ETV Bharat / bharat

Two people with Chinese pistol arrested : চীনত নিৰ্মিত পিষ্টলৰ সৈতে জম্মু-কাশ্মীৰত আটক দুই - জম্মুৰ বিমানবন্দৰৰ সমীপত পিষ্টলৰ সৈতে দুজন লোকক কৰায়ত্ত

জম্মু-কাশ্মীৰ আৰক্ষীয়ে সোমবাৰে জম্মুৰ বিমানবন্দৰৰ সমীপত পিষ্টলৰ সৈতে দুজন লোকক কৰায়ত্ত (Two people with Chinese pistol arrested) কৰে ৷ ঘটনা সন্দৰ্ভত সাতৱাৰী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৫৩/৩৪ নং ধাৰাত ৭/২৫ অস্ত্ৰ আইনৰ অধীনত ২৮২/২০২১ নম্বৰত এটি গোচৰ ৰুজু কৰা হৈছে ৷

two-people-with-chinese-pistol-arrested-near-jammu-airport
জম্মু-কাশ্মীৰত পুনৰ উদ্ধাৰ মাৰাণাস্ত্ৰ
author img

By

Published : Dec 14, 2021, 12:08 PM IST

নেশ্যনেল ডেস্ক, 14 ডিচেম্বৰ : সোমবাৰে জম্মুৰ বিমানবন্দৰৰ সমীপত পিষ্টলৰ সৈতে দুজন লোকক কৰায়ত্ত (Two people with Chinese pistol arrested) কৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৷ আৰক্ষীৰ মুখপাত্ৰই সদৰী কৰা অনুসৰি, জম্মু বিমানবন্দৰৰ ওচৰত তহল দি থকা অৱস্থাত লোক দুজনক কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ আৰক্ষী পৰিদৰ্শক দীপক জাচৰোটিয়াৰ নেতৃত্বত এটা দলে সাতৱাৰী থানাৰ অন্তৰ্গত এটি এলেকাত পথৰ সমীপত ৰখাই থোৱা JK 02 CE ৫৩৬০ নম্বৰৰ এখন বিলাসী বাহন প্ৰত্যক্ষ কৰে ৷

আৰক্ষীৰ দলটোৱে বাহনখন দেখি সন্দেহ ওপজাত সমীপলৈ আহি বাহনখনত থকা লোকসকলক সোধ-পোছ কৰে ৷ আৰক্ষীৰ দলটোক দেখা মাত্ৰকে লোককেইজনে পৰিস্থিতি উত্তপ্ত কৰি তুলি আৰক্ষীৰ দলটোক আক্ৰমণ কৰিবলৈ ধৰে ৷

আৰক্ষীয়ে উক্ত বাহনখনত তালাচী চলাই উদ্ধাৰ কৰে এটা চীনত নিৰ্মিত পিষ্টল ৷ যিটো উক্ত অঞ্চলত অপৰাধমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ বাবে দলটোৱে কঢ়িয়াই ফুৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সাতৱাৰী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৫৩/৩৪ নং ধাৰাত ৭/২৫ অস্ত্ৰ আইনৰ অধীনত ২৮২/২০২১ নম্বৰত এটি গোচৰ ৰুজু কৰে ৷

আৰক্ষীয়ে দলটোৰ ৰণদীপ সিং আৰু লৱজ্যোত সিং নামৰ দুজন লোকক কৰায়ত্ত কৰে যদিও বাকীসকলে এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ আটকাধীন দুয়োগৰাকী ব্যক্তি জম্মুৰ নানক নগৰৰ বাসিন্দা ৷ আৰক্ষীয়ে দলটোৱে ব্যৱহাৰ কৰা বাহনখন জব্দ কৰি পলাতক সদস্য কেইজনৰ সন্ধানত ইতিমধ্যে আৰম্ভ কৰিছে অভিযান ৷

লগতে পঢ়ক : Militant attack in Srinagar : অচিনাক্ত বন্দুকধাৰীৰ গুলীবৰ্ষণত আহত 14 গৰাকী আৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.