নেশ্যনেল ডেস্ক,৫ আগষ্ট : মহাৰাষ্ট্ৰৰ কোলহাপুৰত চাঞ্চল্যকৰ ঘটনা । এখন ব্যক্তিগত বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে হিন্দুত্ববাদী সংগঠনৰ প্ৰতিবাদ । দশম শ্ৰেণীৰ ছাত্ৰই পৰীক্ষাৰ উত্তৰ বহীত 'জয় শ্ৰী ৰাম' লিখাক লৈ তীব্ৰ উত্তেজনা ।
উল্লেখ্য যে কোলহাপুৰৰ এখন ব্যক্তিগত বিদ্যালয়ৰ দশম শ্ৰেণীৰ এজন ছাত্ৰই উত্তৰ বহীত 'জয় শ্ৰী ৰাম' লিখিছিল । সেই দেখি বিদ্যালয়খনৰ এগৰাকী শিক্ষকে আপত্তি দৰ্শাই ছাত্ৰজনক গালি-গালাজ কৰিছিল । ইয়াৰ পাছতে একাংশ হিন্দুত্ববাদী সংগঠনে বিদ্যালয়ত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । উক্ত শিক্ষক আৰু বিদ্যালয় প্ৰশাসনৰ বিৰুদ্ধে হিন্দুত্ববাদী সংগঠনসমূহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
হিন্দুত্ববাদী সংগঠনৰ কৰ্মীসকলে বিদ্যালয়ৰ সন্মুখত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে । হিন্দুত্ববাদী সংগঠনসমূহে বিদ্যালয় প্ৰশাসনৰ বিৰুদ্ধে আক্ৰমণাত্মক হোৱা দেখা যায় । বিদ্যালয় প্ৰশাসন আৰু শিক্ষকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্ল'গান দিয়া দেখা যায় । হিন্দুত্ববাদী প্ৰতিবাদকাৰীয়ে কোনো ধৰ্মৰ শিক্ষাৰ্থীৰ ওপৰত ধৰ্মীয় প্ৰতিবন্ধকতা আৰোপ কৰিব নোৱাৰে বুলি দাবী কৰে ।
ইফালে শ্বাহুপুৰী আৰক্ষী থানাৰ আৰক্ষী পৰিদৰ্শক অজয় কুমাৰ সিন্দকাৰে লগে লগে ঘটনাস্থলীত উপস্থিত হয় । তেওঁৰ নেতৃত্বত আৰক্ষীৰ দলে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে । পৰিদৰ্শক অজয় কুমাৰ সিন্দকাৰে বিদ্যালয় প্ৰশাসন, শিক্ষক, শিক্ষাৰ্থী আৰু হিন্দুত্ববাদী সংগঠনৰ সৈতে এখন বৈঠকৰ আহ্বান জনায় । কিন্তু হিন্দুত্ববাদী সংগঠনসমূহে শিক্ষকজনক নিলম্বন কৰাৰ দাবীত অটল থাকে । অৱশেষত বিদ্যালয় প্ৰশাসনে কয় যে তেওঁলোকে সংশ্লিষ্ট শিক্ষকৰ বিৰুদ্ধে নিলম্বনৰ ব্যৱস্থা গ্ৰহণ কৰিব ।
আনহাতে উক্ত ঘটনাটোৰ পাছতে শিৱাজী উদ্যান এলেকাত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হয় । ইফালে সমগ্ৰ ঘটনাটোক লৈ ৰাজ্যজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । একাংশই অভিযোগ কৰা মতে সমগ্ৰ ঘটনাটোক কিছুমান লোক সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা কৰিছে । একাংশ লোকে শিক্ষকগৰাকীক সমালোচনা কৰাৰ বিপৰীতে একাংশই আকৌ হিন্দুত্ববাদী সংগঠনসমূহৰ আক্ৰমণাত্মক পদক্ষেপক সমালোচনা কৰিছে ।
লগতে পঢ়ক :Attack on Dalit : চোৰৰ সন্দেহত এজন দলিতক নিৰ্মমভাৱে হত্যা