ETV Bharat / bharat

UK PM Boris Johnson arrives in India : দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ব্ৰিটিছ প্ৰধানমন্ত্ৰী - গুজৰাটৰ আহমেদাবাদত বৰিছ জনছন

ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ দুদিনীয়া ভাৰত ভ্ৰমণ ৷ ইতিমধ্যে গুজৰাটৰ আহমেদাবাদত উপস্থিত হৈছে জনছন(UK PM Boris Johnson arrives in India) ৷ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বৃদ্ধি পোৱা গুৰুত্বৰ লগতে দুয়োখন দেশৰ দ্বি-পাক্ষিক সম্পৰ্ক বৃদ্ধি কৰিবলৈ তৎপৰ হৈ পৰিছে ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকী ৷

uk-pm-boris-johnson-arrives-in-india-for-two-day-visit
ভাৰতত উপস্থিত ব্ৰিটিছ প্ৰধানমন্ত্ৰী
author img

By

Published : Apr 21, 2022, 12:11 PM IST

নেশ্যনেল ডেস্ক, 21 এপ্ৰিল : দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে ভাৰতলৈ আহিছে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন(UK PM Boris Johnson arrives in India) ৷ প্ৰধানমন্ত্ৰীগৰাকী ইতিমধ্যে উপস্থিত হৈছে গুজৰাটৰ আহমেদাবাদত ৷ ভাৰত-প্ৰশান্ত মহাসাগৰত সহযোগিতা বৃদ্ধি, দুয়োখন দেশৰ মাজত মুক্ত বাণিজ্য চুক্তি (FTA) আদিৰ সন্দৰ্ভত আলোচনাত মিলিত হ’ব ব্ৰিটিছ প্ৰধানমন্ত্ৰী জনছন ৷

জনছনে আহমেদাবাদৰ পৰা ভ্ৰমণৰ কাৰ্যসূচী আৰম্ভ কৰে ৷ এই সময়চোৱাত তেওঁ দেশৰ আগশাৰীৰ ব্যৱসায়িক গোটসমূহৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলক সাক্ষাৎ কৰাৰ কথা আছে ৷ এই বৈঠকত দুয়োখন দেশৰে বাণিজ্যিক, বাণিজ্যৰ সম্প্ৰসাৰ আৰু জনসাধাৰণৰ সৈতে সম্পৰ্ক স্থাপন আদি বিষয় সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে এগৰাকী ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে দেশৰ পঞ্চমখন বৃহত্তৰ ৰাজ্য গুজৰাট ভ্ৰমণ কৰিব ৷ শুকুৰবাৰে পুৱা জনছনে নতুন দিল্লীস্থিত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ৷ ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব ৷ প্ৰধানমন্ত্ৰী দুগৰাকীয়ে দুয়োখন দেশৰে প্ৰতিৰক্ষা, কূটনৈতিক আৰু অৰ্থনৈতিক অংশীদাৰিত্ব সন্দৰ্ভত এক বৈঠকত মিলিত হ’ব ৷

বৰিছ জনছনে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতেও আলোচনাত মিলিত হ’ব ৷ ইয়াৰ পিছতে দুপৰীয়া প্ৰায় 1 বজাত দুয়োপক্ষই হায়দৰাবাদ হাউছত এক সংবাদমেল সম্বোধন কৰিব । ব্ৰিটিছ উচ্চায়ুক্তৰ এক বিবৃতি অনুসৰি, জনছনে চলিত বছৰৰ আৰম্ভণিতে আৰম্ভ কৰা মুক্ত বাণিজ্য চুক্তি (FTA) আলোচনাত অগ্ৰগতি লাভৰ উদ্দেশ্যে এই ভ্ৰমণৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

বিগত বৰ্ষত জনছন আৰু প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰত-বৃটেইনৰ মাজত এক চুক্তি স্বাক্ষৰৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল ৷ তদুপৰি দুয়ো দেশৰ বাণিজ্যিক সম্প্ৰসাৰণৰ হকে বৃটেইনত ৫৩০ নিযুত পাউণ্ডতকৈও অধিক বিনিয়োগৰ কথা ঘোষণা কৰিছিল ৷ ২০২১ চনৰ ইণ্টিগ্ৰেটেড ৰিভিউত ভাৰতক বৃটেইনৰ বাবে এক অগ্ৰাধিকাৰ সম্পৰ্ক হিচাপে চিনাক্ত কৰা হৈছিল আৰু যোৱা বছৰৰ জি-৭ লৈ অতিথি হিচাপে বৃটেইনৰ দ্বাৰা আমন্ত্ৰিত হৈছিল ৷

সূত্ৰ অনুসৰি, দুয়োখন দেশৰ মাজত তৃতীয় পৰ্যায়ৰ আলোচনা এপ্ৰিলৰ মাজভাগত আৰম্ভ হ'ব ৷ ২০৩০ চনৰ ভিতৰত দুয়োখন দেশে দ্বি-পাক্ষিক বাণিজ্যৰ ক্ষেত্ৰত নিৰ্ধাৰিত সীমা দুগুণ বিস্তাৰ কৰিবলৈ আগ্ৰহী হৈ পৰিছে ৷

লগতে চাওক: জেৰুজালেমৰ আল-আকছা মছজিদ চৌহদক লৈ পুনৰ ইজৰাইল-পেলেষ্টানৰ ভয়াৱহ সংঘাত !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.