ETV Bharat / bharat

স্বাস্থ্যক্ষেত্ৰৰ গৱেষণাৰ বাবে ভাৰত-নেপালৰ চুক্তি স্বাক্ষৰ

কেন্দ্ৰীয় কেবিনেটে বুধবাৰে ভাৰত আৰু নেপালৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনায় । সীমান্তৰ স্বাস্থ্য সমস্যা, আয়ুৰ্বেদ বা পৰম্পৰাগত ঔষধ আৰু ঔষধি উদ্ভিদৰ লগতে জলবায়ু পৰিৱৰ্তনৰ যৌথ গৱেষণাৰ বাবে এই চুক্তি স্বাক্ষৰিত কৰা হৈছে ।

author img

By

Published : Jun 30, 2021, 10:41 PM IST

MoU on health research
স্বাস্থ্যক্ষেত্ৰৰ গৱেষণাৰ বাবে ভাৰত নেপালৰ বুজাবুজি চুক্তিত স্বাক্ষৰ

নেশ্যনেল ডেস্ক, ৩০ জুন : ভাৰত চৰকাৰ আৰু নেপাল চৰকাৰৰ মাজত এক বিশেষ বুজাবুজি চুক্তি স্বাক্ষৰ হয় । স্বাস্থ্য সম্পৰ্কীয় যুটীয়া গৱেষণা সম্পৰ্কত এই চুক্তি স্বাক্ষৰ হয় দুয়োখন দেশৰ মাজত । কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ পিছতে এক বিবৃতিযোগে বুধবাৰে এই চুক্তিৰ বিষয়ে অৱগত কৰে ।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR) আৰু নেপাল স্বাস্থ্য গৱেষণা পৰিষদৰ (NHRC) মাজত এই চুক্তি স্বাক্ষৰিত হয় । পাৰস্পৰিক স্বাৰ্থৰ যুটীয়া গৱেষণা কাৰ্য-কলাপ যেনে সীমান্তৰ স্বাস্থ্য সমস্যা, আয়ুৰ্বেদ বা পৰম্পৰাগত ঔষধ আৰু ঔষধিযুক্ত উদ্ভিদ, জলবায়ু পৰিৱৰ্তন আৰু স্বাস্থ্য, অসংক্ৰামক ৰোগ, মানসিক স্বাস্থ্য আৰু জনসংখ্যা আধাৰিত কৰ্কট পঞ্জীয়নৰ ওপৰত সহযোগিতা আগবঢ়োৱাটো এই বুজাবুজি চুক্তিৰ উদ্দেশ্য । আনহাতে বিবৃতিটোত উল্লেখ কৰা মতে, এই চুক্তিৰ আন বিষয়বোৰ হৈছে ডেংগু(dengue), মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ, ইনফ্লুৱেঞ্জা, ক্লিনিকেল পৰীক্ষণ পঞ্জীয়ন, স্বাস্থ্য গৱেষণা নৈতিকতা আৰু জ্ঞানৰ আদান-প্ৰদানৰ জৰিয়তে ক্ষমতা বৃদ্ধি কৰা ।

দুয়োপক্ষই তেওঁলোকৰ দেশত অনুষ্ঠিত হ'বলগীয়া এই বুজাবুজি চুক্তিৰ অধীনত অনুমোদিত গৱেষণাৰ বিষয়-বস্তুবোৰৰ বাবে পুঁজি যোগান ধৰিব বা তৃতীয় পক্ষৰ পুঁজিৰ বাবে যুটীয়াভাৱে আবেদন কৰিব পাৰিব । অনুমোদিত সহযোগিতামূলক প্ৰকল্পৰ অধীনত বিজ্ঞানীসকলৰ আদান-প্ৰদান, প্ৰেৰণকাৰী পক্ষই ভ্ৰমণকাৰী বিজ্ঞানীসকলৰ ভ্ৰমণৰ ব্যয় বহন কৰিব ৷ প্ৰাপ্তকাৰী পক্ষই বিজ্ঞানী বা গৱেষকসকলৰ বাসস্থান আৰু জীৱন নিৰ্বাহৰ বাকী খৰচ বহন কৰিব ।

কৰ্মশালা বা সভা আৰু গৱেষণা প্ৰকল্পৰ বাবে পুঁজি সন্দৰ্ভত সময়ে সময়ে উপলব্ধ পুঁজি অনুসৰি নিৰ্ণয় কৰা হ'ব । বিবৃতিটোত উল্লেখ কৰা মতে, এই সকলোবোৰ কাৰ্য-কলাপ কাৰ্যকৰী কৰাৰ ব্যৱস্থাবোৰ আৰম্ভ হোৱাৰ আগতে দুয়োখন দেশ সন্মত হ'ব । এই বিশেষ চুক্তিখন স্বাক্ষৰ হোৱাৰ লগে লগে এতিয়া দুয়োখন দেশৰে স্বাস্থ্যখণ্ডৰ উন্নয়ৰ আশা কৰা হৈছে । ইফালে বিভিন্ন ৰোগ অথবা স্বাস্থ্যখণ্ডৰ অনুসন্ধানৰ ক্ষেত্ৰত ভাৰত-নেপালৰ বিশেষজ্ঞসকলৰ সহযোগিতাই দুয়োখন দেশৰ মাজত এক বিশেষ সম্পৰ্ক ৰক্ষা কৰাত সহায় কৰিব বুলিও আশা কৰা হৈছে ।

লগতে পঢ়ক: একেৰাহে চতুৰ্থ দিনাও জম্মুৰ আকাশত উৰিল সন্দেহজনক ড্ৰোণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.