ETV Bharat / bharat

Supreme Court verdict : ২৪ সপ্তাহৰ অন্তঃসত্ত্বা অবিবাহিত মহিলাক গর্ভপাতৰ অনুমতি - Widow and Divorcee allowed to terminate pregnancy

আইন সংশোধনৰ ফলত অবিবাহিত মহিলাসকলে অন্তঃসত্ত্বা হোৱাৰ ২৪ সপ্তাহত গৰ্ভপাত কৰিব পাৰিব । আনহাতে, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, সূৰ্য কান্ত আৰু এ এছ বোপান্নাৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠে মহিলাগৰাকীৰ শাৰীৰিক পৰীক্ষা কৰিবলৈ দুজন চিকিৎসকৰ এখন মেডিকেল বোৰ্ড গঠন কৰিবলৈ এইমছৰ সঞ্চালকক নিৰ্দেশ দিয়ে (AIIMS director to set up medical board) ।

supreme court
supreme court
author img

By

Published : Jul 22, 2022, 6:25 PM IST

নিউজ ডেস্ক, ২২ জুলাই : উচ্চতম ন্যায়ালয়ৰ এক ঐতিহাসিক ৰায় (supreme court historic verdict)। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে এগৰাকী অবিবাহিত মহিলাক সন্মতিপূৰ্ণ সম্পৰ্কৰ ফলত হোৱা গৰ্ভধাৰণক 24 সপ্তাহত গৰ্ভপাতৰ অনুমতি দিয়াৰ বাবে এক অন্তৱৰ্তীকালীন আদেশ প্ৰদান কৰে (Unmarried woman 24 weeks pregnant allowed abortion) । ইয়াৰ বাবে উচ্চতম ন্যায়ালয়ে অবিবাহিত মহিলাৰ বাবে মেডিকেল টাৰ্মিনেচন অব প্ৰেগনেন্সি আইন সংশোধন কৰে (Medical Termination of Pregnancy Act amendment) ।

উল্লেখ্য, এই আইন সংশোধনৰ ফলত অবিবাহিত মহিলাসকলে অন্তঃসত্ত্বা হোৱাৰ ২৪ সপ্তাহত গৰ্ভপাত কৰিব পাৰিব । আনহাতে, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, সূৰ্য কান্ত আৰু এ এছ বোপান্নাৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠে মহিলাগৰাকীৰ শাৰীৰিক পৰীক্ষা কৰিবলৈ দুজন চিকিৎসকৰ এখন মেডিকেল বোৰ্ড গঠন কৰিবলৈ এইমছৰ সঞ্চালকক নিৰ্দেশ দিয়ে (AIIMS director to set up medical board) । শুকুৰবাৰৰ ভিতৰতে এই স্বাস্থ্য পৰীক্ষা কৰিব লাগে আৰু গৰ্ভপাতৰ সময়ত মহিলাগৰাকীৰ জীৱনৰ বিপদাশংকা আছে নেকি সেই বিষয়ে জনাব লাগিব বুলি উচ্চতম ন্যায়ালয়ে লগতে নিৰ্দেশ দিয়ে । উল্লেখ্য, আদালতে এসপ্তাহৰ ভিতৰত মেডিকেল ৰিপোৰ্ট বিচাৰিছে ।

উচ্চতম ন্যায়ালয়ৰ মতে, ২০২১ চনত সংশোধিত মেডিকেল টাৰ্মিনেচন অব প্ৰেগনেন্সি আইনত ‘স্বামী’ৰ সলনি ‘পাৰ্টনাৰ’ শব্দটো অন্তৰ্ভুক্ত কৰা হৈছিল । কেৱল অবিবাহিত হোৱাৰ বাবেই সন্মতিসূচক সম্পৰ্কত গৰ্ভৱতী হোৱাৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ে মহিলাগৰাকীক গৰ্ভপাতৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে । উচ্চতম ন্যায়ালয়ে উক্ত ৰায়ক অসামঞ্জস্যপূৰ্ণ বুলি অভিহিত কৰে । বিচাৰপীঠখনৰ মতে, আবেদনকাৰী মহিলাগৰাকীয়ে অনাকাংক্ষিতভাৱে গৰ্ভধাৰণ কৰাটো একেবাৰেই বাঞ্ছনীয় নহয়, কিয়নো তেওঁ অবিবাহিত ।

আনহাতে, বিধৱা তথা বিবাহ বিচ্ছেদিতাকো গৰ্ভপাতৰ অনুমতি দিয়ে ছুপ্ৰিম কোৰ্টে (Widow and Divorcee allowed to terminate pregnancy)। ছুপ্ৰিম কোৰ্টৰ নিৰ্দেশটোত উল্লেখ কৰা হৈছে যে বিধৱা বা বিবাহ বিচ্ছেদ হোৱা মহিলা এগৰাকীয়ে 20-24 সপ্তাহৰ ভিতৰত গৰ্ভপাতৰ অনুমতি দিয়া হৈছে ।

আইন অনুসৰি গৰ্ভপাতৰ বাবে কোন যোগ্য (ELIGIBLE FOR ABORTION AS PER LAW)?

বৰ্তমানৰ মেডিকেল টাৰ্মিনেচন (সংশোধনী) নিয়ম 2021-ৰ অধীনত 24 সপ্তাহলৈকে গৰ্ভপাতৰ বাবে যোগ্য মহিলাৰ শ্ৰেণীবোৰ নিৰ্ধাৰিত কৰা হৈছিল এনেধৰণে - যৌন নিৰ্যাতন বা ধৰ্ষণ বা অনাচাৰ, নাবালিকা, চলিত গৰ্ভধাৰণৰ সময়ত বৈবাহিক স্থিতি সলনি কৰা (বিধৱা আৰু বিবাহ বিচ্ছেদ), শাৰীৰিক অক্ষমতা থকা মহিলা, মানসিক বিকাৰসহ মানসিকভাৱে অসুস্থ মহিলা, ভ্ৰূণৰ বিকৃতিৰ ফলত জীৱন বিসঙ্গতি হোৱাৰ যথেষ্ট বিপদাশংকা থাকে বা যদি শিশুটো জন্ম হয় তেন্তে গুৰুতৰভাৱে বিকলাঙ্গ হোৱাৰ সম্ভাৱনা থাকে ৷ তাৰোপৰি শাৰীৰিক বা মানসিক অস্বাভাৱিকতাত ভুগিব পাৰে আৰু গৰ্ভধাৰণ কৰা মহিলাসকল যদি মানৱীয় পৰিস্থিতি বা দুৰ্যোগ বা জৰুৰী পৰিস্থিতিত ভুগিব পাৰে যিটো চৰকাৰে ঘোষণা কৰিব পাৰে ।

লগতে পঢ়ক : Sarbananda Sonowal greets Draupodi Murmu: দ্ৰৌপদী মুৰ্মুক নতুন দিল্লীত সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.