ETV Bharat / bharat

UGC NET 2022: ইউজিচি-নেট দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা স্থগিত

author img

By

Published : Aug 8, 2022, 8:29 PM IST

সাময়িকভাৱে স্থগিত ৰখা হৈছে ইউজিচি-নেট দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা(UGC-NET second phase examination postponed) ৷ অৱশ্যে প্ৰাৰ্থীসকলে অনলাইনযোগে ডাউনলোড কৰিব পাৰিব ইউজিচি নেট 2022 ৰ এডমিট কাৰ্ড(UGC NET 2022 Admit Card) ৷

UGC NET 2022
ইউজিচি-নেট দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা স্থগিত

নিউজ ডেস্ক, 8 আগষ্ট: ইউজিচি-নেটৰ দ্বিতীয় পৰ্যায় পৰীক্ষা সাময়িকভাৱে স্থগিত ৰখা হৈছে (UGC-NET second phase examination postponed) ৷ ইউজিচিৰ অধ্যক্ষ এম জগদেশ কুমাৰে(UGC chairman M Jagadesh Kumar) সদৰি কৰিছে এই তথ্য । ইউজিচিৰ অধ্যক্ষগৰাকীয়ে সদৰি কৰা অনুসৰি 20 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা ৷

ইয়াৰ পূৰ্বে, 12 আগষ্টৰ পৰা 14 আগষ্টলৈ এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল । অৱশ্যে ইউজিচি-নেটৰ দ্বিতীয় পৰ্যায় পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা প্ৰাৰ্থীসকলে অনলাইন যোগে ইউজিচি নেট 2022 ৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব(UGC NET 2022 Admit Card) ৷

ইউজিচিৰ অধ্যক্ষ এম জগদেশ কুমাৰে সদৰি কৰা অনুসৰি, ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই দেশৰ 225 খন চহৰত অৱস্থিত 310 টা পৰীক্ষা কেন্দ্ৰত 33 টা বিষয়ৰ বাবে চলিত বৰ্ষৰ 9, 11 আৰু 12 জুলাই ইউজিচি-নেট 2021 ডিচেম্বৰ আৰু 2022 জুনৰ(একত্ৰিত চক্ৰ) প্ৰথম পৰ্যায়ৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিছিল ।

দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা পূৰ্বে 2022 চনৰ 12, 13 আৰু 14 আগষ্টত অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু এতিয়া ইউজিচি-নেট 2021 ডিচেম্বৰ আৰু 2022 জুন(একত্ৰিত চক্ৰ)ৰ চূড়ান্ত পৰ্যায়ৰ পৰীক্ষা 20 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰ 2022ৰ ভিতৰত অনুষ্ঠিত হ'ব ৷ ইয়াত মুঠ 64 টা বিষয় অন্তৰ্ভুক্ত থাকিব বুলি ইউজিচিৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ISRO's maiden SSLV rocket: ইছৰোৰ প্ৰথম এছএছএলভি ৰকেটে হেৰুৱাইছে তথ্য়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.