ETV Bharat / bharat

উত্তৰাখণ্ডত ভয়ংকৰ হিমবাহ বিস্ফোৰণ : ২টা মৃতদেহ উদ্ধাৰ

author img

By

Published : Apr 24, 2021, 2:00 PM IST

উত্তৰাখণ্ডৰ চামোলী জিলাৰ ভাৰত-চীন সীমান্তৰ ওচৰৰ চুমনা গাঁৱত ভয়ংকৰ হিমবাহ বিস্ফোৰণ ৷ সেনা বাহিনীয়ে জনোৱা মতে, অঞ্চলটোত বিগত ৫ দিন ধৰি বৰষুণ আৰু তুষাৰপাত অব্যাহত আছে । ভাৰতীয় সেনাই সেই ঠাই সমূহ চাফা কৰাৰ লগতে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । অভিযানত সেনাই ২ টাকৈ মৃতদেহৰ লগতে ২৯১ গৰাকী লোকক উদ্ধাৰ কৰিছে ৷

uttarakhand glacier burst
উত্তৰাখণ্ডত ভয়ংকৰ হিমবাহ বিস্ফোৰণ

নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল: শুকুৰবাৰে নিশা উত্তৰাখণ্ডৰ চামোলী জিলাৰ ভাৰত-চীন সীমান্তৰ ওচৰৰ চুমনা গাঁৱত এক ভয়ংকৰ হিমবাহ বিস্ফোৰণ সংঘটিত হয় । এনডিআৰএফে জানিবলৈ দিয়া মতে, এই বিস্ফোৰণৰ ফলত ঋষি গংগা নদীৰ পানীৰ স্তৰ দুই ফুট বৃদ্ধি পাইছে । সমান্তৰালকৈ অঞ্চলটোৰ বহু কেইটা পথ সম্প্ৰতি বন্ধ হৈ থকাৰ লগতে এই বিস্ফোৰণৰ ফলত বহু লোক আৱদ্ধ হৈ পৰিছে ৷ সেনা বাহিনীয়ে জনোৱা মতে, অঞ্চলটোত বিগত ৫ দিন ধৰি বৰষুণ আৰু তুষাৰপাত অব্যাহত আছে ।

ইফালে প্ৰচণ্ড তুষাৰপাতৰ ফলত জিলা প্ৰশাসন, এনডিআৰএফ, এছডিআৰএফ আৰু বিআৰঅ' দলৰ দ্বাৰা চলোৱা অনুসন্ধান আৰু উদ্ধাৰ অভিযানত বাধা আহি পৰিছে । বিষয়াসকলে কোৱা মতে, প্ৰচণ্ড তুষাৰপাতৰ ফলত উদ্ধাৰ অভিযান বন্ধ হৈ পৰিছে আৰু পথটো পৰিষ্কাৰ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে । জানিব পৰা মতে, প্ৰচণ্ড তুষাৰপাতৰ মাজত উদ্ধাৰকাৰী দলটোৰ কেইজনমান বিষয়াও আৱদ্ধ হৈ আছে ।

হিমবাহ বিস্ফোৰণৰ পাচত ভাৰতীয় সেনাই সেই ঠাই সমূহ পৰিস্কাৰ কৰাৰ লগতে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । পথ বন্ধ কৰি ৰখা আৱৰ্জনা বৰফ আদি পৰিষ্কাৰ কৰাৰ সময়ত ভাৰতীয় সেনাই ২ টাকৈ মৃতদেহ উদ্ধাৰ কৰিছে আৰু প্ৰায় ২৯১ গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । ভাৰতীয় সেনাই শনিবাৰে জনোৱা মতে, একাধিকবাৰ হোৱা ভূমিস্খলনৰ ফলত কেইবাটাও পথ বন্ধ হৈ আছে ৷ অৱশ্যে যোশীমঠৰ বিআৰটিএফ দলে সন্ধিয়াৰ পৰা ভাপকুণ্ডৰ পৰা চুমনালৈ যোৱা পথ মুকলি কৰাৰ কাম আৰম্ভ কৰিছে ।

এই দুৰ্যোগৰ কথা গম পোৱাৰ পাচতে মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটে যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছে । তেওঁ জনোৱা মতে, বিআৰটিঅ' আৰু জিলা প্ৰশাসনৰ সৈতে তেওঁ নিয়মীয়া যোগাযোগত আছে । ইতিমধ্যে এনটিপিচি আৰু অন্যান্য জলবিদ্যুৎ প্ৰকল্পৰ কামো বন্ধ কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হিমবাহ বিস্ফোৰণৰ কথা গম পোৱাৰ লগে লগে আইটিবিপিক সতৰ্ক থাকিবলৈ নিৰ্দেশ দিয়াৰ উপৰিও ৰাজ্য চৰকাৰক সম্পূৰ্ণ সহায়ৰ আশ্বাস দিছে ।

যোৱা ফেব্ৰুৱাৰী মাহতো উত্তৰাখণ্ডত সংঘটিত ভয়ংকৰ হিমবাহ বিস্ফোৰণত ৫০ ৰো অধিক অধিক মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু বহু লোক সন্ধানহীন হৈছিল ৷

লগতে পঢ়ক:ৰেমডেচিবিৰ ক'লা বেহাৰ অভিযোগত তেলেংগানাত গ্ৰেপ্তাৰ চাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.