নেশ্যনেল ডেস্ক, 16 এপ্ৰিল : ৰাজস্থানৰ জয়পুৰৰ ৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক অঘটন ৷ এখন ৰখাই থোৱা ট্ৰাকৰ সৈতে আন এখন কয়লা ভৰ্তি ট্ৰাকৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷ যাৰ ফলত দুজন লোক জীৱন্তে অগ্নিদগ্ধ হোৱাৰ লগতে আন এজন লোক গুৰুতৰ ভাৱে আহত হয় ।
প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খন ঋষভদেৱ অভিমুখে গৈ আছিল ৷ প্ৰত্যক্ষদৰ্শীৰ মতে, ট্ৰাকখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ থকা ট্ৰাক খনত খুন্দা মৰাৰ পাছতে ট্ৰাকখনত কয়লা থকাৰ বাবে জুইৰ সূত্ৰপাত ঘটে ৷ যাৰ ফলত বাহনখন সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ পৰৱৰ্তী সময়ত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, আৰক্ষীয়ে ক্ষতিগ্ৰস্ত বাহনখন জব্দ কৰাৰ লগতে মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । কিন্তু বৰ্তমানেও মৃত ব্যক্তি কেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই ।
লগতে পঢ়ক: কুম্ভ মেলাঃ চৰকাৰে কৰা ব্যৱস্থাক লৈ অসন্তুষ্ট স্বামী শিৱানন্দ সৰস্বতী