নেশ্যনেল ডেস্ক,২৬ এপ্ৰিল: উত্তৰাখণ্ডৰ ৰাজ্যিক স্বাস্থ্য বিভাগে হোম আইছ'লেছন কীটৰ সৈতে গুৰুত্বপূৰ্ণ সামগ্ৰী যোগান নধৰাক লৈ অসন্তুষ্টি ব্যক্তি কৰিছে একাংশই । বিভাগটোৱে ক'ভিড-১৯ত আক্ৰান্ত ৰোগীক পৰ্যাপ্ত চিকিৎসা আগবঢ়োৱাত ব্যৰ্থ হোৱাৰো অভিযোগ উত্থাপন হৈছে । শেহতীয়াকৈ ৰাজ্যখনৰ স্বাস্থ্য বিভাগে মহামাৰীৰ লক্ষণ নথকা কৰ'ণা আক্ৰান্ত ৰোগীক হোম আইছ'লেছনত থকাৰ অনুমতি দিছিল আৰু লগতে ৰোগীসকলক এটা হোম আইছ'লেছন কীট প্ৰদান কৰিছিল ।
প্ৰথম অৱস্থাত এই হোম আইছ'লেছন কীটত আছিল ঔষধ, তিনি তৰপীয়া মাস্ক, থাৰ্ম'মিটাৰ, হেণ্ড ছেনিটাইজাৰ, পালছ অক্সিমিটাৰ, বায়' মেডিকেল আৱৰ্জনা মোনা, জিংক ভিটামিন টেবলেট, হোম আইছ'লেছনৰ নিৰ্দেশাৱলী । লগতে আৰোগ্য হোৱাৰ পিছত উক্ত লোকজনে ল'বলগীয়া স্বাস্থ্যৰ যত্ন সন্দৰ্ভত কিছু পৰামৰ্শ সম্বলিত এখন পত্ৰও আছিল কীটটোত । কিন্তু এতিয়া এই হোম আইছ'লেছন কীটটোত অক্সিমিটাৰ আৰু তিনি তৰপীয়া মাস্কৰ দৰে গুৰুত্বপূৰ্ণ সামগ্ৰী নথকাৰ অভিযোগ উত্থাপন কৰিছে ডেৰাডুনৰ এগৰাকী ৰোগীয়ে ।
তেওঁৰ অভিযোগ অনুসৰি, কিছুদিন পূৰ্বে ডেৰাডুনৰ হাজাৰ হাজাৰ ৰোগীক প্ৰদান কৰা নাছিল হোম আইছ'লেছন কীট । কিয়নো, ৰাজ্যখনৰ স্বাস্থ্য কৰ্মীসকলে প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটৰ ফটো কীটৰ পৰা আঁতৰ কৰাতহে অধিক গুৰুত্ব দিছিল । স্বাস্থ্য বিভাগৰ এনে অৱহেলাই মহামাৰীৰ সংকটৰ সময়খিনি অধিক জটিল কৰি তুলিছে বুলি তেওঁ অভিযোগ তোলে ।
ইফালে, এই বিষয়ত ইটিভি ভাৰতৰ আগত স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই কয় যে, যোৱা ১০ দিন ধৰি তেওঁলোকক ঊৰ্ধতন কৰ্তৃপক্ষৰ কাৰ্যালয়ৰ পৰা অক্সিমিটাৰ যোগান ধৰা নাই ৷ সেয়েহে, স্বাস্থ্য কৰ্মীসকলে হোম আইচ'লেছন কিটত অক্সিমিটাৰ প্ৰেৰণ কৰিব পৰা নাই । বিষয়াজনে লগতে কয় যে, স্বাস্থ্য বিভাগে শীঘ্ৰেই ৰোগীসকলক তিনি তৰপীয়া মাস্ক প্ৰদান কৰিব । আনহাতে, উত্তৰাখণ্ডত যোৱা ২৪ ঘণ্টাত ৪,৩৬৮ জন লোক নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হৈছে । আনহাতে, ১,৭৪৮ জন লোক আৰোগ্য হৈ উঠিছে আৰু ৪৪ জনৰ মৃত্যু হৈছে ।
লগতে পঢ়ক: ওড়িশাত মহামাৰী কৰ’ণাই প্ৰাণ ল'লে সাংবাদিকৰ