ষীয়ে চাইবাৰ অপৰাধৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে আৰম্ভ কৰিছে ‘উত্তৰাখণ্ড চাইবাৰ কমিক্স’ । আৰক্ষীৰ এই নতুন পদক্ষেপৰ জৰিয়তে উত্তৰাখণ্ড দেশৰ ভিতৰতে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে । কাল্পনিক চৰিত্ৰ ছুপাৰকপ চক্ৰেশৰ কামৰ আধাৰত নিৰ্মাণ কৰা হ’ব কমিকছ । প্ৰতি সোমবাৰে প্ৰকাশ পাব ‘চক্ৰেশ কি কহানিয়ান’ ৷

চাইবাৰ অপৰাধৰ বাহিৰেও ছ’চিয়েল মিডিয়াত তীক্ষ্ণ দৃষ্টি ৰাখিছে এছটিএফৰ এছএছপি আয়ুষ আগৰৱালাই । একে সময়তে চাইবাৰ অপৰাধৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে । এই দিশত চাইবাৰ ক্ৰাইম থানাক নিৰ্দেশনা দিয়া হৈছে । উত্তৰাখণ্ড আৰক্ষীয়ে এই নতুন ধাৰণা ‘উত্তৰাখণ্ড চাইবাৰ কমিক্স’ৰ জৰিয়তে ৰাজ্যখনৰ লগতে দেশৰ প্ৰতিটো কোণত উপনীত হোৱাৰ বাবে সাজু হৈছে ৷ ডেপুটি এছ পি চাইবাৰ অংকুশ মিশ্ৰই AI (Artificial Intelligence) ভিত্তিক কাৰ্টুন প্ৰস্তুত কৰি আছে আৰু তেওঁৰ দলৰ সৈতে এই কমিক্সসমূহ বিকশিত কৰাত সহায় কৰিছে ৷

উল্লেখ্য যে, উত্তৰাখণ্ডত চাইবাৰ অপৰাধৰ গ্ৰাফ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । উত্তৰাখণ্ডৰ চাইবাৰ অপৰাধ আৰক্ষী থানাই সতৰ্কতা বৃদ্ধিৰ বাবে নিয়মীয়াকৈ ৰাষ্ট্ৰীয় চাইবাৰ এডভাইজাৰী জাৰি কৰিছে । ইউটিউবৰ সৈতে জড়িত বহু উপদেশ যেনে চাবস্ক্ৰিপচন কেলেংকাৰী, নাইজেৰিয়ান জালিয়াতি, এআই ভিত্তিক ভইচ ক্ল’নিং জালিয়াতি আদি বিগত সময়ত জাৰি কৰা হৈছে ।

উত্তৰাখণ্ড এছ এছ পি এছ টি এফ আয়ুষ আগৰৱালাই চাইবাৰ কমিক্সৰ কাল্পনিক কাহিনীয়ে সজাগতা বৃদ্ধিত সহায় কৰিব বুলি আশা ব্যক্ত কৰিছে । কাল্পনিক চৰিত্ৰ ছুপাৰকপ চক্ৰেশক কেন্দ্ৰ কৰি ছবিখন প্ৰস্তুত কৰা হ’ব, য’ত ছুপাৰকপ চক্ৰেশে নিজৰ দলৰ সৈতে চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে । ইয়াৰ দ্বাৰা অপৰাধীৰ পদ্ধতি উন্মোচিত হ’ব আৰু সজাগতা বৃদ্ধি পাব । একে সময়তে ই জনসাধাৰণক কমিকছৰ সৈতে ৰোমাঞ্চকৰভাৱে সংযোগ স্থাপনৰ বাবেও অনুপ্ৰাণিত কৰিব । ‘উত্তৰাখণ্ড চাইবাৰ কমিক্স’ বিভিন্ন হোৱাটছএপ গ্ৰুপৰ জৰিয়তে প্ৰচাৰ কৰাৰ লগতে চাইবাৰ ক্ৰাইম ষ্টেচনৰ ছ’চিয়েল মিডিয়া পেজৰ জৰিয়তেও প্ৰদৰ্শিত হ’ব ।

কৃত্ৰিম বুদ্ধিমত্তা কি- কম্পিউটাৰ, কম্পিউটাৰ নিয়ন্ত্ৰিত ৰবট বা চফটৱেৰ এটাক মানুহৰ মগজুৰ দৰে বুদ্ধিমত্তাৰে চিন্তা কৰিবলৈ সাজু কৰা এটা বিধি হয় কৃত্ৰিম বুদ্ধিমত্তা ৷ মানুহৰ মগজুৰ আৰ্হি অধ্যয়ন আৰু জ্ঞানমূলক প্ৰক্ৰিয়া বিশ্লেষণ কৰি এআই সম্পন্ন কৰা হয় । এই অধ্যয়নসমূহৰ ফলাফলৰ ফলত বুদ্ধিমত্তাসম্পন্ন চফট্ ৱেৰ আৰু ব্যৱস্থাৰ বিকাশ ঘটে । ইয়াক কৃত্ৰিম বুদ্ধিমত্তা বুলি কোৱা হৈছে ।

লগতে পঢ়ক: ISRO latest update: চন্দ্ৰপৃষ্ঠত পোৱা গৈছে এইসমূহ উপাদান; আছে নেকি হাইড্ৰজেন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.