ETV Bharat / bharat

UP polls 2022: বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত কৃষি প্ৰধান আমেঠি সমষ্টি

author img

By

Published : Feb 25, 2022, 1:46 PM IST

উত্তৰপ্ৰদেশৰ আমেঠি সমষ্টিৰ কৃষকসকল বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিছে (Amethi constituency burdened with various problems)। সাৰ ক্ৰয়ৰ পৰা আৰম্ভ কৰি ঋণ পৰিশোধলৈকে, বন্য জন্তুৰ উপদ্ৰৱৰ পৰা বিদ্যুতৰ নাটনিলৈকে ভিন্ন সমস্যাৰে জৰ্জৰিত সমষ্টিটো । প্ৰতিবছৰে বৃহৎ লোকচানৰ সন্মুখীন হৈছে কৃষকসকল । তেনেস্থলত এই নিৰ্বাচনত কৃষকসকলৰ ভোট কাৰ পক্ষত থাকে সেয়াহে লক্ষণীয় হ'ব ।

UP polls 2022
বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত কৃষি প্ৰধান আমেঠি সমষ্টি

নেশ্যনেল ডেস্ক,২৫ ফেব্ৰুৱাৰী : উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচনৰ (UP assembly election 2022) ইতিমধ্যে ৪টা পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈছে । ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ । এই পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত কেইবাটাও সমষ্টি অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । তাৰ ভিতৰত অন্যতম হৈছে আমেঠি সমষ্টি । আমেঠি জিলাৰ অধীনত চাৰিটা বিধানসভা সমষ্টি আছে । তাৰ ভিতৰত গৌৰীগঞ্জ, তিলোই, জগদীশপুৰ (সংৰক্ষিত) আৰু আমেঠি । ইয়াৰে আমেঠি সমষ্টিয়ে বৰ্তমান বিশেষ চৰ্চা লাভ কৰিছে । ২০১৭ চনত আমেঠি সমষ্টি বিজেপিয়ে দখল কৰিছিল ।

এইবাৰ সমষ্টিটোৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী আশীষ শুক্লা, বিজেপিৰ সঞ্জয় সিং, এছপিৰ পৰা মহাৰাজী প্ৰজাপতি, বিএছপিৰ ৰাগিণী তিৱাৰী আৰু আপৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে অনুৰাগ দিক্সিতে । কিন্তু কোনে শেষ হাঁহি মাৰিব পাৰিব এই সমষ্টিত ? সেয়া নিৰ্ভৰ কৰিব কৃষক সমাজৰ ওপৰত । কাৰণ আমেঠি সমষ্টিৰ অধিকাংশ লোকেই প্ৰধানকৈ কৃষি কাৰ্যৰ লগত জড়িত (Amethi constituency depend mostly on farming ) ।

কৃষি তেওঁলোকৰ উপাৰ্জনৰ প্ৰধান উৎস । লক্ষণীয়ভাৱে নিৰ্বাচন অহাৰ লগে লগে এই সমষ্টিটো চৰ্চাত আহিছে । কিয়নো বিভিন্ন সমস্যাৰে জৰ্জৰিত এই আমেঠি সমষ্টিটো । কৃষি প্ৰধান অঞ্চলৰ ৰাইজে সন্মুখীন হৈ অহা সমস্যাৰ ভিতৰত অন্যতম হৈছে সাৰৰ নাটনি ।

কৃষকসকলক কৃষি কাৰ্যত ব্যৱহৃত সাৰ যোগান ধৰাত ব্যৰ্থ হৈছে চৰকাৰ । আমেঠি খণ্ড কাৰ্যালয়ত চৰকাৰে যোগান ধৰা সাৰৰ বাবে ১.৫ কি:মি: পৰ্যন্ত শাৰী পাতিবলগীয়া হয় কৃষকসকলে । কিন্তু তাৰ ভিতৰত সকলোৱে সাৰ পাব নে নাই সেয়াও নিশ্চিত নহয় । সাৰ কেন্দ্ৰৰ অভাৱৰ বাবে বহু দূৰ অতিক্ৰম কৰি ৰাইজে সেই খণ্ডলৈ আহিবলগীয়া হয় (Amethi constituency burdened with various problems ) ।

কৃষকসকলৰ অভিযোগ বিভিন্ন সময়ত সাৰ অবিহনে তেওঁলোকে ঘৰলৈ উভতিবলগীয়াও হয় । সেয়ে কৃষক ৰাইজৰ দাবী যাতে সমষ্টিটোত সাৰ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰে । ইফালে একাংশ কৃষকে আকৌ অধিক মূল্যত দোকানৰ পৰা সাৰ ক্ৰয় কৰিবলগীয়া হয় । সমষ্টিটোৰ কৃষকৰ অভিযোগ বহু সময়ত সাৰৰ বাবে কৃষকসকলে ইজনে সিজনৰ লগত কাজিয়া কৰিবলগীয়াও হয় ।

সাধাৰণতে, সাৰৰ চৰকাৰী মূল্য প্ৰতি ৪৫ কিলোগ্ৰামৰ বেগত ২৭০ টকা, আনহাতে একেটা সাৰ দোকানত ৪১০ টকাত ক্ৰয় কৰিব লাগে । কৃষকসকলৰ অভিযোগ তেওঁলোকে সঞ্চয় কৰাটো দূৰৰে কথা খাবলৈও চিন্তা কৰিবলগীয়া হৈছে । সেয়ে এতিয়া কৃষি কৰ্ম কৰা বন্ধ কৰাৰ উপক্ৰম হৈছে সমষ্টিটোৰ কৃষকসকলৰ বাবে । ইফালে পথৰ গৰু, বনৰীয়া গাহৰি আদিৰ উপদ্ৰৱৰ বাবে বহু কৃষকে বুট,মটৰ আদিৰ খেতি কৰিবলৈও এৰিছে ।

মুঠতে কৃষি প্ৰধান সমষ্টিটোত চৰকাৰী সাৰৰ নাটনি, বনৰীয়া জন্তুৰ উপদ্ৰৱ, অনিয়মীয়া বিদ্যুতৰ যোগানকে ধৰি বহু সমস্যা আছে । সেয়ে সমস্যাসমূহ সমাধানৰ বাবে নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়া দেখা গৈছে । অৱশ্যে কৃষক সমাজে কাৰ পক্ষত ভোট প্ৰদান কৰে সেয়াহে সময়ত দেখা যাব ।

লগতে পঢ়ক :UP Election 2022 : চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ সময়তে 6 কোটি মূল্যৰ নগদ ধন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.