নেশ্যনেল ডেস্ক,৩ অক্টোবৰ : তিহাৰ জেলৰ ভিতৰত কাৰাবন্দীৰ মাজত সংঘৰ্ষ অব্যাহত আছে । শনিবাৰে পুনৰ এজন কয়দীৰ আক্ৰমণত আহত হয় আন দুজন কয়দী । চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কয়দী দুজন । তেওঁলোকৰ ভিতৰৰ এজনক দীন দয়াল উপাধ্যায় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
তিহাৰৰ জেলৰ ভিতৰত আক্ৰমণৰ এয়া প্ৰথম ঘটনা নহয় । যোৱা দুটা মাহত তিহাৰ জেলত এনে ধৰণৰ এক ডজনৰো অধিক ঘটনা সংঘটিত হৈছে । যোৱা আগষ্ট মাহত এজন কয়দীৰ মৃতদেহ ৩ নম্বৰ কাৰাগাৰত পোৱা গৈছিল ।
আৰক্ষীৰ সূত্ৰ অনুসৰি, অংকিত নামৰ মৃত কয়দীজনৰ শৰীৰত যথেষ্ট পৰিমাণৰ আঘাতৰ চিন পোৱা গৈছিল । যাৰ বাবে কয়দীজনক হত্যাৰ সন্দেহ কৰা হৈছিল । ঘটনাটোৰ পাছতে কাৰাগাৰৰ এজন উপ-অধীক্ষককে ধৰি চাৰিজন লোকৰ বিৰুদ্ধে হৰি নগৰ আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰা হৈছিল ।
ইফালে ১২ আৰু ১৩ ছেপ্টেম্বৰৰ দুটা পৃথক ঘটনাত একাংশ কয়দীৰ আক্ৰমণত তিহাৰৰ দুজনকৈ কয়দী আঘাতপ্ৰাপ্ত হৈছিল । পুনৰ ১৮ ছেপ্টেম্বৰত দুগৰাকী কয়দীয়ে তীক্ষ্ণ সামগ্ৰীৰে পৰস্পৰে আক্ৰমণ কৰাৰ ফলত দুয়োজনে আঘাতপ্ৰাপ্ত হৈছিল । ১১ ছেপ্টেম্বৰটো অনুৰূপ ঘটনা সংঘটিত হৈছিল তিহাৰ জেলৰ ভিতৰত ।