ETV Bharat / bharat

UP Assembly Election 2022 : বিজেপিৰ দখলত হৰগাঁও বিধানসভা সমষ্টি - UP Assembly Election 2022 Counting

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন 2022 (UP Assembly Election 2022) ৰ ভোটগণনা অব্যাহত । শেহতীয়া তথ্য অনুসৰি, উত্তৰ প্ৰদেশত 266 খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে ৷ তাৰ পিছতে দ্বিতীয় স্থানত আছে সমাজবাদী পাৰ্টী চমুকৈ চপা ৷ দলটোৱে 126 খন আসনত অগ্ৰগতি লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ বিএছপিয়ে 3 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷

UP Assembly Election 2022
উত্তৰ প্ৰদেশত অধিকাংশ আসনতে বিজেপিৰ অগ্ৰগতি
author img

By

Published : Mar 10, 2022, 9:10 AM IST

Updated : Mar 10, 2022, 2:00 PM IST

নেশ্যনেল ডেস্ক, 10 মাৰ্চ : উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন 2022 (UP Assembly Election 2022) ৰ ভোটগণনা ইতিমধ্যে আৰম্ভ হৈছে । 403 খন আসনৰ বাবে 4,442 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰা হ'ব ।

শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি, সীতাপুৰৰ হৰগাঁও বিধানসভা সমষ্টিৰ পৰা জয় লাভ কৰে বিজেপি প্ৰাৰ্থী সুৰেশ ৰাহীয়ে ৷ ৰাহীয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীগৰাকীতকৈ 33,000 তকৈও অধিক ভোটত জয় সাব্যস্ত কৰে ৷ ফলাফল অনুসৰি, বিজেপি প্ৰাৰ্থী ৰাহীয়ে ভোট লাভ কৰে 1,17,181 টা ৷ বিপৰীতে সমাজবাদী পাৰ্টীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৰামহেত ভাৰতীয়ে লাভ কৰিছে 77,185 টা ভোট ৷ উল্লেখ্য যে, হৰগাঁও বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 3,25,210 গৰাকী ৷

উল্লেখ্য যে, পুৱা 8 বজাৰে পৰা আৰম্ভ হৈছে দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷ প্ৰতিখন ৰাজ্যতে আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰেক্ষাপট ৷ ইতিমধ্যে উত্তৰ প্ৰদেশত 266 খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে ৷ তাৰ পিছতে দ্বিতীয় স্থানত আছে সমাজবাদী পাৰ্টী চমুকৈ চপা ৷ দলটোৱে 126 খন আসনত অগ্ৰগতি লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ বিএছপিয়ে 3 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷

ইয়াৰ লগতে কংগ্ৰেছে 2 খন আসনত আৰু অন্যান্যই 4 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷

লগতে চাওক: UP Election Results 2022 : কি হ'ব উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ?

Last Updated : Mar 10, 2022, 2:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.