নেশ্যনেল ডেস্ক, 11 জুলাই : উত্তৰ প্ৰদেশ চৰকাৰৰ জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কৰ প্ৰথম খচৰা প্ৰকাশ কৰা হয় । উত্তৰ প্ৰদেশ ৰাজ্যিক আইন আয়োগে (UPSLC) শুক্ৰবাৰে নিজৰ ৱেবছাইটত প্ৰস্তাৱিত জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কৰ প্ৰথম খচৰা প্ৰকাশ কৰে । এই খচৰা অনুসৰি দুটাতকৈ অধিক সন্তান থকা লোকে সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব । ইয়াৰ উপৰিও তেওঁলোকে কোনো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব ।
UPSLC ৱেবছাইটত কোৱা হৈছে যে ৰাজ্যিক আইন আয়োগে ৰাজ্যখনৰ জনসংখ্যা নিয়ন্ত্ৰণ, স্থিৰতা আৰু কল্যাণৰ ওপৰত কাম কৰি আছে আৰু তাৰ আধাৰতে এই খচৰা প্ৰস্তুত কৰিছে । ৰাজ্যিক কৰ্মচাৰীৰ ক্ষেত্ৰত এই খচৰাত উল্লেখ থকা মতে যিসকল ৰাজ্যিক কৰ্মচাৰীয়ে এই নিয়ম পালন কৰিব তেওঁলোকৰ চাকৰিৰ সময়ত দুবাৰকৈ ভাট্টা বৃদ্ধি কৰা হ'ব, গৰ্ভধাৰণৰ সময়চোৱাত বা অন্যান্য ১২ মহীয়া ছুটীৰ সময়ত সম্পূৰ্ণ দৰমহা আৰু ভাট্টা দিয়া হ'ব আৰু ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত নিয়োগকৰ্তাৰ অৱদানৰ ক্ষেত্ৰত তিনি শতাংশ বৃদ্ধি কৰা হ'ব । আনহাতে খচৰা সন্দৰ্ভত পৰামৰ্শ গ্ৰহণৰ পাছতে আয়োগে বিধেয়কখন পৰৱৰ্তী বিবেচনাৰ বাবে ৰাজ্য চৰকাৰক হস্তান্তৰ কৰিব ।
বিধেয়কখন সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে বাৰ্তালাপ কৰি ৰাজ্যিক আইন আয়োগৰ অধ্যক্ষ ন্যায়াধীশ এ এন মিত্তালে কয় যে, স্বাধীনতাৰ সময়ৰ পৰাই জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰযোজ্য হোৱাটো প্ৰয়োজন আছিল । উত্তৰ প্ৰদেশৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে সেয়েহে ইয়াক প্ৰযোজ্য কৰাটো অতি প্ৰয়োজন বুলি অধ্যক্ষ গৰাকীয়ে উল্লেখ কৰে ।
তেওঁ লগতে কয় যে, এই বিধেয়কখন প্ৰস্তুত কৰিবলৈ আয়োগে স্বতঃপ্ৰণোদিত পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁৰ মতে যদি জনসংখ্যা নিয়ন্ত্ৰণ কৰা নহয় তেন্তে নিবনুৱা, দৰিদ্ৰতা আৰু এনে ধৰণৰ অন্যান্য সমস্যা বৃদ্ধি হৈ থাকিব । আয়োগে অসম, ৰাজস্থান আৰু মধ্য প্ৰদেশত ৰূপায়ণ কৰা জনসংখ্যা নিয়ন্ত্ৰণ আইনবোৰো অধ্যয়ন কৰিছিল । নিবনুৱা, ক্ষুধা, দৰিদ্ৰতা আদি বিষয়বোৰ লক্ষ্য ৰাখিয়ে এই খচৰা প্ৰস্তুত কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ আশা কৰে যে ৰাজ্য চৰকাৰে খচৰাখন পঢ়িব আৰু সেই অনুসৰি ইয়াক আইনত ৰূপান্তৰিত কৰিব ।
তেওঁ লগতে কয় যে, খচৰা অনুসৰি যদি এজন ব্যক্তিয়ে দুটা সন্তানৰ নীতি গ্ৰহণ নকৰে তেন্তে তেনে লোকৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । তেওঁৰ মতে ৰেচন কাৰ্ডৰ সুবিধা কৰ্তন কৰি দিয়াৰ লগতে চৰকাৰৰ সকলো সুবিধাৰ পৰা বঞ্চিত হ'ব সেই লোকসকল । উল্লেখ্য যে, ২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ প্ৰদেশৰ জনসংখ্যা আছিল প্ৰায় ২০ কোটি । এই সংখ্যা বৰ্তমান প্ৰায় ২৪ কোটি হ'ব বুলি অনুমান কৰা হৈছে ।
লগতে পঢ়ক :ক'ভিড বিধি উলংঘন: দেশত তৃতীয় ঢৌৰ বাবে দায়ী হ'ব সাধাৰণ নাগৰিক