ETV Bharat / bharat

অসমৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে শিকিলে উত্তৰাখণ্ডৰ শিক্ষামন্ত্ৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 8:25 AM IST

Minister Dhan Singh: উত্তৰাখণ্ড চৰকাৰে শিক্ষা ব্যৱস্থা উন্নত কৰিবলৈ নিৰন্তৰ চেষ্টা কৰি আছে । তাৰেই অংশ হিচাপে উত্তৰাখণ্ডৰ শিক্ষামন্ত্ৰী ধন সিং ৰাৱাটে অসমৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে জ্ঞান লয় আৰু তেওঁৰ মতামত ব্যক্ত কৰে । আনহাতে, অসমৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ অনলাইন উপস্থিতিৰ ফৰ্মেট উত্তৰাখণ্ডত প্ৰৱৰ্তন কৰিব পাৰি নেকি সেই বিষয়েও বিবেচনা কৰা হ'ব ।

অসমৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে শিকিলে উত্তৰাখণ্ডৰ শিক্ষা মন্ত্ৰীয়ে

নিউজ ডেস্ক, ২ জানুৱাৰী : অসমৰ শিক্ষা ব্যৱস্থাই আকৰ্ষিত কৰিছে উত্তৰাখণ্ড চৰকাৰক । যাৰবাবে অসমৰ শিক্ষা ব্যৱস্থাক মডেল হিচাপে গ্ৰহণ কৰিব বিচাৰিছে ৰাজ্যখনৰ শিক্ষা বিভাগে । উল্লেখ্য যে শিক্ষা বিভাগে উত্তৰাখণ্ডত শিক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবে বহু পৰীক্ষা-নিৰীক্ষা কৰি আহিছে । তাৰেই অংশ হিচাপে বিভিন্ন ৰাজ্যত চলি থকা শিক্ষা ব্যৱস্থা সন্দৰ্ভত অধ্যয়ন কৰি আছে যাতে ইয়াক ৰাজ্যখনত প্ৰৱৰ্তন কৰিব পৰা যায় । এই সংক্ৰান্তত উত্তৰাখণ্ডৰ শিক্ষামন্ত্ৰী ধন সিং ৰাৱটে অসম ভ্ৰমণ কৰে আৰু অসমৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে জানিবলৈ চেষ্টা কৰে । শিক্ষা মন্ত্ৰী ধন সিঙে অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকতো মিলিত হয় ।

শিক্ষামন্ত্ৰী ধন সিং ৰাৱটে অসমৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে জানিবলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হয় । অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত শিক্ষা বিভাগৰ বিষয়াসকলৰ বৈঠকত তেওঁ নতুন শিক্ষা নীতি ২০২০ৰ অধীনত বিভিন্ন আঁচনিৰ বিষয়ে জানিব পাৰে । ইয়াৰ ভিতৰত আছে বদলিকৰণ নীতি, শিক্ষক আৰু শিক্ষাৰ্থীৰ উপস্থিতি, মডেল আৰু আদৰ্শ বিদ্যালয়ৰ লগতে শিক্ষাৰ অধীনত পৰিচালিত বিভিন্ন আঁচনি ।

গুৱাহাটীত অনুষ্ঠিত বৈঠকত অসমৰ শিক্ষা বিভাগৰ বিষয়াসকলে বিভিন্ন প্ৰকল্পৰ সৈতে সম্পৰ্কিত প্ৰেজেণ্টেচনো প্ৰদান কৰে । তেওঁৰ অসম ভ্ৰমণৰ সময়ত অনুষ্ঠিত এই বৈঠকত মুখ্য গুৰুত্ব আছিল নতুন শিক্ষা নীতি, ২০২০ৰ ওপৰত । এই ক্ষেত্ৰত অনলাইন শিক্ষা আৰু বিদ্যালয়ত উপস্থিতিকে ধৰি বদলিকৰণ নীতি সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰতো আলোচনা কৰা হয় । ভৌগোলিক আৰু সামাজিক পৰিৱেশৰ ক্ষেত্ৰত মডেল আৰু আদৰ্শ বিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত অসম চৰকাৰৰ ব্যৱস্থা সন্দৰ্ভতো তেওঁ জ্ঞান লয় । উল্লেখ্য যে অসম চৰকাৰে চিবিএছই বোৰ্ডৰ অধীনত আদৰ্শ বিদ্যালয়সমূহত ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰদান কৰি আছে । আনহাতে, শিক্ষক আৰু শিক্ষাৰ্থীৰ উপস্থিতি নিশ্চিত কৰিবলৈ অসম শিক্ষা সেতু নামৰ এটা এপো প্ৰস্তুত কৰা হৈছে ।

বৈঠকত শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ অনলাইন উপস্থিতিৰ ফৰ্মেট যথেষ্ট উন্নত বুলি বিবেচনা কৰা হয় আৰু উত্তৰাখণ্ডতো এই মডেল গ্ৰহণ কৰাৰ বিষয়ে বিবেচনা কৰিব । আনহাতে, উত্তৰাখণ্ডৰ শিক্ষামন্ত্ৰী ধন সিং ৰাৱাটেও উত্তৰাখণ্ডত চলি থকা আঁচনিসমূহৰ বিষয়ে অসম চৰকাৰৰ বিষয়াসকলক অৱগত কৰে । তেওঁ বিষয়াসকলক উত্তৰাখণ্ডৰ বিদ্যা সমীক্ষা কেন্দ্ৰ আৰু নতুন শিক্ষা নীতি অধ্যয়ন কৰিবলৈও আমন্ত্ৰণ জনায় ।

লগতে পঢ়ক :নৱবৰ্ষৰ প্ৰথম দিনটোতে মণিপুৰত হিংসাত্মক ঘটনাত নিহত ৪

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.