ETV Bharat / bharat

অক্সিজেনৰ অভাৱত উত্তৰাখণ্ডত পুনৰ পাঁচগৰাকী কৰ'ণা আক্ৰান্তৰ মৃত্যু - পাঁচগৰাকী কৰ'ণা আক্ৰান্তৰ মৃত্যু

মঙলবাৰে পুৱতী নিশা উত্তৰাখণ্ডৰ হৰিদ্বাৰ জিলাৰ ৰুৰকীৰ এখন ব্যক্তিগত চিকিৎসালয়ত এগৰাকী মহিলাসহ পাঁচজন কোভিড-১৯ ৰোগীৰ প্ৰায় ৩০ মিনিটৰ ভিতৰত অক্সিজেনৰ অভাৱত কৰুণ মৃত্যুক আকোৱালি লয় ।

উত্তৰাখণ্ডত পুনৰ পাঁচগৰাকী কৰ'ণা আক্ৰান্তৰ মৃত্যু

author img

By

Published : May 5, 2021, 12:33 PM IST

নেশ্যনেল, 5 মে': কৰ'ণাৰ দ্বিতীয় সংহাৰে সমগ্ৰ দেশতে এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰাত স্তব্ধ হৈ পৰিছে জনজীৱন ৷ অক্সিজেনৰ অভাৱত প্ৰাণ হেৰুৱালে বহু আক্ৰান্তই ৷ দেশৰ মুখ্য চহৰ সমূহৰ লেখিয়াকৈ উত্তৰাখণ্ডতো এক প্ৰকাৰ অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে কাল কৰ'ণাই ৷

মঙলবাৰে পুৱতি নিশা উত্তৰাখণ্ডৰ হৰিদ্বাৰ জিলাৰ ৰুৰকীৰ এখন ব্যক্তিগত চিকিৎসালয়ত এগৰাকী মহিলাসহ পাঁচজন কোভিড-১৯ ৰোগীৰ প্ৰায় ৩০ মিনিটৰ ভিতৰত অক্সিজেনৰ অভাৱত কৰুণ মৃত্যুক আকোৱালি লয়।

চিকিৎসালয়খনৰ এগৰাকী চিকিৎসকে জনোৱা মতে, মঙলবাৰে পুৱতি নিশা অক্সিজেনৰ অভাৱত পাঁচ গৰাকী ৰোগীয়ে মৃত্যুক আকোৱালি লয় ৷ নিশা প্ৰায় 1.30 বজাৰ পৰা 2 বজাৰ ভিতৰত সংঘটিত হয় এই ঘটনাটো ৷ মৃত্যু হোৱা ৰোগীকেইজনৰ ভিতৰত এগৰাকী ভেণ্টিলেটৰৰ সহায়ত আছিল আৰু আন চাৰিগৰাকী আক্ৰান্ত অক্সিজেন বেডতে আছিলে ৷

উল্লেখ্য যে, হৰিদ্বাৰ জিলা দণ্ডাধীশ চি ৰবিশংকৰে বুধবাৰে কয় যে ইতিমধ্যে ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে ৷ ৰুৰকীৰ চৰকাৰী চিকিৎসালয়ৰ যুটীয়া মুখ্য চিকিৎসা অধীক্ষক আৰু দুজন চিকিৎসকক চিকিৎসালয়খনলৈ পঠোৱা হৈছে ৷

চিকিৎসালয়খনত অক্সিজেনৰ উপলব্ধতা, চাহিদা আৰু যোগানৰ অনুপাত আৰু তাত থকা ৰোগীৰ সংখ্যা সম্পৰ্কে এক সপ্তাহৰ ভিতৰত এক বিতং প্ৰতিবেদন দাখিল কৰিব তদন্তকাৰী দলটোৱে ৷

লগতে পঢ়ক: অধিক ভয়াৱহ হ’ব দেশৰ ক’ভিড পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.