নেশ্যনেল ডেস্ক, ২ এপ্ৰিল: ভিডিঅ' গেম খেলাত বাধা দিয়াৰ বাবেই জীৱনটো শেষ কৰাৰ সিদ্ধান্ত লয় উত্তৰ প্ৰদেশৰ এটি কিশোৰে । বৃহস্পতিবাৰে সংঘটিত হয় এই শোকাৱহ ঘটনা । নিশা প্ৰায় ৮ বজাত কিশোৰটিয়ে ছেক্টৰ ১১০ত থকা তেওঁৰ ঘৰৰ পৰা ওলাই গৈছিল আৰু উভতি অহা নাছিল ।
অতিৰিক্ত আৰক্ষী আয়ুক্ত এলামাৰাণ জিয়ে জনোৱা মতে, শুকুৰবাৰে এটা অৰ্ধৰ্নিৰ্মিত ভৱনৰ সমীপত ১৫ বছৰীয়া কিশোৰটোৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে । সম্প্ৰতি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিব বুলি আৰক্ষীয়ে বিষয়াজনে জানিবলৈ দিয়ে ।
লগতে পঢ়ক:পুলৱামাত নিৰাপত্তাবাহিনীৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী