ETV Bharat / bharat

union budget 2023: কেন্দ্ৰীয় বাজেটৰ পৰা প্ৰত্যাশা

author img

By

Published : Feb 1, 2023, 10:10 AM IST

চৰকাৰে সংসদত অৰ্থনৈতিক জৰীপৰ প্ৰতিবেদন উপস্থাপন কৰাৰ সময়ত এইটো প্ৰকাশ কৰিছিল যে আগন্তুক বিত্তীয় বৰ্ষত জিডিপি বৃদ্ধিৰ হাৰ 6.5 শতাংশ হ'ব পাৰে । বিত্তীয় বৰ্ষ 22-23 বৰ্ষত, বিকাশৰ হাৰ আছিল 7 শতাংশ । এইবাৰ প্ৰত্যাশা, ভাৰতৰ অৰ্থনীতি বিশ্বৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি হৈ থাকিব । কিন্তু চলিত একাউণ্টৰ ঘাটি বৃদ্ধি হ'ব পাৰে । টকাৰ মূল্য হ্ৰাস হোৱাৰ আশংকা আছে (expectations from budget 2023) ।

Budget
Budget

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : আজি সংসদত উপস্থাপন কৰিবলগা বাজেটৰ পৰা সাধাৰণ ৰাইজৰ বহুতো প্ৰত্যাশা আছে (union budget 2023) । থোৰতে চাওঁ আহক এই বাজেটৰ পৰা সৰ্বাসাধাৰণৰ প্ৰত্যাশা কেনেধৰণৰ হ'ব পাৰে (expectations from budget 2023) :

1. অহা বছৰ অনুষ্ঠিত হ'বলগা সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এয়া হৈছে চৰকাৰৰ অন্তিমখন পূৰ্ণ বাজেট (general election 2024) । এনে পৰিস্থিতিত মধ্যবিত্ত শ্ৰেণীয়ে আশা কৰে যে এইবাৰ বিত্ত মন্ত্ৰীৰ জোলোঙাৰ পৰা কৰ ৰেহাইৰ উপহাৰ ওলাব (Nirmala Sitharaman union budget 2023) । ইয়াৰ পূৰ্বে চৰকাৰে 2020 চনত এটা নতুন কৰ শ্লেব প্ৰৱৰ্তন কৰিছিল । মুদ্ৰাস্ফীতিৰ দ্বাৰা অসুবিধাত পৰা মধ্যবিত্ত শ্ৰেণীয়ে আয়কৰ ৰেহাই লাভ কৰিব বুলি আশা কৰা হৈছে । লগতে ৰাইজে দাবী কৰিছে যে ৮০ চিৰ (80C) পৰিসৰ ২ লাখ টকালৈ বৃদ্ধি কৰিব লাগে ।

2. এই বাজেটত চৰকাৰে স্বাৱলম্বী ভাৰত অভিযানৰ প্ৰচাৰৰ বাবে বহুতো ডাঙৰ ঘোষণা কৰিব পাৰে (Self Reliance India Campaign) । এই ঘোষণাবোৰৰ উদ্দেশ্য হৈছে দেশ আৰু দেশৰ জনসাধাৰণক স্বাৱলম্বী কৰি তোলা । ইয়াৰ বাবে চৰকাৰে 'মে'ক ইন ইণ্ডিয়া' (Make in India) আৰু 'ভোকেল ফৰ লোকেল'ৰ (Vocal for Local) ওপৰত গুৰুত্ব বৃদ্ধি কৰিব পাৰে । ইয়াৰ উদ্দেশ্য হৈছে সাধাৰণ মানুহ আৰু অৰ্থনীতিক সকাহ দিয়া । অনুমান কৰা হৈছে যে চৰকাৰে 'লোকেল ফৰ ভোকেল' প্ৰচাৰৰ বাবে বাজেটত জিলা পৰ্যায়ত ৰপ্তানি কেন্দ্ৰ সৃষ্টিৰ কথা ঘোষণা কৰিব পাৰে । ইয়াৰ বাবে প্ৰায় ৪,৫০০-ৰ পৰা ৫ হাজাৰ কোটি টকাৰ পুঁজি ঘোষণা কৰিব পাৰে ।

3. বিশেষজ্ঞসকলে বিশ্বাস কৰে যে অহা 10 বছৰত ভাৰতে বিশ্বৰ সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি হোৱাৰ সম্ভাৱনা থকাৰ বাবে চৰকাৰে অৰ্থনীতি বৃদ্ধিৰ বাবে প্ৰতিটো খণ্ডৰ ওপৰত গুৰুত্ব দিব লাগিব । ইয়াৰ লগতে চৰকাৰে এই বাজেটত 'মে'ক ইন ইণ্ডিয়া'ৰ ওপৰতো গুৰুত্ব দিবলৈ গৈ আছে । সেয়ে প্ৰতিখন জিলাত 'এক জিলা এক সামগ্ৰী' অৰ্থাৎ One District One Product-ৰ অধীনত ৰপ্তানি কেন্দ্ৰ সৃষ্টি কৰাৰ প্ৰস্তুতি চলি আছে । ইয়াৰ প্ৰস্তুতি ৫০ খন জিলাৰ এটা পাইলট প্ৰকল্পৰ পৰা আৰম্ভ হ'ব । ভৱিষ্যতে এনে 750 টা ক্লাষ্টাৰ সৃষ্টি কৰা হ'ব । ইয়াৰ বাবে চৰকাৰে লজিষ্টিক আৰু মাল্টি-মডেল সংযোগ সৃষ্টি কৰিব ।

৪. উত্তৰ প্ৰদেশ চৰকাৰে ২০১৮ চনৰ জানুৱাৰীত অ'ডিঅ'পি (ODOP) আৰম্ভ কৰিছিল । ইয়াৰ উদ্দেশ্য আছিল ৰাজ্যখনৰ সকলো জিলাতে পৰম্পৰাগত শিল্পী আৰু উদ্যোগীসকলক প্ৰচাৰ কৰা । পিছত এই আঁচনিৰ সফলতা দেখি কেন্দ্ৰীয় চৰকাৰেও এই আঁচনি গ্ৰহণ কৰে আৰু আজি এই আঁচনিখন দেশৰ ৩৫ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৭০৭ খন জিলালৈ সম্প্ৰসাৰিত কৰা হৈছে । এনে পৰিস্থিতিত আশা কৰা হৈছে যে বাজেটৰ পিছত এই আঁচনিয়ে এক নতুন পৰিসৰ লাভ কৰিব পাৰে ।

5. বিশ্বৰ আন বহুতো দেশতকৈ ভাৰতত চিকিৎসা লাভ কৰাটো যথেষ্ট সস্তা । যাৰ বাবে দেশত চিকিৎসা পৰ্যটনো অতি জনপ্ৰিয় । কিন্তু ভাৰতীয়সকলৰ গড় উপাৰ্জন অনুসৰি দেশত চিকিৎসা লাভ কৰাটো অতি ব্যয়বহুল । এনে পৰিস্থিতিত চৰকাৰৰ স্বাস্থ্য বীমাৰ বাবে আয়ুষ্মান ভাৰত আঁচনি চিকিৎসা সহজলভ্য কৰাত যথেষ্ট সহায়ক বুলি প্ৰমাণিত হয় ।

লগতে পঢ়ক :Union Budget 2023: কেইমুহূৰ্তমানৰ পাছতে সদনত দাখিল হ’ব মোদী চৰকাৰৰ অন্তিমখন বিত্তীয় বাজেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.