নেশ্য়নেল ডেস্ক , ১৯ ডিচেম্বৰ : দেশত এতিয়াও অব্য়াহত আছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ । ভাৰতত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্য়া অতিক্ৰম কৰিলে ১ কোটিৰ ঘৰ । ইয়াৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোৱাৰ দৰে অপৰিকল্পিত ২১ দিনীয়া লকডাউনে যুদ্ধ জয় কৰিব পৰা নাই । বৰঞ্চ এই লকডাউনে দেশৰ লাখ লাখ লোকৰহে জীৱন ধ্বংস কৰাৰ অভিযোগ কংগ্ৰেছ নেতা গৰাকীৰ ।
কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰালয়ৰ তথ্য় অনুসৰি এক মাহত প্ৰায় ১০ লাখ ঘটনা যোগ হৈ শনিবাৰৰ দিনটোত ভাৰতত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্য়া ১ কোটিৰ ঘৰ অতিক্ৰম কৰিলে । আনহাতে সুস্থ হোৱা ৰোগীৰ সংখ্য়া হ'লগৈ ৯৫.৫০ লাখ ।
-
1 Crore covid infections with almost 1.5 lakh deaths!
— Rahul Gandhi (@RahulGandhi) December 19, 2020 " class="align-text-top noRightClick twitterSection" data="
The unplanned lockdown did not manage to ‘win the battle in 21 days’ as the PM claimed, but it surely destroyed millions of lives in the country.
">1 Crore covid infections with almost 1.5 lakh deaths!
— Rahul Gandhi (@RahulGandhi) December 19, 2020
The unplanned lockdown did not manage to ‘win the battle in 21 days’ as the PM claimed, but it surely destroyed millions of lives in the country.1 Crore covid infections with almost 1.5 lakh deaths!
— Rahul Gandhi (@RahulGandhi) December 19, 2020
The unplanned lockdown did not manage to ‘win the battle in 21 days’ as the PM claimed, but it surely destroyed millions of lives in the country.
" ১৮ দিনত মহাভাৰতৰ যুদ্ধ জয় হৈছিল আৰু কৰ'ণাৰ বিৰূদ্ধে ২১ দিনত জয় হ'ব লাগিব ", মাৰ্চ মাহত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰা এই মন্তব্য় টানি আনি কংগ্ৰেছ নেতা গৰাকীয়ে টুইট কৰি কয় যে ১ কোটি লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰায় ১.৫ লাখ কৰ'ণাত সংক্ৰমিত হৈছে ! প্ৰধানমন্ত্ৰীয়ে দাবী কৰা ধৰণে ২১ দিনীয়া অপৰিকল্পিত লকডাউনে যুদ্ধ জয় কৰিবলৈ সক্ষম হোৱা নাই, তাৰ বিপৰীতে ই দেশৰ লাখ লাখ মানুহৰ জীৱন ধ্বংস কৰা বুলি টুইটত দাবী কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ।
দেশত ক'ভিড ১৯ ত আক্ৰান্ত লোকৰ সংখ্য়া ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ আৰু ৫ চেপ্তেম্বৰত ৪০ লাখৰ ঘৰ অতিক্ৰম কৰিছে । এই সংখ্য়া ১৬ চেপ্তেম্বৰত ৫০ লাখ, ২৮ চেপ্তেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ আৰু ২০ নবেম্বৰত ৯০ লাখ অতিক্ৰম কৰে । শনিবাৰে স্বাস্থ্য় মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য় অনুসৰি গম পোৱা যায় যে কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্য়া ১ কোটি ৪ হাজাৰ ৫৯৯ গৰাকীলৈ বৃদ্ধি হোৱাৰ লগতে ২৪ ঘন্টাত ৩৪৭ জনৰ মৃত্য়ুৰে মুঠ মৃত্য়ুৰ সংখ্য়া হ'লগৈ ১ লাখ ৪৫ হাজাৰ ১৩৬ জন ।
লগতে পঢ়ক : মমতা বেনাৰ্জীক ক্ষমা খুজিব জিতেন্দ্ৰ তিৱাৰীয়ে !