ETV Bharat / bharat

উত্তৰাখণ্ড জিলা ন্যায়াধীশক নিলম্বনৰ লগতে পাঁচগৰাকীকৈ ন্যায়াধীশক বদলি

চৰকাৰী নিয়মবিৰোধী অভিযানত নিলম্বন ডেৰাডুনৰ জিলা ন্যায়াধীশ প্ৰশান্ত জোশী । চৰকাৰী কাম-কাজ সম্পাদন কৰিবলৈ আত্মীয়ৰ ব্যক্তিগত বাহন ব্যৱহাৰ কৰাৰ বাবেই নিলম্বন ন্যায়াধীশ জোশীক । এই ঘটনাৰ মাজতে পাঁচগৰাকীকৈ ন্যায়াধীশক বদলি উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ ।

পাঁচগৰাকীকৈ ন্যায়াধীশক বদলি
উত্তৰাখণ্ড জিলা ন্যায়াধীশক নিলম্বন
author img

By

Published : Dec 23, 2020, 3:35 PM IST

নেশ্যনেল ডেস্ক, ২৩ ডিচেম্বৰ: মংগলবাৰে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে ডেৰাডুনৰ জিলা ন্যায়াধীশ প্ৰশান্ত জোশীক নিলম্বন কৰে । চৰকাৰী নিয়মবিৰোধী অভিযানৰ পাচত নিলম্বন কৰে জোশীক । ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি জোশীয়ে তেওঁৰ চৰকাৰী কাম-কাজ সম্পাদন কৰিবলৈ আত্মীয় এগৰাকীৰ ব্যক্তিগত বাহন ব্যৱহাৰ কৰিছিল । তাৰ পাচতে ২২ ডিচেম্বৰত মুখ্য ন্যায়াধীশ ৰবি কুমাৰ মলিমঠৰ নিৰ্দেশমৰ্মে জোশীক নিলম্বন কৰা হয় ।

তেওঁৰ বিৰুদ্ধে পৰৱৰ্তী শুনানি পৰ্যন্ত ৰুদ্ৰপ্ৰয়াগস্থিত জিলা ন্যায়াধীশৰ মুখ্য কাৰ্যালয়ৰ সৈতে সংযোগ স্থাপন কৰিব লাগিব আৰু উচ্চ ন্যায়ালয়ৰ অনুমতি অবিহনে উক্ত চহৰৰ পৰা আন চহৰলৈ যাব নোৱাৰিব । জোশীক উচ্চ ন্যায়ালয়ে নিলম্বন কৰে যদিও তেওঁৰ মাহিলা পাৰিশ্ৰমিকৰ আধা অংশ লাভ কৰিব ।

ইয়াৰ মাজতে ৰাজ্যখনৰ সঞ্চালক জি কে শৰ্মা, উত্তৰাখণ্ড ন্যায়িক আৰু আইনী একাডেমী (প্ৰক্ৰিয়া)ৰ ভূৱালীকে ধৰি পাঁচগৰাকীকৈ ন্যায়াধীশক বদলিকৰণ কৰে । তেওঁলোকৰ পদত চি পি বিজলৱান, খাদ্য সুৰক্ষা বিভাগৰ ন্যায়াধীকৰণ, ডেৰাডুন জিলা আৰু সত্ৰ ন্যায়াধীশকে ধৰি চাৰিগৰাকীকৈ ন্যায়াধীশক উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ত নিয়োগ কৰা হয় ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশৰ সাৰ কাৰখানাত গেছ নিৰ্গত হৈ 2 জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.