ETV Bharat / bharat

Uniform Civil Code: আইন আয়োগৰ নতুন পদক্ষেপ; জনসাধাৰণ, ধৰ্মীয় সংগঠনৰ পৰা মতামত আহ্বান - আইন আৰু ন্যায় মন্ত্ৰালয়

ভাৰতীয় আইন আয়োগে ইউনিফৰ্ম চিভিল ক’ডৰ বিষয়ে জনসাধাৰণ আৰু স্বীকৃত ধৰ্মীয় সংগঠনসমূহৰ মতামত আৰু ধাৰণা বিচাৰি আহ্বান জনাইছে ৷

uniform-civil-code-law-commission-fresh-consultation-process-seeks-views-from-public-religious-organisations
আইন আয়োগৰ নতুন পদক্ষেপ
author img

By

Published : Jun 14, 2023, 8:53 PM IST

নিউজ ডেস্ক, 14 জুন: ভাৰতীয় আইন আয়োগে ইউনিফৰ্ম চিভিল ক’ডৰ অৰ্থাৎ সমান নাগৰিক সংহিতাৰ ওপৰত এক নতুন পৰামৰ্শ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ এই প্ৰক্ৰিয়া অনুসৰি ভাৰতীয় আইন আয়োগে জনসাধাৰণ আৰু ধৰ্মীয় সংগঠনৰ পৰা মতামত বিচাৰি আহ্বান জনাইছে ৷ আইন আৰু ন্যায় মন্ত্ৰালয়ে প্ৰকাশ কৰা এক চৰকাৰী বিবৃতিত এই কথা উল্লেখ কৰিছে ভাৰতীয় আইন আয়োগে ৷

বিবৃতিটোত লগতে উল্লেখ কৰা হৈছিল যে, "ভাৰতৰ ২২ তম আইন আয়োগে অন্যান্য বিষয়সমূহৰ সৈতে ইউনিফৰ্ম চিভিল ক’ডৰ সংশোধনৰ বাবে পৰ্যালোচনা কৰি আছে ৷ আইন আৰু ন্যায় মন্ত্ৰালয়ৰ এক প্ৰসংগ অনুসৰি এই সংশোধনৰ বাবে পৰ্যালোচনা কৰি আছে ৷ আৰম্ভণিতে ভাৰতৰ 21 তম আইন আয়োগে নাগৰিক সংহিতাৰ বিষয়ত পৰীক্ষা কৰিছিল আৰু আবেদনৰ জৰিয়তে সকলো অংশীদাৰৰ মতামত বিচাৰিছিল

৷ লগতে 07.10.2016 তাৰিখৰ প্ৰশ্নাৱলী আৰু 19.03.2018, 27.03.2018 আৰু 10.4.2018 তাৰিখৰ ৰাজহুৱা আপীল/জাননী বিচাৰিছিল ৷"

লগতে বিবৃতিটোত উল্লেখ কৰা হৈছে যে, ইয়াৰ পৰিপ্ৰেক্ষিতত আয়োগে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে ৷ 21 তম আইন আয়োগে 31.08.2018 তাৰিখে "পাৰিবাৰিক আইনৰ সংস্কাৰ" সম্পৰ্কে পৰামৰ্শ পত্ৰ জাৰী কৰিছে ৷ যিহেতু বিষয়টোৰ প্ৰাসংগিকতা আৰু গুৰুত্ব আৰু লগতে বিষয়টোৰ ওপৰত বিভিন্ন ন্যায়ালয়ৰ আদেশৰ কথা মনত ৰাখি উক্ত পৰামৰ্শ পত্ৰ জাৰী কৰাৰ তাৰিখৰ পৰা তিনি বছৰতকৈও অধিক সময় অতিবাহিত হৈছে ৷ সেয়ে ভাৰতীয় 22 তম আইন আয়োগে বিষয়টোৰ ওপৰত নতুনকৈ চিন্তা-চৰ্চা কৰাটো সমীচীন বুলি বিবেচনা কৰিছে ৷

সেই অনুসৰি, ভাৰতীয় 22 তম আইন আয়োগে পুনৰ ইউনিফৰ্ম চিভিল ক’ড সম্পৰ্কে বৃহৎ আৰু স্বীকৃত ধৰ্মীয় সংগঠনসমূহৰ লগতে জনসাধাৰণৰ মতামত আৰু ধাৰণা বিচাৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

যিসকল জনসাধাৰণৰ এই ক্ষেত্ৰত আগ্ৰহী আৰু ইচ্ছুক তেওঁলোকে জাননীৰ তাৰিখৰ পৰা 30 দিনৰ ভিতৰত “click here” বুটামৰ জৰিয়তে বা membersecretary-lci[at]gov[dot]in ত ভাৰতীয় আইন আয়োগৰ ওচৰত তেওঁলোকৰ মতামত উপস্থাপন কৰিব পাৰে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ৷

লগতে পঢ়ক: Senthil Balaji Arrest Issue: চেন্থিল বালাজীক গ্ৰেপ্তাৰ ৰাজনৈতিক উৎপীড়ন আখ্যা খাৰ্গেৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.