ETV Bharat / bharat

UP Election Results 2022 : কি হ'ব উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ?

author img

By

Published : Mar 10, 2022, 8:03 AM IST

আজি দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ৷ তাৰ ভিতৰত অন্যতম উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন (UP Election 2022) ৷ উত্তৰ প্ৰদেশত 403 খন আসনত সাতটাকৈ পৰ্যায়ত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ ৷ সৰ্বমুঠ 4442 গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷ কিন্তু কোনে মাৰিব শেষ হাঁহি ?

UP ASSEMBLY ELECTION 2022 RESULTS
4442 গৰাকী প্ৰাৰ্থীৰ ভাগ্য মুকলি হ’ব আজি

নিউজ ডেস্ক, 10 মাৰ্চ : আজি বহু প্ৰত্যাশিত দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ৷ সেই অনুসৰি এই ফলাফল ঘোষণা হ’বলগীয়া ৰাজ্যকেইখন হৈছে ক্ৰমে- উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ, পঞ্জাৱ আৰু গোৱা ৷

উত্তৰ প্ৰদেশত 403 খন আসনত সাতটাকৈ পৰ্যায়ত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ (UP Election 2022) ৷ সৰ্বমুঠ 4442 গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 58 খন আসনৰ বাবে 62.40 শতাংশ লোকে ভোটদান কৰিছিল ৷ দ্বিতীয় পৰ্যায়ত 55 খন আসনৰ বাবে 64.42 শতাংশ লোকে ভোটদান কৰে ৷

ইয়াৰ পিছত ক্ৰমে 59 খন আসনৰ বাবে তৃতীয় পৰ্যায়ত 61.61 শতাংশ, 59 খন আসনৰ বাবে চতুৰ্থ পৰ্যায়ত 60.70 শতাংশ আৰু 61 খন আসনৰ বাবে পঞ্চম পৰ্যায়ত 57.32 শতাংশ ভোটাধিকাৰ সাব্যস্ত কৰা হৈছিল ৷ পৰৱৰ্তী 57 খন আসনৰ বাবে ষষ্ঠ পৰ্যায়ত 55.70 শতাংশ ভোটদান সাব্যস্ত হোৱাৰ বিপৰীতে সপ্তম পৰ্যায়ত 54 খন আসনৰ বাবে 57.53 শতাংশ ভোট প্ৰদান কৰে ভোটাৰসকলে ৷

এইবেলি সৰ্বমুঠ 15,02,84,005 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে ৷ কংগ্ৰেছে 397 গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল, যাৰ ভিতৰত আছিল কমেও 155 গৰাকী মহিলা ৷ বিজেপিৰ 374 গৰাকী প্ৰাৰ্থীৰ আছিল 45 গৰাকী মহিলা ৷ চপাৰ 347 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 42 গৰাকীয়ে আছিল মহিলা প্ৰাৰ্থী ৷

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত সৰ্বমুঠ 3844 গৰাকী পুৰুষ প্ৰাৰ্থীৰ বিপৰীতে 560 গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷ ইয়াৰ লগতে দুগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থীও আছিল ৷ আজি বহু প্ৰত্যাশিত নিৰ্বাচনী ফলাফলে থিৰাং কৰিব ৰাজ্যখনৰ বহুকেইগৰাকী হাই প্ৰফাইল প্ৰাৰ্থীৰ নিৰ্বাচনী ভাগ্য ৷

লগতে চাওক: Manipur assembly election results: আশাত বন্দী কংগ্ৰেছ-বিজেপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.