ETV Bharat / bharat

ৰাজস্থানৰ কোটাত পুনৰ আত্মহত্যাৰ ঘটনা; চলিত বছৰত ২৭ শিক্ষাৰ্থীৰ আত্মহত্যা

ৰাজস্থানৰ কোটাৰ মহাবীৰ নগৰ প্ৰথাম অঞ্চলত অৱস্থিত এটা ব্যক্তিগত হোষ্টেলত বৃহস্পতিবাৰে নিশা উত্তৰ প্ৰদেশৰ এগৰাকী ২২ বছৰীয়া নিটৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীয়ে আত্মহত্যা কৰে ।

চলিত বছৰত ২৭ শিক্ষাৰ্থীৰ আত্মহত্যা
ৰাজস্থানৰ কোটাত পুনৰ আত্মহত্যাৰ ঘটনা
author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 8:05 PM IST

নিউজ ডেস্ক, ৩০ নৱেম্বৰ : কোচিং চেণ্টাৰত অধ্যয়নৰত আন এগৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লয় । ৰাজস্থানৰ কোটাৰ মহাবীৰ নগৰ প্ৰথাম অঞ্চলত অৱস্থিত এটা ব্যক্তিগত হোষ্টেলৰ কোঠাত বৃহস্পতিবাৰে নিশা এগৰাকী ২২ বছৰীয়া নিটৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীয়ে আত্মহত্যা কৰে । তেওঁক আছান সিং যাদৱৰ জীয়াৰী নিশা বুলি চিনাক্ত কৰা হৈছে । ছাত্ৰীগৰাকী মূলতঃ উত্তৰ প্ৰদেশৰ উৰিয়া জিলাৰ নাগলা যোধা অঞ্চলৰ বাসিন্দা ।

জৱাহৰ নগৰ আৰক্ষী থানাৰ হেড কনিষ্টবল ৰঞ্জিত সিঙে জনোৱা মতে, অধ্যয়নৰত শিক্ষাৰ্থীসকলে অধ্যয়নৰ বাবে নিশা পলমকৈ টোপনি যায় । কিন্তু বুধবাৰে নিশা তেওঁৰ পৰিয়ালৰ লোকে তেওঁৰ সৈতে যোগাযোগ কৰিব পৰা নাছিল । তাৰ পিছত পৰিয়ালৰ লোকে হোষ্টেল অপাৰেটৰক ফোন কৰে । তাৰ পিছতে তেওঁ লগে লগে গৈ ছাত্ৰীগৰাকীৰ দুৱাৰত টোকৰ মাৰে ।

কিন্তু তেওঁৰ পৰা কোনো সঁহাৰি পোৱা নাছিল । ফলত হোষ্টেল অপাৰেটৰে আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰে । ইয়াৰ পিছত নিশা ১.৪৫ বজাত আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় । তেওঁলোকে দুৱাৰখন ভাঙি কোঠাটোত প্ৰৱেশ কৰি নিশাক মৃত অৱস্থাত উদ্ধাৰ কৰে । আনহাতে, ভুক্তভোগীৰ পৰিয়ালৰ সদস্যসকল বৃহস্পতিবাৰে পুৱা কোটাত উপস্থিত হয় । তাৰ পিছত চিকিৎসকে এমবিএছ চিকিৎসালয়ৰ শৱগৃহত তেওঁৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে ।

মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহটো আত্মীয়ক হস্তান্তৰ কৰা হয় । মৃতকৰ পিতৃ আছান সিঙে জনোৱা মতে, তেওঁ নিশাক চলিত বছৰৰ মে' মাহত কোচিং চেণ্টাৰটোত নামভৰ্তি কৰাই দিছিল । "তেওঁ প্ৰতিমাহে (কোচিং চেণ্টাৰ) পৰীক্ষাত বহিছিল আৰু মই সকলো তথ্য লাভ কৰিছিলোঁ । সকলো ঠিকেই আছিল । মই প্ৰতিমাহে তেওঁক লগ কৰিছিলোঁ । মই আনকি তেওঁক কেইবাৰমান ঘৰলৈও লৈ গৈছোঁ । মই তেওঁক চলিত মাহৰ ১৮ তাৰিখে হোষ্টেলত থৈ গৈছিলোঁ ।" আছান সিঙে কয় ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে নিশা ৰাজীৱ গান্ধী নগৰত বাস কৰিছিল আৰু কিছুদিন পূৰ্বে এই হোষ্টেলত থাকিবলৈ লৈছিল । তাতেই ঘটনাটো সংঘটিত হয় । আনহাতে, আন এক উল্লেখনীয় কথা হৈছে যে কেৱল চলিত বছৰটোতে কোটাত অধ্যয়নৰত ২৭ গৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত লৈছে । এনে এক শেহতীয়া ঘটনাত পশ্চিমবংগৰ এগৰাকী ২০ বছৰীয়া নিটৰ প্ৰশিক্ষাৰ্থীক ২৭ নৱেম্বৰৰ নিশা কোটাত তেওঁৰ ভাড়াঘৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল ।

লগতে পঢ়ক :অমিত শ্বাহৰ ভ্ৰমণৰ পিছদিনাই একাধিক তৃণমূল নেতাৰ ঘৰত চিবিআইৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.