ETV Bharat / bharat

ভূ-স্বৰ্গত চলিত বৰ্ষৰ প্ৰথমজাক তুষাৰপাতঃ আনন্দিত পৰ্যটক

author img

By

Published : Nov 17, 2020, 7:28 AM IST

জম্মু-কাশ্মীৰৰ ৰামবন জিলাত চলিত বৰ্ষৰ প্ৰথমজাক তুষাৰ পাত পৰা পৰিলক্ষিত হৈছে ৷ যাৰ ফলত জিলাখনৰ অধিকাংশ ৰাজপথ আৰু সমগ্ৰ যোগাযোগ ব্যৱস্থাৰ লগতে জনজীৱন ব্যাহত হৈ পৰিছে ৷ ইপিনে বিভিন্ন দেশী-বিদেশী পৰ্যটকে নাথাটাপ ক্ষেত্ৰত এই তুষাৰপাতৰ বাবে আনন্দ লাভ কাৰও পৰিলক্ষিত হৈছে ৷

Upper reaches of Jammu witness season's first snowfall
ভূ-স্বৰ্গত চলিত বৰ্ষৰ প্ৰথমটো তুষাৰপাত; আনন্দিত পৰ্যটক

নিউজ ডেস্ক,17 নৱেম্বৰঃ জম্মু এলেকাৰ উপৰি প্ৰান্তত সোমবাৰে চলিত বৰ্ষৰ প্ৰথমজাক তুষাৰপাত পৰিছে ৷ উল্লেখযোগ্য যে, কেন্দ্ৰীয় শাসিত প্ৰদেশখনৰ বিভিন্ন প্ৰান্তত কম বেছি পৰিমানে বৰষুণ পৰাৰ পিছৰে পৰা অঞ্চল সমূহত তাপমাত্ৰা কম হোৱা দেখিবলৈ পোৱা গৈছে ৷

ইপিনে পৰ্যটক সকলে নাথাটাপ এলেকাত তুষাৰপাতৰ সৌৰ্ন্দয উপভোগ কৰা দেখিবলৈ পোৱা গৈছে ৷ অঞ্চলটোত বৰফ পৰাৰ ফলত ৰাস্তা-ঘাট সকলোতে বৰফে আঁৱৰি ধৰা দেখিবলৈ পোৱা গৈছে ৷

আনহাতে এগৰাকী চৰকাৰী বিষয়াই জনোৱা অনুসৰি, জৱাহৰ সুৰংগ অঞ্চলটো প্ৰৱল তুষাৰপাত পৰাৰ ফলত জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়া হৈছে ৷ একেদৰে পীৰপঞ্জল পাহাৰতো তুষাৰপাত পৰাৰ ফলত মোগল ৰোডৰ পথছোৱা বন্ধ কৰি দিয়া বুলি জানিব পৰা গৈছে ৷

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি জম্মুৰ অধিকতম তাপমাত্ৰা 22 ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে সোমবাৰে নূন্যতম তাপমাত্ৰা নিম্মগামী হৈ 13 ডিগ্ৰী চেলছিয়াছলৈ নামি পৰে ৷

লগতে পঢ়কঃ বৰপেটাত পৰাগ ভূঞাক শ্ৰদ্ধাঞ্জলি বৰনগৰ প্ৰেছ ক্লাৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.