ETV Bharat / bharat

Flyover Collapsed in Hyderabad : হায়দৰাবাদত নিৰ্মীয়মান ফ্লাইঅভাৰ ভাঙি আহত ৯ - flyover collapsed in Sagar Ring Road in Hyderabad

প্ৰাৰম্ভিক তথ্য অনুসৰি, আহত শ্ৰমিকসকলৰ চাৰিজনৰ অৱস্থা বৰ্তমান সংকটজনক । যাৰ ফলত ঘটনাটোৰ ওপৰত উদ্বেগ বৃদ্ধি পাইছে । অৱশ্যে নিৰ্মাণৰত উৰণ সেঁতুখন কি কাৰণত ভাঙি পৰিল তাৰ প্ৰকৃত কাৰণ এই মুহূৰ্তত জানিব পৰা হোৱা নাই ।

Flyover Collapsed in Hyderabad
Flyover Collapsed in Hyderabad
author img

By

Published : Jun 21, 2023, 11:39 AM IST

Updated : Jun 21, 2023, 2:01 PM IST

নিউজ ডেস্ক, ২১ জুন : হায়দৰাবাদত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । হায়দৰাবাদৰ এলবি নগৰত এখন নিৰ্মীয়মাণ উৰণ সেঁতু বুধবাৰে পুৱতিনিশা হঠাতে খহি পৰে । এই দুৰ্ঘটনাৰ ফলত নিৰ্মাণকাৰ্যত জড়িত ৯ জন শ্ৰমিক গুৰুতৰভাৱে আহত হয় । পুৱা প্ৰায় ৩ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় । এই শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ সময়ত দুৰ্ঘটনাটোত ভুক্তভোগী কিছু শ্ৰমিক গভীৰ টোপনিত আছিল । যাৰ বাবে তেওঁলোকে দুৰ্ঘটনাটোৰ কোনো উমঘামেই নাপালে । উল্লেখ্য, হায়দৰাবাদৰ সাগৰ ৰিং ৰোডৰ চাৰিআলিত অৱস্থিত এই উৰণ সেঁতুখন ।

প্ৰাপ্ত তথ্য অনুসৰি, আঘাতপ্ৰাপ্ত ব্যক্তিসকল সেঁতুখনৰ নিৰ্মাণ শ্ৰমিক । তেওঁলোক বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে । ইফালে ঘটনাটোৰ খবৰ কৰ্তৃপক্ষই লাভ কৰাৰ পিছতে উদ্ধাৰকাৰী দলক ততাতৈয়াকৈ ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয় । তেওঁলোকে ভুক্তভোগীসকলক উদ্ধাৰ কৰিবলৈ আৰু জৰুৰীকালীন চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱাৰ বাবে দ্ৰুততাৰে কাম কৰে । এলবি নগৰৰ বিধায়ক সুধীৰ ৰেড্ডী আৰু জিএইচএমচি প্ৰকল্পৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে আৰু দুৰ্ঘটনাস্থলী নিৰীক্ষণ কৰিছে । পোক্লেইনৰ সহায়ত ধ্বংসাৱশেষ আঁতৰোৱা হয় ।

প্ৰাৰম্ভিক তথ্য অনুসৰি, আহত শ্ৰমিকসকলৰ চাৰিজনৰ অৱস্থা বৰ্তমান সংকটজনক । যাৰ ফলত ঘটনাটোৰ ওপৰত উদ্বেগ বৃদ্ধি পাইছে । অৱশ্যে নিৰ্মাণৰত উৰণ সেঁতুখন কি কাৰণত ভাঙি পৰিল তাৰ প্ৰকৃত কাৰণ এই মুহূৰ্তত জানিব পৰা হোৱা নাই । ঘটনাটোৰ তদন্ত আৰম্ভ হৈছে ।

আনহাতে, সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত এলবি নগৰৰ এচিপি শ্ৰীধৰ ৰেড্ডীয়ে কয়, "বুধবাৰে পুৱা প্ৰায় ৩.১০ বজাত এই ঘটনাটো সংঘটিত হয় । এটা স্তম্ভৰ পৰা আন এটা স্তম্ভৰ মাজত শ্লেব স্থাপন কৰা হৈছিল । অনুমান কৰা হৈছে যে শ্লেবসমূহ লগাওঁতে তাৰ ভাৰসাম্য ৰক্ষা কৰাৰ ব্যৱস্থা সঠিক নাছিল । আহত ৯ জন লোকৰ ভিতৰত উত্তৰ প্ৰদেশৰ ৰোহিতৰ অৱস্থা অধিক সংকটজনক । আমি ঘটনাটো সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছোঁ ।"

লগতে পঢ়ক :Religion Conversion Jihad : ধৰ্মান্তৰকৰণ জিহাদত থানেৰ পৰা নিৰুদ্দেশ ৫৩৫ মহিলা; বিজেপি নেতা আশিস শ্বেলাৰৰ অভিযোগ

Last Updated : Jun 21, 2023, 2:01 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.