ETV Bharat / bharat

Anantnag encounter : 'পাকিস্তান বিভক্ত হ'লেহে কাশ্মীৰত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বন্ধ হ'ব'-ভি কে সিং - Anantnag encounter

কেন্দ্ৰীয় মন্ত্ৰী তথা অৱসৰপ্ৰাপ্ত জেনেৰল ভি কে সিঙে অনন্তনাগ সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁৰ মতে সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ পাকিস্তানৰ ধ্বংসৰ প্ৰয়োজন ।

Anantnag encounter
পাকিস্তান বিভক্ত হ'লেহে কাশ্মীৰত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বন্ধ হ'ব
author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 4:30 PM IST

নেশ্যনেল ডেস্ক,১৪ ছেপ্টেম্বৰ : পাকিস্তান সম্পূৰ্ণৰূপে বিভক্ত নোহোৱালৈকে কাশ্মীৰত সন্ত্ৰাসবাদীৰ ঘটনা অব্যাহত থাকিব । এই মন্তব্য কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা অৱসৰপ্ৰাপ্ত জেনেৰেল ভি কে সিঙৰ । জম্মু-কাশ্মীৰৰ অনন্তনাগৰ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইন্দোৰত মন্ত্ৰীগৰাকীয়ে কয় যে এনে ঘটনা বন্ধ কৰিবলৈ সময় লাগিব । কিয়নো এনে এখন দেশ আছে যি দেউলিয়া হৈছে তথাপিও এইটো মনৰ পৰা আঁতৰাব বিচৰা নাই যে তেওঁলোকে ভাৰতত টেম্পাৰিং কৰিব লাগে । তেওঁ কয় যে যিদিনা পাকিস্তান সম্পূৰ্ণৰূপে বিভক্ত হৈ পৰিব তেতিয়া এনে ধৰণৰ ঘটনা স্বয়ংক্ৰিয়ভাৱে সমাপ্ত হ'ব ।

অৱসৰপ্ৰাপ্ত জেনেৰেল ভি কে সিঙে বৃহস্পতিবাৰে তেওঁৰ ৰাজনৈতিক কাৰ্যসূচীৰ অংশ হিচাপে ইন্দোৰত উপস্থিত হয় । য'ত তেওঁ সংবাদমাধ্যমৰ সন্মুখত কয় যে দক্ষিণ কাশ্মীৰ হৈছে কাশ্মীৰৰ সন্ত্ৰাসবাদৰ মুখ্য দুৰ্গ । য'ত জমিয়তৰ মুখ্য কাৰ্যালয় আছে বুলিও তেওঁ উল্লেখ কৰে । অৱসৰপ্ৰাপ্ত জেনেৰেল ভি কে সিঙেও কংগ্ৰেছৰ এক প্ৰশ্নৰ উত্তৰ দি কয় যে কাশ্মীৰত হিংসাৰ পাছতো বিজেপিৰ মুখ্য কাৰ্যালয়ত উদযাপনৰ অভিযোগ উত্থাপন কৰা হৈছিল ।

ইফালে কাশ্মীৰৰ ঘটনাৰ পাছতো বিজেপিৰ কাৰ্যালয়ত উদযাপন হোৱাক লৈ কংগ্ৰেছে অভিযোগ কৰিছিল । তাৰ প্ৰত্যুত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে শ্বহীদ হৈছে বুলি সকলোৱে জানে । সকলো শ্বহীদ হোৱাৰ বাবে দুখিত । তাৰ পাছতো দেশত বহু কাৰ্যসূচী চলি আছে । কংগ্ৰেছ দলে কিয় কোনো শ্বহীদৰ বাবে পদযাত্ৰা কৰা নাছিল । কংগ্ৰেছে সৈনিকসকলৰ বাবে কি কৰিছে বুলিও তেওঁ প্ৰশ্ন কৰে । বুলেট প্ৰুফ জেকেটৰ চাহিদাও ২০১৪ চনৰ পাছত হে পূৰণ হৈছিল বুলি তেওঁ উল্লেখ কৰে ।

কাশ্মীৰত কাশ্মীৰী পণ্ডিতসকলক পুনৰ বসতি স্থাপনৰ প্ৰশ্নত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভি কে সিঙে কয় যে যেতিয়াই তাত কাশ্মীৰীসকলক বসতি স্থাপনৰ চেষ্টা কৰা হয় তাত জমিয়ত বা আন সংগঠনৰ দ্বাৰা কিছুমান ঘটনা সংঘটিত হয় । তেওঁৰ মতে পৰিৱেশ এতিয়া ক্ৰমান্বয়ে সলনি হৈছে আৰু ফলাফল সোনকালেই দেখা যাব বুলিও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে বুধবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকাৰ নাগ অঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত ৩ গৰাকীতৈ জোৱান শ্বহীদ হয় । ৰাজৌৰীত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলি থকা অভিযানত ৩ সন্ত্ৰাসবাদীও নিহত হয় ।

লগতে পঢ়ক :Anantnag encounter : দ্বিতীয় দিনাও অনন্তনাগত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.