ETV Bharat / bharat

UP Assembly polls :'বিজেপিক ৰাজ্যখনৰ পৰা বিতাৰিত কৰাৰ সিদ্ধান্ত লৈছে ৰাইজে'-পি এল পুনিয়া - বাৰাবাঁকীৰ এটা ভোটকেন্দ্ৰত ভোটদান কৰে কংগ্ৰেছ নেতা পি এল পুনিয়াই

বাৰাবাঁকীৰ এটা ভোটকেন্দ্ৰত ভোটদান কৰে কংগ্ৰেছ নেতা পি এল পুনিয়াই । তীব্ৰ ভাষাৰে সমালোচনা বিজেপিক (Congress leader PL Punia criticizes BJP)। ৰাজ্যখনত বিজেপিয়ে নিজৰ অস্তিত্ব হেৰুৱাইছে যাৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ পৰা আৰম্ভ কৰি দলৰ সভাপতি জে পি নাড্ডা সকলোৱে ৰাজ্যখনত প্ৰচাৰ চলাইছে ।

UP Assembly polls
কংগ্ৰেছ নেতা পি এল পুনিয়াই বাৰাবাঁকীৰ এটা ভোটকেন্দ্ৰত ভোটদান কৰে
author img

By

Published : Feb 27, 2022, 10:15 PM IST

নেশ্যনেল ডেস্ক,২৭ ফেব্ৰুৱাৰী : দেওবাৰে উত্তৰপ্ৰদেশৰ ১২ খন জিলাত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ (UP Fifth phase of polling)। প্ৰতিটো ভোটকেন্দ্ৰতে দেখা গৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী । তাৰ মাজতে ৰাইজে পচন্দৰ প্ৰাৰ্থীগৰাকীৰ পক্ষত ভোট প্ৰদান কৰিছে ।

ইফালে নিৰ্বাচনৰ (UP assembly election 2022) মাজতো ৰাজনৈতিক নেতাসকলৰো বাকযুদ্ধ অব্যাহত আছে । কংগ্ৰেছ নেতা পি এল পুনিয়াই বাৰাবাঁকীৰ এটা ভোটকেন্দ্ৰত ভোটদান কৰি বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে (Congress leader PL Punia criticizes BJP)। নেতাগৰাকীৰ মতে এইবাৰ ৰাজ্যবাসীয়ে বিজেপি দলটোক ৰাজ্যখনৰ পৰা বিতাৰিত কৰাৰ সিদ্ধান্ত লৈছে ।

সংবাদমাধ্যমৰ সন্মুখত পুনিয়াই কয় যে ইতিমধ্যে ৰাজ্যখনত বিজেপিয়ে নিজৰ অস্তিত্ব হেৰুৱাইছে যাৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ পৰা আৰম্ভ কৰি দলৰ সভাপতি জে পি নাড্ডা সকলোৱে ৰাজ্যখনত প্ৰচাৰ চলাইছে । নেতাগৰাকীৰ মতে বিজেপিয়ে তেওঁলোকৰ দুৰ্বল স্থিতিৰ কথা গম পাইছে যাৰ বাবে ৰাজ্যখনলৈ শীৰ্ষ নেতাসকল প্ৰচাৰৰ বাবে আহিছে । তেওঁৰ অভিযোগ বিজেপিয়ে ৰাইজক প্ৰলোভিত কৰাৰ চেষ্টা কৰিছে । কিন্তু ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোট দিয়াৰ সিদ্ধান্ত লৈছে ।

উল্লেখ্য যে পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত প্ৰায় ৬৯২ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে । প্ৰায় ২.২৪ কোটি ভোটাৰে নিৰ্ণয় কৰিব তেওঁলোকৰ ভাগ্য । বাকী দুটা পৰ্যায়ৰ নিৰ্বাচন অহা ৩ মাৰ্চ আৰু ৭ মাৰ্চত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :UP Fifth phase polling : 11 বজালৈ 21.39 শতাংশ ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.