ETV Bharat / bharat

চম্পাৱতৰ পৰা উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে

author img

By

Published : May 5, 2022, 9:56 PM IST

আগন্তুক উত্তৰাখণ্ড বিধানসভা উপ-নিৰ্বাচনত চম্পাৱত বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ৷ বিজেপি দলে বৃহস্পতিবাৰে এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰে এই কথা ।

Uttarakhand CM Dhami to contest bypoll from Champawat
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী

নিউজ ডেস্ক, 5 মে’ : উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে চম্পাৱত বিধানসভা সমষ্টিৰ পৰা আগন্তুক উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব(Uttarakhand CM Dhami to contest by-poll from Champawat) ৷ ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে আগন্তুক উত্তৰাখণ্ড বিধানসভা উপ-নিৰ্বাচন 2022ৰ বাবে পুষ্কৰ সিং ধামীক অনুমোদন জনাইছে ৷ বিজেপি দলে বৃহস্পতিবাৰে এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰে এই কথা ।

ইয়াৰ পূৰ্বে, বিজেপি বিধায়ক কৈলাশ গেহতোৰীয়ে চম্পাৱত বিধানসভা সমষ্টিৰ পৰা পদত্যাগ কৰি ধামীক বিধানসভা উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পথ প্ৰশস্ত কৰি দিয়ে(Pushkar Singh Dhami will contest the upcoming by-election) । উত্তৰাখণ্ডত 2022 চনৰ বিধানসভা নিৰ্বাচনত(Uttarakhand By Poll 2022) বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰা যদিও ধামীয়ে খাতিমা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ভূৱন চন্দ্ৰ কাপৰিৰ হাতত পৰাজিত হয় ।

আনহাতে, সোমবাৰে নিৰ্বাচন আয়োগে ওড়িশা, কেৰালা আৰু উত্তৰাখণ্ডৰ তিনিটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে । নিৰ্বাচন আয়োগৰ মতে, এই সমষ্টিকেইটাত ভোটগ্ৰহণ 31 মে'ত অনুষ্ঠিত হ'ব আৰু ভোটগণনা 3 জুনত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক : মণিপুৰৰ ৰাজধানী ইম্ফলত শক্তিশালী IED বিস্ফোৰণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.