ETV Bharat / bharat

Russia Ukraine Conflict : ২৪০ গৰাকী নাগৰিকৰ সৈতে হাংগেৰীৰ পৰা দিল্লীলৈ ৰাওনা এয়াৰ ইণ্ডিয়াৰ বিমান

author img

By

Published : Feb 27, 2022, 11:56 AM IST

ৰাছিয়া আৰু ইউক্ৰেইনৰ সংকটৰ মাজতে (Russia Ukraine Conflict) ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় লোকক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে । যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা এয়াৰ ইণ্ডিয়াৰ তিনিখন বিশেষ বিমানেৰে এতিয়ালৈ মুঠ 469 জন ভাৰতীয় নাগৰিকক দেশলৈ ঘূৰাই অনা হৈছে ৷

Flight with 240 Indian nationals takes off from Hungary for Delhi
এয়াৰ ইণ্ডিয়াৰ বিমান

নেশ্যনেল ডেস্ক, 27 ফেব্ৰুৱাৰী : হাংগেৰীৰ বুডাপেষ্টৰ (Third flight to Delhi from Hungry) ২৪০ জন ভাৰতীয় নাগৰিকক লৈ দেওবাৰে পুৱা নতুন দিল্লীলৈ ৰাওনা হয় এয়াৰ ইণ্ডিয়াৰ তৃতীয়খন বিমান (Flight with 240 Indian nationals takes off from Hungary) ৷

অপাৰেচন গংগাৰ অধীনত বুডাপেষ্টৰ পৰা ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰি স্বদেশলৈ ঘূৰাই অনা হৈছে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে দেওবাৰে পুৱা টুইটযোগে প্ৰকাশ কৰে এই কথা ।

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা এতিয়ালৈ মুঠ 469 জন ভাৰতীয় নাগৰিকক স্বদেশলৈ ঘূৰাই অনা হৈছে ৷ ইয়াৰে 250 জন দেওবাৰে পুৱা দিল্লীত আৰু 219 জন শনিবাৰে সন্ধিয়া মুম্বাইত উপস্থিত হয় । কিয়েভস্থিত ভাৰতীয় দূতাবাসে ৰাষ্ট্ৰখনৰ সীমান্তৱৰ্তী চেক পইণ্টৰ অতি সংবেদনশীল পৰিস্থিতিৰ কথা ব্যক্ত কৰি নাগৰিকসকলক স্থানান্তৰৰ বাবে চুবুৰীয়া দেশসমূহৰ দূতাবাসসমূহৰ সৈতে নিৰন্তৰভাৱে কাম কৰি থকাৰ কথা জানিবলৈ দিয়ে ।

ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা নাগৰিকসকলক সীমান্ত চকীসমূহৰ চৰকাৰী বিষয়াসকলৰ সৈতে সমন্বয় স্থাপন নকৰাকৈ সীমান্ত অতিক্ৰম নকৰাৰ পৰামৰ্শ দিয়া হৈছে । ইউক্ৰেইনৰ সংকটৰ ফলত ৰাষ্ট্ৰখনত আৱদ্ধ থকা ভাৰতীয় নাগৰিকসকলক উভতাই আনিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্দেশ দিছিল (Modi instructs to bring back Indians from Ukraine) ৷

ইয়াৰ পাছতেই শনিবাৰৰ বিয়লিৰ পৰা অপাৰেচন গংগাৰ অধীনত এয়াৰ ইণ্ডিয়াৰ বিমানযোগে ৰাষ্ট্ৰখনত আৱদ্ধ ভাৰতীয় লোকসকলক উদ্ধাৰৰ কাম অব্যাহত ৰখা হৈছে ৷

লগতে পঢ়ক : Russia Ukraine conflict : ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক ঘূৰাই অনাৰ নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.