ETV Bharat / bharat

কেনেদৰে আৰক্ষীৰ নিৰপত্তা বেষ্টনী ফালি পলায়ন কৰিছিল তুৰ্কী প্ৰৱঞ্চকে ?

দুবছৰ আগতে এটা চাঞ্চল্যকৰ এটিএম স্কিমিং গোচৰ(ATM skimming case)ৰ সন্দৰ্ভত ত্ৰিপুৰাত গ্ৰেপ্তাৰ কৰা হৈছিল জানবুৰ্কান নামৰ এজন তুৰ্কী নাগৰিক ৷ যোৱা ৯ জুলাইত আন্তৰ্জাতিক অপৰাধীজনে চিকিৎসাৰ বাবে আগৰতলা স্থিত চিকিৎসালয়লৈ অনাৰ পিছত আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল ৷ সম্প্ৰতি, এই গোচৰৰ তদন্তৰ বাবে এখন উচ্চ স্তৰীয় তদন্ত সমিতি গঠন কৰিছে ত্ৰিপুৰা চৰকাৰে ৷

author img

By

Published : Jul 23, 2021, 1:39 PM IST

under-trial-turkish-conman-escapes-tripura-govt-forms-inquiry-panel
কেনেদৰে আৰক্ষীৰ নিৰপত্তা বেষ্টনী ফালি পলায়ন কৰিছিল তুৰ্কী প্ৰৱঞ্চকে?

আগৰতলা, 23 জুলাই : ত্ৰিপুৰা চৰকাৰে উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশক অধ্যক্ষ হিচাপে নিযুক্তি দি এখন উচ্চ স্তৰীয় তদন্ত সমিতি গঠন কৰিছে ৷ এই কমিটীখনে বিচাৰাধীন তুৰ্কীৰ প্ৰৱঞ্চক হাকান জানবুৰ্কানৰ পলায়নৰ তদন্ত কৰিব । জানবুৰ্কান নামৰ এজন তুৰ্কী নাগৰিকক দুবছৰ আগতে এটা চাঞ্চল্যকৰ এটিএম স্কিমিং গোচৰ(ATM skimming case) সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল ।

প্ৰৱঞ্চকজনে তেওঁৰ সহযোগীসকলৰ সহায়ত ২০১৯ চনত এটা গোপন ৰেকৰ্ডিং ডিভাইচ(hidden recording device) ঠিক কৰি এটিএম পিন কোড চুৰি কাৰ্য সম্প্ৰাদান কৰিছিল । পৰৱৰ্তী সময়ত প্ৰৱঞ্চক জনক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছত পশ্চিম আগৰতলা আৰক্ষী থানাত (গোচৰ নম্বৰ ৩১১/২০১৯) কেইবাটাও গোচৰ ৰুজু কৰা হৈছিল । গোচৰটোৱে ৰাজ্যখনত স্বাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু সাধাৰণ মানুহে লাখ লাখ টকা হেৰুৱাইছিল । তেওঁক এজন বিচাৰাধীন বন্দী হিচাপে কেন্দ্ৰীয় সংশোধনী গৃহ বিশালগড়(Central Correctional Home Bishalgarh)লৈ স্থানান্তৰিত কৰা হৈছিল ।

অৱশ্যে, যোৱা ৯ জুলাইত আন্তৰ্জাতিক অপৰাধীজনে চিকিৎসাৰ বাবে আগৰতলা স্থিত চিকিৎসালয়লৈ অনাৰ পিছত আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ পৰা পলাই যাবলৈ সফল হৈছিল । ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী ৰতন লাল নাথে(education minister Ratan lal nath) কয় যে, "কিছুমান স্বাস্থ্যজনিত জটিলতাৰ খবৰ পোৱাৰ পিছত তেওঁক চিকিৎসালয়লৈ অনা হৈছে । চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত, তেওঁ শৌচাগাৰলৈ গৈছিল আৰু তাৰ পিছত অদৃশ্য হৈ পৰে" ।

গোচৰটোৰ ঘটনাক্ৰম সন্দৰ্ভত বক্তব্য ৰাখি নাথে কয়, ৰাজ্যিক কেবিনেটে ঘটনাটোৰ সৈতে জড়িত লোক সকলক বিচাৰি উলিয়াবলৈ অথবা কৰ্তব্যৰ কোনো অৱহেলাৰ ফলত তেওঁ পলাই গৈছিল নেকি সেই বিষয়ে তদন্ত কৰিবলৈ তদন্ত পেনেল গঠন কৰিছে । উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এছ চি দাসক সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ৷ অৱসৰপ্ৰাপ্ত ন্যায়িক বিষয়া বি কে কিলিকদাৰক সমিতিৰ সদস্য হিচাপে মনোনীত কৰা হৈছে ৷

তদন্ত পক্ৰিয়া সন্দৰ্ভত অধিক বিৱৰণ প্ৰদান কৰি নাথে কয়, গোচৰটোৰ সন্দৰ্ভত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ৷ দুজন তুৰ্কী আৰু দুজন বাংলাদেশৰ নাগৰিক ক্ৰমে হাকান জানবুৰ্কান, চেতাল আলডেমিৰ, মোঃ ৰফিকুল ইছলাম আৰু মোঃ হান্নান । তেওঁ লগতে কয়, তেওঁলোক সকলো এতিয়া কাৰাগাৰৰ জিম্মাত আছে । অৱশ্যে, আৰক্ষী বিভাগৰ সূত্ৰই জনোৱা মতে, এজন আত্মসমৰ্পণকাৰী উগ্ৰপন্থীসহ মুঠ ১০ জন লোকক আৰক্ষীয়ে অপৰাধীজনক পলায়নত সহায় কৰাৰ অভিযোগত জেৰাৰ কৰিছে ৷ বিশেষ সূত্ৰই জনোৱা মতে, তেওঁ ভাৰতৰ সীমা অতিক্ৰম কৰি বাংলাদেশৰ আস্তানাত আত্মগোপন কৰিছে ৷

লগতে পঢ়ক : চিলাৰ সূতাই ডিঙি কাটিলে ত্ৰিপুৰাৰ সাংবাদিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.