ETV Bharat / bharat

উত্তৰ প্ৰদেশত সোণৰ বিস্কুটৰ সৈতে দুই ৰোহিংগীয়াক আটক

author img

By

Published : Jun 18, 2021, 10:38 PM IST

আলিগড়ৰ কোতৱালী আৰক্ষী থানাৰ অন্তৰ্গত মাকদুমনগৰ অঞ্চলত সোণৰ বিস্কুটৰ সৈতে দুজন ৰোহিংগীয়াক আটক । আটকাধীন লোক দুজন মহম্মদ ৰফিক আৰু মহম্মদ আমিন বুলি চিনাক্ত কৰা হয় ।

Two Rohingyas held with gold biscuits in UP
উত্তৰ প্ৰদেশত সোণৰ বিস্কুটৰ সৈতে দুজন ৰহিংগীয়াক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, 18 জুন : উত্তৰ প্ৰদেশৰ সন্ত্ৰাসবাদী বিৰোধী দলে (ইউপিএটিএছ) আলিগড়ৰ কোতৱালী আৰক্ষী থানাৰ অন্তৰ্গত মাকদুমনগৰ অঞ্চলৰ পৰা মহম্মদ ৰফিক আৰু মহম্মদ আমিন নামৰ দুজন ৰহিংগীয়াক গ্ৰেপ্তাৰ কৰা হয় । আটকাধীন লোক দুজনৰ পৰা ভাৰতত বাস কৰা জাল নথিপত্ৰ জব্দ কৰে ৷

এটিএছ দলটোৱে গ্ৰেপ্তাৰ কৰা লোকদুজনৰ পৰা ছটা সোণৰ বিস্কুট, আধাৰ কাৰ্ড আৰু ইউএনএইচচিআৰ কাৰ্ড উদ্ধাৰ কৰে । বিগত সপ্তাহত গাজিয়াবাদত গ্ৰেপ্তাৰ হোৱা এজন নুৰ আলম আৰু আমিৰ হুছেইনে দিয়া গোপন সূত্ৰৰ ভিত্তিত এটিএছে দুয়োকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

এটিএছ সূত্ৰই সদৰি কৰা অনুসৰি গ্ৰেপ্তাৰ কৰা লোকসকল বিভিন্ন মাধ্যমৰ জৰিয়তে আন ৰহিংগীয়াসকলক দেশত প্ৰৱেশ কৰাত সহায় কৰিছিল । উক্ত অভিযানটোৰ নেতৃত্ব দিয়া এটিএছৰ আৰক্ষী মহা পৰিদৰ্শক জি কে গোস্বামীয়ে কয় যে, প্ৰথমবাৰৰ বাবে ৰহিংগীয়াসকলক ১০০ গ্ৰাম ওজনৰ ছয়টা সোণৰ বিস্কুটৰ সৈতে ধৰা পৰিছে ।

লগতে পঢ়ক : সপোন হৈ ৰ’ব নেইমাৰ জুনিয়ৰৰ টকিঅ’ অলিম্পিক যাত্ৰা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.