ETV Bharat / bharat

মেঘালয়ৰ ৰাজ্যপালৰ কনভয়ত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ - শ্বিলঙত সান্ধ্য আইন

বিগত কিছুদিনৰ পৰা চুবুৰীয়া ৰাজ্য মেঘালয়ত অশান্তিময় পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে ৷ বিগত দেওবাৰে নিশা ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ অচিনাক্ত দুৰ্বৃত্তই পেট্ৰ’ল বোমা নিক্ষেপ কৰাৰ পিছত শেহতীয়াকৈ পুনৰ ৰাজ্যপালৰ কনভয়ত আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷

Unidentified miscreants attacked the convoy of Meghalaya Governor Satya Pal Malik
মেঘালয়ৰ ৰাজ্যপালৰ কনভয়ত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ
author img

By

Published : Aug 18, 2021, 1:30 PM IST

Updated : Aug 18, 2021, 2:53 PM IST

নিউজ ডেস্ক, 18 আগষ্ট : মেঘালয়ত অব্যাহত আছে হিংসাত্মক কাৰ্যকলাপ ৷ মঙলবাৰে পুনৰ ৰাজ্যখনত সংঘটিত হয় হিংসাত্মক ঘটনা ৷ মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকৰ কনভয়ত কোনো অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে ৷ ৰাজ্যপাল সত্যপাল মালিকক গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত থৈ কনভয়টো ওভতি অহা সময়তেই এই ঘটনা সংঘটিত হয় ৷

ৰাজ্যপালগাৰকীৰ কনভয়টো গুৱাহাটীৰ পৰা শ্বিলং অভিমূখে আহি থকা সময়তেই দুৰ্বৃত্তই শিলাবৰ্ষণ কৰে ৷ অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা হৈছে ৷ আৰক্ষী অধীক্ষক পদবীৰ এজন বিষয়াও ৰাজ্যপালৰ সৈতে বিমানবন্দৰলৈ গৈছিল ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে বুধবাৰে পূৱ খাচী পাহাৰ জিলা প্ৰশাসনৰ ওচৰত এই সন্দৰ্ভত আনুষ্ঠানিক এখন অভিযোগ পত্ৰও দাখিল কৰাৰ কথা জানিবলৈ দিয়ে ৷

ইয়াৰ পূৰ্বে দেওবাৰে নিশা উজনি শ্বিলঙৰ তৃতীয় মাইলস্থিত মুখ্যমন্ত্ৰীৰ ব্যক্তিগত বাসগৃহতো অচিনাক্ত দুৰ্বৃত্তই পেট্ৰ'ল বোমা নিক্ষেপ কৰিছিল ৷ সৌভাগ্যক্ৰমে এই ঘটনাটোত কোনো লোক আহত হোৱা নাছিল । মুখ্যমন্ত্ৰীগৰাকী সেই সময়ত প’ল হিলছৰ তেওঁৰ চৰকাৰী বাসগৃহত আছিল ।

উল্লেখ্য যে, শেহতীয়াকৈ এগৰাকী প্ৰাক্তন HNLC নেতাক হত্যা কৰাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে সমগ্ৰ মেঘালয় ৷ আৰক্ষীৰ সংঘৰ্ষত নিহত হোৱা প্ৰাক্তন এইচ এন এল চি নেতাগৰাকীৰ শেষকৃত্যৰ শোভাযাত্ৰাৰ সময়ত শ্বিলঙৰ মাওলাই আৰু জায়াও অঞ্চলত হিংসাত্মক ঘটনা সংঘটিত হয় ৷ যাৰ ফলত প্ৰশাসনে ৰাজ্যখনৰ ৰাজধানীত সান্ধ্য আইন জাৰি কৰাৰ লগতে চাৰিখন জিলাত ম’বাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰিছিল ।

১৮ আগষ্টৰ পুৱা ৫ বজালৈকে শ্বিলঙত সান্ধ্য আইন বলৱৎ থাকিব । মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই বিগত ২৪ ঘণ্টাত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহ’লে বৃহস্পতিবাৰে সান্ধ্য আইন উঠাই লোৱাৰ কথা সদৰী কৰে ।

লগতে পঢ়ক : শ্বিলঙত সান্ধ্য আইন : কৰ্তন কৰা হ’ল ম’বাইল ইন্টাৰনেট সেৱা

Last Updated : Aug 18, 2021, 2:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.