ETV Bharat / bharat

চীনৰ পৰিৱৰ্তে ভাৰতত মূলধন ব্যৱহাৰ কৰিব বিচাৰে আমেৰিকাই : নীতিন গাডকাৰী

author img

By

Published : Sep 16, 2021, 11:51 AM IST

সমগ্ৰ বিশ্বই বহনক্ষম অৰ্থনৈতিক বিকাশৰ বাবে ভাৰতক অনুসৰণ কৰি আছে । চৰকাৰে 'আত্ম নিৰ্ভৰ' উদ্যোগৰ অধীনত যুৱসমাজক উৎসাহিত আৰু সমৰ্থন কৰি আছে । সেয়ে চীনৰ পৰিৱৰ্তে ভাৰতত মূলধন ব্যৱহাৰ কৰিব বিচাৰে আমেৰিকাই বুলি নীডিন গাডকাৰীয়ে এক বিবৃতি প্ৰকাশ কৰিছে ৷

Nitin Gadkari
চীনৰ পৰিৱৰ্তে ভাৰতত মূলধন ব্যৱহাৰ কৰিব বিচাৰে আমেৰিকাই

নেশ্যনেল ডেস্ক, ১৬ ছেপ্টেম্বৰ : আমেৰিকাই চীনৰ পৰিৱৰ্তে ভাৰতত তেওঁলোকৰ মূলধন ব্যৱহাৰৰ চিন্তা চৰ্চা কৰিছে । ভাৰতৰ প্ৰগতি আৰু বিকাশৰ বাবে আমেৰিকাই প্ৰযুক্তি আৰু মূলধনেৰে ভাৰতক সমৰ্থন কৰিব বিচাৰে । এই মন্তব্য পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ (Nitin Gadkari) ।

নাগপুৰৰ বিশ্বেশ্বৰায় ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (Visvesvaraya National Institute Of Technology) ১৯ সংখ্যক সমাৱৰ্তন কাৰ্যসূচীত ভাষণ প্ৰদান কৰি এই কথা ঘোষণা কৰিলে মন্ত্ৰীগৰাকীয়ে । প্ৰায় আঠ দিন পূৰ্বে এক বৈঠকত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে তেওঁক এই বিষয়ত আগ্ৰহ দেখুৱাইছে বুলি গাডকাৰীয়ে প্ৰকাশ কৰে ।

তেওঁ লগতে কয় যে, সমগ্ৰ বিশ্বতে ভাৰতৰ বুদ্ধিজীৱিসকলক স্বীকৃতি দিয়াৰ লগতে প্ৰশংসা কৰা হৈছে । সমগ্ৰ বিশ্বই বহনক্ষম অৰ্থনৈতিক বিকাশৰ বাবে ভাৰতক অনুসৰণ কৰি আছে । চৰকাৰে 'আত্ম নিৰ্ভৰ' উদ্যোগৰ অধীনত যুৱসমাজক উৎসাহিত আৰু সমৰ্থন কৰি আছে । গাডকাৰীৰ মতে 'আত্ম নিৰ্ভৰ ভাৰত' (Atma Nirbhar Bharat), 'মেক ইন ইণ্ডিয়া'(Make in India), 'ষ্টাৰ্ট-আপ ইণ্ডিয়া'(Start-Up India)ৰ দৰে সক্ৰিয় আঁচনিয়ে যুৱসমাজক তেওঁলোকৰ উদ্ভাৱনী ধাৰণা আৰু ধাৰণাসমূহৰ জৰিয়তে দেশক পৰিৱৰ্তন কৰিবলৈ উৎসাহিত কৰি আহিছে ।

দেশত প্ৰযুক্তিৰ ক্ষেত্ৰত বিকাশৰ কথা উল্লেখ কৰি গাডকাৰীয়ে কয় যে কেবিনেট বৈঠকত পাহাৰীয়া অঞ্চলত আপেল খেতিৰ ক্ষেত্ৰত ড্ৰোন প্ৰযুক্তি (Drone technology) ব্যৱহাৰ পৰামৰ্শ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ড্ৰোন প্ৰযুক্তিৰ বিৱৰ্তনৰ কথা উল্লেখ কৰি গাডকাৰীয়ে কয় যে ভাৰত চৰকাৰে এতিয়া অট’ম’বাইল আৰু প্ৰযুক্তিৰ বাবে বিশেষ পেকেজ দিছে ।

ড্ৰোন প্ৰযুক্তি অতি গুৰুত্বপূৰ্ণ ৷ কিয়নো ইয়াক কৃষিকাৰ্যত কীটনাশক ছটিয়াবলৈ ব্যৱহাৰ কৰা হৈছে । ইফালে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে চৰকাৰে বিদেশৰ পৰা বিনিয়োগকাৰীসকলক আমন্ত্ৰণ জনাইছে । সেয়ে বিশ্বেশ্বৰায় ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক মন্ত্ৰীগৰাকীয়ে অনুৰোধ জনাই যাতে ড্ৰোনৰ বাবে প্ৰতিষ্ঠানখনে এটা বিশেষ বিভাগ সৃষ্টি কৰে । দেশৰ ভৱিষ্যতৰ পৰিবহণৰ মাধ্যম হ'ব ড্ৰোন । ইফালে ইয়াক কৃষি আৰু পৰিবহণ দুয়োটা ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰি ।

লগতে পঢ়ক: 75 টকাত পেট্ৰ’ল আৰু 68 টকাত ডিজেল কেনেকৈ সম্ভৱ ভাৰতত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.